নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমানবন্দৰত ‘প্রণাম’ সেৱা মুকলি

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ কাম–কাজ ২৪ ঘণ্টাই অব্যাহত থাকিব৷ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানকোঠৰ নতুন পৰিচালনা প্রতিষ্ঠান জিআইএএলে জানিবলৈ দিয়া মতে, ক’ভিডকালৰ পিছত বিমানৰ সংখ্যা আৰু বিমানযাত্রীৰ বৃদ্ধিৰ হাৰ এক উৎসাহজনক ৰূপত বৃদ্ধি পোৱাৰ উপৰি অদূৰ ভৱিষ্যতে শক্তিশালী ৰূপত বৃদ্ধি হোৱাৰ ইংগিত বহন কৰিছে৷ বিমানকোঠৰ ক’ভিড নিয়ন্ত্রণ কক্ষৰ নিৰীক্ষণ অনুসৰি, বিগত নৱেম্বৰ মাহত যাত্রীসকলৰ ক্ষেত্রত ক’ভিডমুক্তৰ হাৰ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে৷ নৱেম্বৰ মাহত প্রকাশ পোৱা তথ্য অনুসৰি, বিমানৰ সংখ্যা প্রাক্–ক’ভিড কালৰ তুলনাত ৮৭ শতাংশলৈ আৰু যাত্রীৰ ক্ষেত্রত ৬০ শতাংশলৈ বৃদ্ধি পাইছে৷

উল্লেখ্য যে দুর্গাপূজাৰ সময়ত এই বৃদ্ধিৰ হাৰ আছিল ৭৮ শতাংশ৷ যাত্রীৰ সংখ্যা বৃদ্ধিৰ লগত সামঞ্জস্য ৰাখি বিমানকোঠ পৰিচালনা প্রতিষ্ঠান জিআইএএলে বিগত মাহৰ পৰা গুৱাহাটী বিমানকোঠৰ পৰিচালনাৰ সময়সীমা সপ্তাহত প্রতিদিনে অহর্নিশে খোলা থাকিব বুলি জানিবলৈ দিয়ে৷ তদুপৰি যাত্রীসকলৰ সুবিধার্থে বিমানৰ বাবে প্রয়োজনীয় সা–সুবিধাৰ উপৰি চৰকাৰী সেৱাসমূহ, টার্মিনেল সেৱাসমূহ, বিমানত ইন্ধন যোগোৱা সেৱা, সুৰক্ষা আৰু অন্যান্য সা–সামগ্রীৰ দোকান, খাদ্য আৰু পানীয় আদি বিমানকোঠত ২৪ ঘণ্টাই যাত্রীসকলৰ বাবে উপলব্ধ হ’ব৷ তদুপৰি, বিমানকোঠৰ যাত্রীসকলৰ বিশেষ সুবিধার্থে বিমানকোঠ পৰিচালনা প্রতিষ্ঠানে ‘প্রণাম’ নামৰ এক নতুন সেৱাও সংযোজন কৰিছে৷

You might also like