গুৱাহাটীত বিবাহ ভৱনৰ বাবেই পথ, উপপথত ভয়াৱহ যান–জঁট
গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দুই শতাধিক বিবাহ ভৱন আছে৷ ইয়াৰ ভিতৰত জিএছ ৰোডত ৪১টা, পল্টন বজাৰত ৩৩টা, জু ৰোডত ২৫টা, বেলতলা ২০টা, হাতীগাঁৱত ১১টা, পাণ বজাৰত ১০টা, বৰঝাৰত ১২টা বিবাহ ভৱন থকাৰ তথ্য পোহৰলৈ আহিছে৷
গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হৈ অহা সমস্যাসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূর্ণ সমস্যা হ’ল যান–জঁট৷ মহানগৰীৰ বিভিন্ন পথ–উপপথত সৃষ্টি হোৱা যান–জঁটৰ সমস্যাৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে বিবাহ ভৱনসমূহ৷
গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দুই শতাধিক বিবাহ ভৱন আছে৷ ইয়াৰ ভিতৰত জিএছ ৰোডত ৪১টা, পল্টন বজাৰত ৩৩টা, জু ৰোডত ২৫টা, বেলতলা ২০টা, হাতীগাঁৱত ১১টা, পাণ বজাৰত ১০টা, বৰঝাৰত ১২টা বিবাহ ভৱন থকাৰ তথ্য পোহৰলৈ আহিছে৷
গুৱাহাটী পৌৰ নিগমৰ নীতি নির্দেশনা উলংঘাৰে বিবাহ ভৱনসমূহ চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে৷ গুৱাহাটীৰ বিভিন্ন স্থানত থকা বিবাহ ভৱনসমূহত পর্যাপ্ত পৰিমাণৰ পার্কিঙৰ ব্যৱস্থা নথকাত পথৰ ওপৰতে জধে মধে বাহনসমূহ পার্কিং কৰাত অঞ্চল বিশেষে তীব্র যান–জঁটৰ সৃষ্টি হৈ আহিছে৷
বিশেষকৈ ডিচেম্বৰৰ পৰা এপ্রিল মাহলৈ বিবাহৰ যোগ থকা সময় বুলি বিবেচিত হৈ আহিছে৷ এই সময়ছোৱাতে সৰহ সংখ্যক বিবাহ সম্পন্ন হয়৷ গুৱাহাটী মহানগৰীতো বিবাহ ভৱনসমূহত এই মাহকেইটাত ব্যাপক আয়োজন আৰু ভীৰ পৰিলক্ষিত হয়৷ ব্যৱসায়ৰ স্বার্থত বিবাহ ভৱন নির্মাণ কৰি একাংশ লোকে ব্যৱসায় চলাই আহিছে৷
কিন্তু পর্যাপ্ত পৰিমাণৰ পার্কিঙৰ ব্যৱস্থা নথকাত এই মাহকেইটাত বিভিন্ন অঞ্চলত থকা বিবাহ ভৱনসমূহৰ আশে পাশে বসবাস কৰা লোকসকলে তীব্র যান–জঁটৰ সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে৷ গুৱাহাটী পৌৰ নিগমৰ তথ্য অনুসৰি মহানগৰীৰ বিভিন্ন অঞ্চলত ১৫২টা বিবাহ ভৱন আছে৷
ইয়াৰ ভিতৰত বহুকেইটা বিবাহ ভৱনে জিএমচিৰ নীতি নির্দেশনা উলংঘা কৰি ব্যৱসায় চলাই আহিছে৷ বছৰৰ পিছত বছৰ ধৰি নীতি–নির্দেশনা উলংঘাৰে বিবাহ ভৱনৰ ব্যৱসায় চলাই অহাৰ পাছতো বিবাহ ভৱনসমূহৰ পৰা সৃষ্টি হোৱা সমস্যাৰ স্থায়ী সমাধান কৰাৰ বাবে পৌৰ নিগম আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে সুদুৰ প্রসাৰী পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷
অভিজাত লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত ইভেণ্ট মেনেজমেণ্ট গ্রুপে বিবাহ আয়োজন কৰাৰ ক্ষেত্রত বিগত কেইবাবছৰ ধৰি বিশেষ ভূমিকা গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ সু–শৃংখলাবদ্ধভাৱে এখন বিবাহ আয়োজন কৰাৰ ক্ষেত্রত ইভেণ্ট মেনেজমেণ্ট গ্রুপৰ ভূমিকা থাকিলেও পার্কিঙৰ অভাৱৰ বাবে যান–জঁটৰ সমস্যাটো আজিও সমস্যা হৈয়ে ৰৈছে৷
গুৱাহাটী মহানগৰীৰ বিবাহ ভৱনসমূহৰ পৰা বিভিন্ন পথ–উপপথত সৃষ্টি হোৱা যান–জঁটৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী পৌৰ নিগম, মহাগনৰ জিলা প্রশাসন, যান–বাহন আৰক্ষী, বিবাহ ভৱনৰ স্বত্বাধিকাৰী আৰু ইভেণ্ট মেনেজমেণ্ট গ্রুপসমূহৰ সৈতে আলোচনা হোৱাটো অত্যন্ত জৰুৰী৷
কিন্তু আজি পর্যন্ত এই ক্ষেত্রত মহানগৰ জিলা প্রশাসনে বৈঠকত মিলিত হোৱা পৰিলক্ষিত হোৱা নাই৷ কেৱল গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই অনুজ্ঞাপত্র অবিহনে চলি থকা বিবাহ ভৱনৰ বিৰুদ্ধে অভিযান চলাই দায়িত্ব সামৰিছে৷ মহানগৰীৰ বিভিন্ন স্থানত থকা বিবাহ ভৱনসমূহৰ পৰা সাধাৰণ নাগৰিকে সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধানৰ বাবে পৌৰ নিগম কর্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰিছে বিভিন্ন অঞ্চলৰ বাসিন্দাই৷
ইয়াৰ পৰিপ্রেক্ষিতত গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই বিবাহ ভৱনসমূহত অভিযান চলাই অনুজ্ঞাপত্র বিহীনভাৱে চলি থকা বিবাহ ভৱনসমূহ বন্ধ কৰিছে৷ লগতে পৌৰ নিগমৰ নীতি নির্দেশনা মানি বিবাহ ভৱনৰ স্বত্বধিকাৰী ব্যৱসায়ী চলাই যোৱাৰ বাবে সকীয়নি দিছে৷ কিন্তু আজিপর্যন্ত বিবাহ ভৱনসমূহৰপৰা অঞ্চল বিশেষে সৃষ্টি হোৱা যান–জঁটৰ স্থায়ী সমাধানৰ বাবে জিএমচি–মহানগৰ জিলা প্রশাসন আৰু যান–বাহন আৰক্ষীয়ে কোনো পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ এই ক্ষেত্রত অনাগত দিনত বিভাগীয় কর্তৃপক্ষই কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷
ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ