নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়া ক্লাবত গাড়ীৰ গ্লাছ ভাঙি দুর্বৃত্তই লুটিলে ৫০ হাজাৰ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ গুৱাহাটীৰ ইণ্ডিয়া ক্লাবৰ ভিতৰৰ পৰা কালি বিয়লি প্রায় ৫.৩০ বজাত গাড়ীৰ গ্লাছ ভাঙি দুর্বৃত্তই ৫০ হাজাৰ টকা লুট কৰি নিয়ে৷ ইণ্ডিয়া ক্লাবৰ গেষ্ট মেম্বাৰ প্রমোদ সিংহানীয়াই কালি বিয়লি ক্লাবলৈ আহিছিল৷ গাড়ীখন ক্লাবৰ ভিতৰত পার্কিং কৰি ভিতৰলৈ যোৱাৰ সময়তে এটা দুর্বৃত্তই গাড়ীখনৰ গ্লাছ ভাঙি টকাভর্তি বেগটো লৈ যায়৷ বেগটোত বহু গুৰুত্বপূর্ণ নথি–পত্র আছিল৷ ঘটনা সন্দর্ভত ইণ্ডিয়া ক্লাবৰ সাধাৰণ সম্পাদক বিশ্বদীপ বৰাই পাণবজাৰ থানাত এটা গোচৰ ৰুজু কৰে৷ ইণ্ডিয়া ক্লাবৰ চিচি টিভি কেমেৰাত বাইক লৈ অহা ৪টা দুর্বৃত্তই প্রমোদ সিংহানীয়াক অনুসৰণ কৰা আৰু গাড়ীৰ গ্লাছ ভঙা দৃশ্য বন্দী হৈছে৷ অৱশ্যে আজি জি এম চি এইচৰ সমীপত সিংহানীয়াৰ নথি–পত্রসহ বেগটো উদ্ধাৰ হয়৷

You might also like