নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ১৮ দিনত ১২,৬৬১জন আক্রান্ত

নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো উদ্বেগজনকভাৱে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ক’ভিডৰ ভয়াৱহ সংক্রমণৰ পাছতো একাংশ অসচেতন লোকে মাস্ক পৰিধান নকৰাকৈ ওলোৱা–সোমোৱা কৰি থকাৰ লগতে ক’ভিড বিধি উলংঘা কৰাত মহানগৰীত ভয়াৱহভাৱে ক’ভিডৰ সংক্রমণ বৃদ্ধি পাইছে৷ বিগত ১৮টা দিনত গুৱাহাটী মহানগৰীত মুঠ ১২,৬৬১জন লোক ক’ভিডত আক্রান্ত হৈছে৷ ক’ৰোনাৰ এই ভয়াৱহ সংক্রমণৰ মাজতো মহানগৰীৰ একাংশ বিদ্যালয়ে অব্যাহত ৰাখিছে পাঠদান৷ বিদ্যালয় কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে এতিয়া একাংশ আগশাৰীৰ বিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থী আৰু অভিভাৱকে ক’ভিড–১৯ৰ ভয়াৱহতাক লৈ চিন্তিত হৈ পৰিছে৷ মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুল গ্রামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৩০জনকৈ শিক্ষক–কর্মচাৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ বিদ্যালয়খনৰ মুঠ ১৪৪জন শিক্ষক–কর্মচাৰী ক’ভিড পৰীক্ষা কৰাত ২২গৰাকী শিক্ষক আৰু ৮গৰাকী কর্মচাৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ ইয়াৰ পাছতে বিদ্যালয়খনৰ শিক্ষক, শিক্ষার্থী আৰু অভিভাৱকসকলৰ মাজত ক’ভিডৰ আতংকই বিৰাজ কৰিছে৷

উল্লেখ্য যে ৪ দিন পূর্বে বিদ্যালয়খনৰ ৮গৰাকী কর্মচাৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল৷ ইয়াৰ পাছতো বিদ্যালয় কর্তৃপক্ষই নৱম আৰু দশম শ্রেণীৰ পাঠদান অফলাইনত অব্যাহত ৰাখিছিল৷ অভিভাৱকৰ অভিযোগৰ পাছতে আজি স্বাস্থ্য বিভাগৰ এটা দল বিদ্যালয়খনত উপস্থিত হৈ শিক্ষক–কর্মচাৰীসক্ ক’ভিড পৰীক্ষা কৰাৰ পাছতেই ক’ভিডত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহে৷ ইয়াৰ পাছতে জিলা প্রশাসনে অনির্দিষ্টকাললৈ বিদ্যালয়খনৰ পাঠদান বন্ধ কৰি দিয়ে৷ ইফালে, পশ্চিম গুৱাহাটী মহাবিদ্যালয়তো ৪জনকৈ শিক্ষকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ ইয়াৰ উপৰি কেইবাজনো শিক্ষক আৰু কর্মচাৰী জ্বৰ–কাহত ভুগি থকা বুলি জানিব পৰা গৈছে৷ অহা ২০ জানুৱাৰীৰ পৰা মহাবিদ্যালয়খনত পাঠদান প্রক্রিয়া আৰম্ভ হ’ব৷ সেয়েহে মহাবিদ্যালয়খনৰ আন আন শিক্ষক–কর্মচাৰীকো ক’ভিড টেষ্ট কৰাবলৈ জিলা প্রশাসনক আহ্বান জনাইছে অঞ্চলটোৰ সচেতন লোকসকলে৷ উল্লেখ্য যে আজি গুৱাহাটী মহানগৰীত সর্বাধিক ১৯৯৬গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ পহিলা জানুৱাৰীৰ পৰা আজিৰ তাৰিখলৈকে গড় হিচাপত প্রতিদিনে ৭০৩ জনকৈ লোক ক’ভিডত আক্রান্ত হৈছে৷ স্বাস্থ্য বিভাগে প্রকাশ কৰা তথ্য অনুসৰি পহিলা জানুৱাৰীত ৭৬, ২ জানুৱাৰীত ৭৮, ৩ জানুৱাৰীত ১৬৪, ৪ জানুৱাৰীত ১৯০, ৫ জানুৱাৰীত ২৭৯, ৬ জানুৱাৰীত ৩৬৯, ৭ জানুৱাৰীত ৫১৭, ৮ জানুৱাৰীত ৪৭২, ৯ জানুৱাৰীত ৪৯০ আৰু ১০ জানুৱাৰীত ৭৬০জন, ১১ জানুৱাৰীত ৮৭০, ১২ জানুৱাৰীত ১১৩৮, ১৩ জানুৱাৰীত ১০৭০, ১৪ জানুৱাৰীত ৮৭০, ১৫ জানুৱাৰীত ৯১৯, ১৬ জানুৱাৰীত ৯১২, ১৭ জানুৱাৰীত ১৪৯১ আৰু ১৮ জানুৱাৰীত ১৯৯৬গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷

You might also like