নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকল নাৰেংগী–ছয়মাইল পথৰ ষ্ট্রীটলাইট

পৌৰ নিগমৰ হেমাহিত ৰাজকোষৰ ৬ কোটি অপব্যয়

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমৰ অদূৰদর্শিতাৰ বাবে পানীত পৰিল ৰাজকোষৰ ৬ কোটিৰো অধিক ধন৷ নাৰেংগীৰ পৰা ছয়মাইললৈকে ৰাজপথত ৬ কোটি টকা ব্যয়েৰে ষ্ট্রীটলাইট স্থাপন কৰা হৈছিল৷ কিন্তু এই ষ্ট্রীটলাইটসমূহ বিগত ৩ বছৰ ধৰি অচল হৈ আছে৷ উল্লেখ্য যে ২০১৬ চনৰ মার্চ মাহৰ ১ তাৰিখে উদ্বোধন কৰিছিল৷ কিন্তু উদ্বোধনৰ এমাহৰ পিছৰে পৰা বর্তমানলৈকে বিকল হৈ আছে এই ষ্ট্রীটলাইটসমূহ৷ লাইটসমূহ স্থাপনৰ পিছতে অচল হৈ থকা তিনিটা বছৰ উকলি যোৱাৰ পিছতো এইসমূহ লাইটৰ মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ বিকল ষ্ট্রীটলাইটৰ বাবে মঠঘৰীয়াৰ পৰা ছয়মাইল পর্যন্ত সদাব্যস্ত পথটো গধূলি হ’লেই ডুব যায় অন্ধকাৰত৷ ফলত পথছোৱাত বৃদ্ধি পাইছে দুর্ঘটনা৷ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷ অন্ধকাৰৰ সুযোগ লৈ গধূলি চেইন টনা, নিচা খাই মহিলাক অশ্লীল মন্তব্য কৰাৰ দৰে নানা অনৈতিক কার্যকলাপ সংঘটিত হৈ আহিছে৷ কিন্তু ইমানৰ পিছতো নির্বিকাৰ চৰকাৰ৷ নিদ্রাত গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষ৷ যাৰ বাবে এতিয়া দুর্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ পথচাৰীয়ে৷ এতিয়া প্রশ্ণ হয়, কেইবা কোটি টকা ব্যয়সাপেক্ষে ৰাইজৰ সুবিধার্থে স্থাপন কৰা এই ষ্ট্রীটলাইটসমূহ এনেদৰেই অচল হৈ থাকিব নেকি? সাধাৰণ জনতাৰ অসুবিধাৰ প্রতি লক্ষ্য ৰাখি বিভাগীয় কর্তৃপক্ষই এই বিকল লাইটসমূহ পুনৰ কার্যক্ষম কৰাৰ বাবে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like