নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিআইপিৰ ৰাজপথতে অবৈধ ট্ৰাক পার্কিং

ধানী ধৰম কাটাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ আহ্বান

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ মহানগৰীৰ আজাৰা থানাৰ অন্তর্গত ভি আই পিত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দদাতিতে থকা ধানী ধৰম কাটালৈ অহা শ শ ট্ৰাকে ব্যাপক যান–জঁট সৃষ্টি কৰা ঘটনাই তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ভি আই পিৰ উৰণীয়া সেতুৰ সমীপত কিছুদিন পূর্বে স্থাপন কৰা হৈছে ধানী ধৰম কাটা নামৰ ট্ৰাকে ওজন কৰা এটা ষ্টেচন৷ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিতে থকা এইটো কাটালৈ ওজন জোখাৰ বাবে দৈনিক আহে ডেৰশ–দুশ ট্ৰাক৷ কাটাটোৰ পৰিসৰ অতি ঠেক হোৱা বাবে ট্ৰাকসমূহ পথৰ ওপৰতে ৰখাই থোৱাৰ লগতে সঘনাই ওলোৱা–সোমোৱা কৰি থাকে৷ যাৰবাবে ব্যস্ত পথছোৱাত দিনৰ দিনটো সৃষ্টি হয় তীব্র যান–জঁট৷

উল্লেখ্য যে উক্ত কাটাৰ কিছুদূৰতে আছে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ৷ অতি ব্যস্ত বিমানবন্দৰটোলৈ দৈনিক অসংখ্য যান–বাহনৰ চলাচল হয়৷ বিমানবন্দৰলৈ সোমোৱা পথৰ দাঁতিতে থকা ধানী ধৰম কাটাটো থকা বাবে সৃষ্টি হোৱা যান–জঁটৰ প্রভাৱ বিমানবন্দৰলৈ অহা–যোৱা বাহনৰ ওপৰতো পৰিছে৷ উল্লেখনীয় যে এই সন্দর্ভত কিছুসংখ্যক নাগৰিকে বিষয়টো আজাৰা যান–বাহন আৰক্ষীক অৱগত কৰিছে যদিও আজাৰা যান–বাহন আৰক্ষীয়ে বিষয়টো সন্দর্ভত ৰহস্যজনকভাৱে মৌন হৈ আছে৷ স্থানীয় সচেতন লোকসকলে এই সন্দর্ভত শীঘ্রে বিহিত ব্যৱস্থা ল’বলৈ বিভাগীয় কর্তৃপক্ষক দাবী জনাইছে৷

You might also like