নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্নাতকোত্তৰ ছাত্র সন্থাৰ সাধাৰণ নির্বাচনক লৈ উখল–মাখল গুৱাহাটী বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থাৰ সাধাৰণ নির্বাচনক কেন্দ্র কৰি সম্প্রতি বিশ্ববিদ্যালয় চৌহদত আৰম্ভ হৈছে এক উখল–মাখল পৰিৱেশ৷ নির্বাচনী বতাহে চুই গৈছে বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলক৷ উল্লেখনীয় যে অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব স্নাতকোত্তৰ ছাত্র সন্থাৰ সাধাৰণ নির্বাচন৷ স্নাতকোত্তৰ ছাত্র সন্থাৰ ২০২০–২১ বর্ষৰ নির্বাচনত এইবেলি মুঠ ৩৪গৰাকী ছাত্র–ছাত্রীয়ে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব৷ নির্বাচনী বিষয়াই এই সন্দর্ভত আনুষ্ঠানিকভাৱে প্রকাশ কৰা তালিকা অনুসৰি, সভাপতি পদৰ বাবে হেমেন কলিতা, হেমাংগ নাথ আৰু সুমন শর্মা, উপ–সভাপতি পদৰ বাবে অভিজিৎ শইকীয়া, নৱদীপ বৰগোহাঁই, প্রিয়া দত্ত আৰু চাজিনা য়াছমিন, সাধাৰণ সম্পাদক পদৰ বাবে বিকি শর্মা, জিতু কলিতা আৰু ৰাজদ্বীপ বৰুৱা, সহকাৰী সাধাৰণ সম্পাদক পদৰ বাবে মনীষা ডেকা, নিতুমণি কুমাৰ আৰু ৰশ্মি কলিতা, সাহিত্য সম্পাদক পদৰ বাবে জ্ঞানপ্রতিম দেৱশর্মা আৰু পংকজ নেওগ, সংগীত সম্পাদক পদৰ বাবে অনন্যা মহন্ত, দেৱাশিস বর্মন আৰু প্রত্যাশী কলিতা, সাংস্কৃতিক সম্পাদক পদৰ বাবে অলংকৃতা মহন্ত আৰু দিশা শর্মা, তর্ক আৰু আলোচনা–চক্র পদৰ বাবে ভাস্বতী দেৱী আৰু মনীষা বৰা, লঘু ক্রীডা বিভাগৰ সম্পাদক পদৰ বাবে বিক্রম হাজৰিকা আৰু নীতামণি কাকতি, সাধাৰণ ক্রীডা বিভাগৰ পদৰ বাবে গণেশ বাৰো আৰু ৰাকেশ বৈশ্য, ছাত্র জিৰণি কোঠা সম্পাদক পদৰ বাবে আবিদ আৰমান তাপাদাৰ আৰু খঞ্জন ফুকন, ছাত্রী জিৰণি কোঠা সম্পাদক পদৰ বাবে মুন মল্লিক আৰু চাহেলী দাৰফাং, শৰীৰচর্চা বিভাগৰ সম্পাদক পদৰ বাবে পল্লৱ হাজৰিকা আৰু ৰোহিত বসুমতাৰী তথা সমাজসেৱা বিভাগৰ সম্পাদক পদৰ বাবে বিষুৱ মেধি আৰু প্রীতি কলিতাই প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ উল্লেখনীয় যে গুৰু ক্রীডা বিভাগৰ পদত অৱতীর্ণ খৌৰামদাও বসুমতাৰীয়ে বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে৷

You might also like