নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ বেলতলাত নৃশংস হত্যাকাণ্ড, শোৱাপাটীতে হত্যা কৰিলে বৃদ্ধ দম্পত্তিক

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হত্যাকাণ্ডৰ দৰে ঘটনা। আজি গুৱাহাটীৰ বেলতলাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ছাৰ্ভেৰ চন্দন নগৰত শোৱাপাটীতেই চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰে বৃদ্ধ দম্পতীক।

এই বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে ক্লু লাভ কৰিছে যদিও সংবাদ মাধ্যমক এই হত্যাকাণ্ড সম্পৰ্কে কোনো কথা সদৰী কৰা নাই।

এই হত্যাকাণ্ডত কোন জড়িত আছে এই সম্পৰ্কে জানিব পৰা নাই যদিও ২৮ বছৰ ধৰি কেয়াৰটেকাৰ হিচাপে থকা আকাশ চৌধুৰীক আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। দুৰ্বৃত্তৰ আক্ৰমণত নিহত দুই ব্যক্তি ক্ৰমে ননী বৰুৱা (৮৬) আৰু তেওঁৰ পত্নী মীনা বৰুৱা (৮০)। তেওঁলোকৰ সন্তান বেংগালুৰুত কৰ্মৰত বুলি জানিব পৰা গৈছে।

You might also like