নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃচৰকাৰী কমিটীৰ অধিৱেশনত ঘোষণা, ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত দীপাৱলী

দীপাৱলী হ’ল ১৬সংখ্যক ভাৰতীয় উপাদান৷ ১৯৪খন সদস্য ৰাষ্ট্র, আন্তঃৰাষ্ট্রীয় বিশেষজ্ঞ আৰু ইউনেস্ক’ৰ গোলকীয় নেটৱর্কৰ প্রতিনিধিবর্গৰ পৰা উপস্থিত থকা প্রতিনিধিসকলৰ উপস্থিতিত দীপাৱলীক এই তালিকাখনত অন্তর্ভুক্ত কৰা হয়

ইউনেস্ক’ৰ ‘মানৱতাৰ বিমূর্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকা’ত অন্তর্ভুক্ত হৈছে ভাৰতৰ পোহৰৰ উৎসৱ দীপাৱলী৷ যোৱা ৮ ডিচেম্বৰৰ পৰা অনুষ্ঠিত ২০সংখ্যক ইউনেস্ক’ আন্তঃচৰকাৰী কমিটীৰ সত্রত এই ঘোষণা কৰা হয়৷

দিল্লীৰ লালকিল্লাত অহা ১৩ ডিচেম্বৰলৈ চলিবলগীয়া এই সমিতিৰ ফালৰ পৰা ঘোষণা কৰা তালিকাখনত দীপাৱলী হ’ল ১৬সংখ্যক ভাৰতীয় উপাদান৷ ১৯৪খন সদস্য ৰাষ্ট্র, আন্তঃৰাষ্ট্রীয় বিশেষজ্ঞ আৰু ইউনেস্ক’ৰ গোলকীয় নেটৱর্কৰ প্রতিনিধিবর্গৰ পৰা উপস্থিত থকা প্রতিনিধিসকলৰ উপস্থিতিত দীপাৱলীক এই তালিকাখনত অন্তর্ভুক্ত কৰা হয়৷

ভাৰতৰ উপ–ৰাষ্ট্রপতি চি পি ৰাধাকৃষ্ণনে দীপাৱলীক বিমূর্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তর্ভুক্ত কৰাৰ সিদ্ধান্তত সন্তোষ প্রকাশ কৰিছে৷ তেওঁ কয় যে এনে এটি গোলকীয় স্বীকৃতি প্রতিগৰাকী ভাৰতীয়ৰ বাবে এক বিশেষ গৌৰৱৰ মুহূর্ত৷

সামাজিক মাধ্যমত দিয়া এটি পোষ্টত উপ–ৰাষ্ট্রপতিগৰাকী কয় যে দীপাৱলী কেৱল এটা উৎসৱেই নহয়, ই এটা সভ্যতাৰ পৰিঘটনা৷ যিয়ে দেশখনক একত্রিত কৰে আৰু সমগ্র বিশ্বকে উজ্জীৱিত কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও ইউনেস্ক’ৰ এই স্বীকৃতিক আদৰণি জনায়৷ এই সন্দর্ভত তেওঁ কয় যে দীপাৱলী ভাৰতৰ সংস্কৃতি আৰু নৈতিকতাৰ সৈতে সম্পর্কিত আৰু আমাৰ সভ্যতাৰ আত্মাক ই প্রতিনিধিত্ব কৰে৷

ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ

You might also like