নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ‘ৰং’ৰ পর্দাত নতুন ধাৰাবাহিক ‘অনুৰাগিণী’

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ এইবাৰ ‘ৰং’–এ দর্শকৰ বাবে আগবঢ়াইছে এখন নতুন ধাৰাবাহিক ‘অনুৰাগিণী’৷ ৰূপকমল হাজৰিকা আৰু শিল্পীকা মধুকল্যৰ কাহিনীৰে অসমৰ সর্বাধিক জনপ্রিয় মনোৰঞ্জনধর্মী চেনেল ‘ৰং’–এ দর্শকৰ বাবে সাজু কৰি তুলিছে এই সুন্দৰ ধাৰাবাহিকখন৷ ‘আবেলিৰ ৰামধেনু’, ‘অর্ধাংগিনী’, ‘আঁউসীৰ জোনাক’, ‘আহিনৰ আবেলি’ আদি সফল ধাৰাবাহিকৰ পৰিচালক ৰূপকমল হাজৰিকাৰ প্রতিখন ধাৰাবাহিকৰ দৰে এই ধাৰাবাহিকখনেও দর্শকৰ সঁহাৰি আৰু মৰম লাভ কৰিব বুলি আশাবাদী ‘ৰং’ পৰিয়াল৷

আজিৰে পৰা সপ্তাহৰ সোমবাৰৰ পৰা শনিবাৰলৈ প্রতি নিশা ৮.৩০ বজাত এই ধাৰাবাহিকখন ৰঙৰ পর্দাত সম্প্রচাৰ হ’ব৷ জনপ্রিয় অভিনেত্রী প্রীতিকংগনাই মুখ্য চৰিত্রত অভিনয় কৰা ধাৰাবাহিকখনত তেওঁৰ বিপৰীতে দেখা যাব সুদর্শন অভিনেতা ৰাজকুমাৰ আৰিয়ানক৷ আনহাতে, দিব্যজোতি দাস, পংকজ পূজাৰী, অর্চনা পূজাৰী, জুলি এক্কা, লিতি বৰা, নিপম শইকীয়া, অংগশ্রী নেওগ, পুতুল লাহন আদি বহু শিল্পীৰ সমাৱেশেৰে ‘অনুৰাগিণী’ৰ প্রতিটো দৃশ্য সজীৱ কৰি তুলি ধৰিবলৈ প্রয়াস কৰিছে পৰিচালকে৷ ধাৰাবাহিকখনৰ কাহিনী এনেধৰণৰ– নৃত্যই দৃতি বৰাৰ সপোন, ভৱিষ্যৎ৷ নৃত্য কৰি ভালপোৱা নৃত্য পটীয়সী দৃতি বৰাই নৃত্যৰ মাজেদি জীৱনটো আগুৱাই নিবলৈ বিচৰাৰ পৰিৱর্তে দেউতাকৰ ৰক্ষণশীল সংস্কাৰ এই সকলোবোৰত হেঙাৰ হৈ থিয় দিয়ে৷ এই ধৰণে দৃতিৰ সপোন, সংগ্রাম আৰু বিভিন্ন ঘটনা–পৰিঘটনাক লৈয়েই আগবাঢ়িব ‘অনুৰাগিণী’ৰ কাহিনী৷

প্রতিখন ধাৰাবাহিক নতুনত্বৰে আৰু ব্যতিক্রমী ৰূপত সজাই তুলিব বিচৰা পৰিচালক ৰূপকমল হাজৰিকাৰ ‘অনুৰাগিণী’–এ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব৷ শিল্পীকা মধুকল্যৰ চিত্রনাট্য আৰু সংলাপেৰে প্রতিটো দৃশ্য কেমেৰাৰে সুন্দৰকৈ ধৰি ৰাখিছে ভাস্কৰ শর্মাই আৰু সম্পাদনা কৰিছে হূষীকেশ দাসে৷ ৰেকিব আহমেদ আৰু হিমাংশুৱে সুন্দৰকৈ সজাই তোলা শীর্ষ গীতটিয়ে ইতিমধ্যে জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, পৰাগ প্রিয়ম নাথে আৱহ সংগীতেৰে ধাৰাবাহিকখনৰ প্রতিটো দৃশ্য অর্থৱহ কৰি তুলি ধৰিছে৷ দীপাৱলীৰ এই সুন্দৰ ক্ষণত ‘ৰং’ চেনেলে দর্শকৰ বাবে সজাই তোলা ‘অনুৰাগিণী’–এ প্রতিজন দর্শকৰ মন চুই যাব আৰু মৰম–সঁহাৰিৰে আঁকোৱালি ল’ব বুলি আশা কৰা হৈছে৷

You might also like