নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনা ফ্রাংকক নাজিৰ হাতত গতাই দিছিল ইহুদী নেতাই

নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ আনেলিছ মেৰী ‘আনা’ ফ্রাংকৰ ডায়েৰীৰ কথা বিশ্বৰ সকলোৰে বাবে পৰিচিত৷ নাজিৰ মৃত্যু শিবিৰত প্রাণ হেৰুওৱা ইহুদী কিশোৰী আনা ফ্রাংকক বিশ্বজুৰি এন ফ্রাংক হিচাপেও জনা যায়৷ কেনেদৰে নাজিৰ হাতত ধৰা পৰিছিল জনপ্রিয় ডায়েৰী লিখা এই ইহুদী কিশোৰীগৰাকী তথা তেওঁৰ পৰিয়াল– তাক লৈ আজিও অব্যাহত আছে তদন্ত৷ সুদীর্ঘ ৭৭ বছৰ পিছত এক তদন্তত পোহৰলৈ আহিছে অন্য তথ্য৷ কুখ্যাত নাজিৰ হাতত আনা ফ্রাংক আৰু তেওঁৰ পৰিয়ালক গতাই দিছিল তেওঁলোকক আশ্রয় দিয়া এগৰাকী ইহুদী নেতাই৷ এই ইহুদী নেতাগৰাকীয়ে বিশ্বাসঘাতকতা কৰিছিল আনা ফ্রাংকৰ পৰিয়ালক৷ ১৯৪৫ চনত নাজিৰ মৃত্যু শিবিৰত প্রাণ হেৰুৱাইছিল ১৫ বছৰীয়া আনা ফ্রাংকে৷ মৃত্যুৰ পিছত প্রকাশ পাইছিল ফ্রাংকৰ হূদয়স্পর্শী ডায়েৰী৷ বিশ্বৰ ভিতৰত লেনিনৰ গ্রন্থসমূহৰ পিছত আটাইতকৈ বেছি ভাষা লৈ অনূদিত গ্রন্থ হিচাপে চিহ্ণিত হৈছিল আনা ফ্রাংকৰ ডায়েৰী৷ নাজিৰ অপশাসনত ইহুদীসকলৰ জীৱন কেনে যন্ত্রণাদায়ক আছিল এই কথা ফ্রাংকৰ ডায়েৰী পঢ়িলে অনুভৱ কৰিব পাৰি৷ শেহতীয়াকৈ এফ বি আইৰ প্রাক্তন বিষয়া এগৰাকীৰ নেতৃত্বত চলা তদন্তত উল্লেখ কৰা হৈছে যে নেডাৰলেণ্ডৰ আমষ্টাৰড’মৰ ইহুদী পৰিষদৰ সদস্য আর্নল্ড ভান ডেন বার্গে নিজৰ পৰিয়ালক নাজিৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ আনা ফ্রাংকৰ পৰিয়ালৰ ঠিকনা প্রকাশ কৰিছিল৷ অর্থাৎ নাজিক ফ্রাংকৰ পৰিয়ালে আত্মগোপন কৰি থকা স্থানৰ ঠিকনা দিছিল এই ইহুদী নেতাজনে৷

You might also like