নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জু–ৰোডত দুপৰ নিশালৈ মাতাল যুৱক–যুৱতীৰ উদ্ভণ্ডালি

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ ক’ভিড–১৯ৰ এই জটিল পৰিস্থিতিৰ সময়তো নীতি–নির্দেশনা উলংঘাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা বাৰ–ৰেষ্টুৰেণ্টসমূহ্ দুপৰ নিশালৈকে খুলি ৰখাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

অভিযোগ অনুসৰি স্থানীয় আৰক্ষী আৰু আবকাৰী বিভাগৰ অসাধু বিষয়া–কর্মচাৰীৰে গোপন বুজাবুজি কৰি বাৰ–ৰেষ্টুৰেণ্টসমূহ্ দুপৰ নিশালৈকে খুলি অঞ্চল বিশেষে পৰিৱেশ বিনষ্ট কৰি আহিছে৷ শেহতীয়াকৈ আৰক্ষী প্রশাসনৰ নীতি–নির্দেশনা উলংঘাৰে জু–ৰোডৰ ক্রিষ্টেল বাৰ দুপৰ নিশালৈকে খুলি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে৷ জু–ৰোডৰ ক্রিষ্টেল বাৰত সুৰাপান কৰি একাংশ মাতাল যুৱক–যুৱতীয়ে বিগত প্রায় এমাহ ধৰি জু–ৰোড তিনিআলিত মাজনিশা এক অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে৷ কেৱল ক্রিষ্টেল বাৰতেই নহয় বাৰৰ সমীপতো একাংশ যুৱক–যুৱতীয়ে মুকলিকৈ সুৰাপান কৰি অহা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ টহলদাৰী আৰক্ষীৰ সন্মুখতে এই যুৱক–যুৱতীসকলে সুৰাপান কৰি অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি অহাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷

আৰক্ষী আৰু আবকাৰী বিভাগৰ বিষয়া–কর্মচাৰীৰে থকা গোপন বুজাবুজিৰ বাবে এনেদৰে দুপৰ নিশালৈকে ক্রিষ্টেল বাৰ খুলি ব্যৱসায় চলাই আহিছে৷ ইয়াৰ উপৰি জু–ৰোডৰ আনবক্স নামৰ ৰেষ্টুৰেণ্টখনো দুপৰ নিশালৈকে খুলি ৰখাৰ সুযোগ লৈ একাংশ যুৱক–যুৱতীয়ে ৰেষ্টুৰেণ্টখনক মুকলি বাৰত পৰিণত কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ নীতি–নির্দেশনা উলংঘাৰে ব্যৱসায় চলাই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰা ক্রিষ্টেল বাৰ আৰু আনবক্স ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে জিলা উপায়ুক্তক শীঘ্রে ব্যৱস্থা গ্রহণ কৰিবলৈ অঞ্চলবাসী ৰাইজে আহ্বান জনাইছে৷

You might also like