নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণ্ডু এফআৰইউ ছীল প্রশাসনৰ

ক’ৰোনাত আক্রান্ত চিকিৎসক–নার্ছ–লেব টেকনিচিয়ান

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ গুৱাহাটীৰ মালিগাঁও বৰিপাৰাস্থিত পাণ্ডু এফ আৰ ইউ হাস্পতালখন বুধবাৰে অনির্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে৷ হাস্পতালখনৰ ১২জন চিকিৎসক, নার্ছ, স্বাস্থ্যকর্মী, লেবৰেটৰী টেকনিচিয়ানৰ ভিতৰত চাৰিজনৰ দেহত বুধবাৰে ৰেপিড এণ্টিজেন টেষ্ট ক’ভিডৰ উপস্থিতি পোৱাৰ পাছত হাস্পতালখন স্বাস্থ্য বিভাগে বন্ধ কৰি দিয়ে৷

চাৰিজনৰ ভিতৰত দুজন চিকিৎসক, এজনকৈ নার্ছ আৰু লেবৰেটৰী টেকনিচিয়ান৷ আটাইকেইজন বিগত কিছুদিন ধৰি জ্বৰ, কাহ, চর্দি আৰু গাৰ বিষত ভুগি আছিল৷ সম্প্রতি আটাইকেইজনকে হোম আইছ’লেচনলৈ প্রেৰণ কৰা হৈছে৷ বৃহস্পতিবাৰে নিশা স্বাস্থ্য সুস্থিৰ বুলি সহকর্মীসকলে জানিবলৈ দিছে৷ উল্লেখ্য যে যোৱা জুন মাহত গুৱাহাটী মহানগৰীৰ ক’ভিড পৰীক্ষাৰ প্রথম ৰেপিড টেষ্ট পাণ্ডু এফ আৰ ইউ চিকিৎসালয়ত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুভাৰম্ভ কৰিছিল৷

You might also like