নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধ্বস্ত অসমক উদ্ধাৰ কৰোঁতা তৰুণ গগৈ

ড০ বসন্ত কুমাৰ গোস্বামী

১৯৭১ চনৰ পৰা ১৯৯৬ চনলৈকে গগৈ অসমৰ ৰাজনীতিত এজন বহিৰাগত বুলিয়েই যেন বিবেচিত হৈছিল৷ পঞ্চম লোকসভাত ৩৫ বছৰ বয়সতে লোকসভালৈ নির্বাচিত হৈ দেৱকান্ত বৰুৱা আৰু ফখৰুদ্দিন আলী আহমেদ, ইন্দিৰা গান্ধীৰো দৃষ্টি আকর্ষণ কৰিবলৈ সমর্থ হোৱা বাবেই প্রথমে ‘এপিচিচি’ৰ যুটীয়া সম্পাদক, পিছত ৰাজীৱ গান্ধীৰ সময়ত সাধাৰণ সম্পাদকৰ দায়িত্ব গ্রহণ কৰিছিল৷ তেতিয়াৰ পৰা ২০০১ চনলৈকে তেওঁ অসম প্রদেশ কমিটীৰ দায়িত্ব বহন কৰিছিল অসম গণ পৰিষদ (অগপ) চৰকাৰৰ দিনত৷ তেতিয়াই অসমৰ বাবে ভাল খবৰটোও আহিল কেন্দ্রীয় চৰকাৰৰ স্বতন্ত্র ৰাজ্যমন্ত্রীৰূপে গগৈৰ অধিষ্ঠানৰ কথা (১৯৯১–১৯৯৫)৷ অগপই বিধ্বস্ত কৰি থোৱা চৰকাৰৰ মুখ্যমন্ত্রীৰূপে দায়িত্ব লোৱাৰ আগতে চৰকাৰে কর্মচাৰীক বেতন দিব পৰা নাছিল, তদুপৰি সন্ত্রাসবাদীৰ সমস্যা ব্যাধিৰূপে চিহ্ণিত হৈছিল, তেনে এক সময়ত মুখ্যমন্ত্রীৰ দায়িত্ব লৈ গগৈয়ে নিজমুখে কৈছিল–Terrorist were calling the shot, People were scared of coming out after sunset, Govt. employees were not getting salaries on time, roads were totally dilapidated, and businessmen were shifting out due to extotions and abduction, There was total insecurity all over and people were living in a state of mental despair. তদুপৰি সেই সময়ত কেন্দ্রীয় চৰকাৰৰ পৰা পুঁজি পাবলৈও সক্ষম হোৱা নাছিল৷ ৰাজ্য চৰকাৰৰ আঁচনিৰ বাবে শতকৰা ২৫ ভাগ অংশ দিব পৰা নাছিল৷ এনে সমস্যাত ৰাজ্যৰ উন্নয়ন অসম্ভৱ হৈ পৰিল৷ কিন্তু গগৈৰ দক্ষতাই এই সমস্যা অতিক্রমণত সহায় কৰিলে৷ পঞ্চায়তৰ নির্বাচনৰ পৰা গগৈয়ে তৃণ পর্যায়ৰ পৰা অফুৰন্ত শক্তি লাভ কৰিলে৷ বহুত দিন পঞ্চায়ত নির্বাচন হোৱা নাছিল৷ এই নির্বাচনে তৃণমূল পর্যায়লৈ গণতন্ত্রক আগবঢাই দিলে৷ ইয়াৰ যোগেৰেই গ্রামীণ অর্থনীতি আত্মসহায়ক গোটৰ যোগেৰে সবল হ’ল৷ ইয়াৰ উদাহৰণ ‘পাৰকেপিটা ইকম’ৰ পৰাই জানিব পাৰি৷ সেই সময়ত ১০,৭১৮ টকাৰ পৰা (২০০১–০২) আয় প্রায় দুগুণ হৈ ২২,০৮১ টকা হ’ল (২০০৭–০৮)৷ জিডিপি ২.১ শতাংশ (২০০১)ৰ পৰা ৮ শতাংশ হ’ল৷ তেনেকৈ ২০০১ চনৰ বার্ষিক পৰিকল্পনাৰ ১৫২০ৰ পৰা ২৬,৬০৮ কোটি টকা লাভ কৰিছিল৷
গান্ধীৰ দর্শনেৰে পৰিচালিত হোৱাৰ বাবেই প্রথমে ১০,৫৫০ কিঃমিঃ পকী পথ আৰু ৫২,০০০ শিলগুটি দিয়া ৰাস্তা হ’ল৷ ২০০১ চনত শিল দিয়া পথ আছিল ৮৮৭টা৷ যোগাযোগৰ (পথ)ব্যৱস্থা উন্নত হোৱাত চৰকাৰৰ প্রতি ৰাইজৰ আস্থা বাঢিল৷ চাৰিখন নতুন দলঙৰ আঁচনি গগৈয়ে কেন্দ্রীয় চৰকাৰৰ ওচৰত দাখিল কৰিছিল আৰু ব্রহ্মপুত্রৰ ওপৰত এই চাৰিখন দলঙৰ অনুমোদন লাভ কৰিছিল৷ আজি বগীবিল দলং হ’ল৷ ইয়াৰ বাবে অসমবাসীয়ে গগৈক সদায় স্মৰণ কৰিব৷ যি সময়ত ভাৰতবর্ষত ছাত্র–ছাত্রীয়ে আধুনিক যুগৰ লগত খোজ মিলাই যাবলৈ প্রযুক্তি ব্যৱহাৰ হোৱা নাছিল, সেই সময়ত গগৈয়ে ছাত্র–ছাত্রীক কম্পিউটাৰ দি এক নিদর্শন দাঙি ধৰিছিল৷ বি পি এল আঁচনিৰে বাইচাইকেল প্রথমে গগৈয়ে ছাত্র–ছাত্রীক দিছিল৷ গগৈৰ স্বদেশ–স্বজাতিপ্রেম ছাত্র জীৱনতে গজালি মেলিছিল৷ ভাষা আন্দোলন, তেল শোধনাগাৰ আন্দোলনতো জডিত গগৈয়ে যোৰহাটৰ ছাত্র সমাজৰ হৈ পণ্ডিত জৱাহৰলাল নেহৰুক স্মাৰক–পত্র দিছিল (১৯ জুলাই, ১৯৬০)৷
অতিশয় আত্মবিশ্বাসী গগৈয়ে নিজ দেশত বা বিদেশত দিয়া বত্তৃণতাই শ্রোতা মণ্ডলীৰ দৃষ্টি আকর্ষণ কৰিছিল৷ তৰুণ গগৈৰ অসমপ্রেম, গ্রামীণ সৰলতা, আস্যত হাস্য মুখ, সুদক্ষ ৰাজনীতিকজনৰ লগত যোৰহাটৰ অধিবক্তা হৈ থাকোঁতেই চিনাকি হৈছিল৷ পৰৱত্ কালত ৰাজনীতিক, নিকা–পৰিচ্ছন্ন মনৰ মানুহজনক চিৰস্থায়ীকৈ ধৰি ৰাখিবলৈ গগৈৰ প্রেছ উপদেষ্টা মৰমৰ যোৰহটীয়া দেৱ বৰাৰ লগত আলোচনা কৰিছিলোঁ, সেইমর্মেই গগৈ মানুহজনক থাউকতে পাব পৰাকৈ এখন গ্রন্থ যুগুত কৰাৰ পৰিকল্পনা কৰিছিলোঁ৷ কিতাপখনৰ নাম দিয়া হৈছিল Towards Vibrant Assam, The Voice of Chief Minister Tarun Gogoi৷ গ্রন্থখনত তৰুণ গগৈৰ সাক্ষাৎকাৰ তথা বত্তৃণতা, স্মাৰক–পত্র, বিবিধ চিঠি–পত্র ১৯৭১ চনৰ পৰা ২০০৮ চনলৈকে সামৰি প্রকাশ কৰা হৈছিল (১৯০৯ চনৰ ১ জানুৱাৰী)৷ ইতিমধ্যে তেওঁৰ পৰলোকপ্রাপ্তি হ’ল৷ কিন্তু তথ্যপাতি জপাপুৰণি হৈ থাকিল গ্রন্থখনত৷ ছপা বা মুদ্রণ মাধ্যমত বা কোনো নেতাৰ মুখত বা সামাজিক মাধ্যমসমূহতো এটা শব্দও উচ্চাৰণ হোৱা নেদেখাৰ বাবেই মনত পেলাই দিবলৈকে এই লেখা৷ গ্রন্থখনৰ পৰা এখন চিঠি উদ্ধাৰ কৰি দিয়া হৈছে কেৱল গগৈৰ আত্মা বিচাৰি পাবৰ কাৰণে৷ মন কৰিবলগীয়া যে গগৈয়ে দিয়া প্রতিখন চিঠিৰ উত্তৰ ৩/৪ দিনৰ ভিতৰতে পাইছিল–

গ্রন্থখনত অসমৰ বিবিধ সমস্যা সমাধানৰ বাবে যোগাযোগ কৰা চিঠি আৰু তাৰ উত্তৰবোৰ সন্নিৱিষ্ট হৈছে৷ এইখিনিতে কৈ থওঁ, আমি কোনো ৰাজনীতিৰ লগত জডিত নহয়, অসম সাহিত্য সভাৰ স্বার্থৰ হকে মন্ত্রী–বিধায়কৰ কাষ নচপা নহয়৷ ব্যক্তিগত লাভালাভৰ বাবে এদিনো কাষ চপা নাই৷ মানুহজনক ভাল পাইছিলোঁ, সেয়ে আখৰৰ মাজতে তেওঁক থাপি–সাঞ্চি থ’লোঁ৷ গ্রন্থখন ডিজাইন আৰু ছপাৰ ব্যৱস্থা কৰিছিল–New Media Communication Pvt. Limited, New Media House, 1 Akbar Villa, Mumbai-400059৷ মোৰ সহযোগী সম্পাদক আছিল দেৱ বৰা৷

You might also like