নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বায়ুসেনাৰ ‘গ’ল্ডেন এৰোজ’ত অন্তর্ভুক্ত অত্যাধুনিক ৫ ৰাফেল বিমান

লাডাখত চীনৰে উত্তেজনা তুংগত উঠাৰ সময়তে ভাৰতৰ শক্তি প্রদর্শন

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ  দখলদাৰী চীনকে ধৰি ভাৰতবিৰোধী স্থিতি লৈ থকা বিশ্বৰ দেশসমূহক শক্তিশালী বার্তা প্রেৰণেৰে বৃহস্পতিবাৰে অত্যাধুনিক ৫ ৰাফেল যুদ্ধবিমান বায়ুসেনা বাহিনীত আনুষ্ঠানিকভাৱে অন্তর্ভুক্তি হ’ল৷ হাৰিয়ানাৰ আম্বালা বায়ুসেনা ঘাটিত সর্বধর্ম পূজাৰে অত্যাধুনিক ৰাফেল বায়ুসেনাৰ গ’ল্ডেন এৰোজৰ হাতত আনুষ্ঠানিকভাৱে অর্পণ কৰিলে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ লাডাখ সীমান্তত চীনৰ সৈতে উত্তেজনা অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে ভাৰতীয় বায়ুসেনা বাহিনীক শক্তিশালীকৰণৰ ৰাফেল যুদ্ধবিমান অন্তর্ভুক্তিৰ কার্যসূচীত ফ্রান্সৰ প্রতিৰক্ষা মন্ত্রী ফ্লৰেন্স পার্লি, দেশৰ চি ডি এছ জেনেৰেল বিপিন ৰাৱাট, বায়ুসেনাৰ মুৰব্বী মার্শ্বাল আৰ কে এছ ভাডউৰিয়া আৰু প্রতিৰক্ষা সচিব অজয় কুমাৰকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থাকে৷ চুবুৰীয়া ৰাষ্ট্র চীন আৰু পাকিস্তানৰ শক্তিশালী যুদ্ধবিমানক সহজে প্রতিহত কৰিবলৈ ফ্রান্সত নির্মিত ৰাফেল যুদ্ধবিমান ১৭ স্কোৱার্ডনত অন্তর্ভুক্তিৰ পূর্বে যুঁজাৰু বিমানকেইখনক পানী হিলৈৰে চেল্যুট জনোৱা হয়৷ আনুষ্ঠানিক কার্যসূচীৰ পূর্বে বৃহস্পতিবাৰে পুৱা বায়ুসেনা বাহিনীয়ে টুইটযোগে কয়– ভাৰতীয় বায়ুসেনা বাহিনীৰ নতুন পক্ষীৰ আগমন সম্পূর্ণ হ’ল৷ আম্বালা বায়ুসেনা ঘাটিত যোৱা ২৯ জুলাইত ফ্রান্সৰ পৰা আহি অৱতৰণ কৰা ৫ ৰাফেল যুদ্ধবিমান আজি ১৭ স্কোৱার্ডনত অন্তর্ভুক্ত কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কয়– যিসকলে আমাৰ সার্বভৌমত্বৰ প্রতি দৃষ্টি দি আছে, সেইসকল আৰু বিশ্বক ৰাফেল অন্তর্ভুক্তিৰে শক্তিশালী বার্তা দিলে৷ সীমান্তৰ পৰিস্থিতি বিবেচনা কৰি এই অন্তর্ভুক্তি অতিকে গুৰুত্বপূর্ণ৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে ১৭ স্কোৱার্ডন গ’ল্ডেন এৰোজৰ কমাণ্ডিং অফিচাৰ গ্রুপ কেপ্ঢেইন হৰকিৰত সিঙৰ হাতত অন্তর্ভুক্তিৰ ঘূৰন্ত চকা প্রদান কৰাৰ লগে লগে ৰাফেল যুদ্ধবিমানৰ আনুষ্ঠানিক অন্তর্ভুক্তি সম্পন্ন হয়৷ কার্যসূচীত উপস্থিত থকা ফ্রান্সৰ প্রতিৰক্ষা মন্ত্রী ফ্ল’ৰেন্স পার্লিয়ে কয়– আজি আমাৰ দেশ দুখনৰ কাৰণে এক ডাঙৰ কৃত্বিত্ব৷ আমি একেলগে ভাৰত–ফ্রান্সৰ প্রতিৰক্ষা সম্পর্কত নতুন অধ্যায় লিখি আছোঁ৷ ৰাফেল বায়ুসেনাক অন্তর্ভুক্তিৰ পাছতেই এয়াৰ চীফ মার্শ্বাল আৰ কে এছ ভাডউৰিয়াই কয় যে আজিৰ নিৰাপত্তাৰ ব্যৱস্থাৰ প্রতি দৃষ্টি ৰাখিলে যুদ্ধবিমান অন্তর্ভুক্তিৰ ইয়াতকৈ সঠিক সময় আন একো হ’ব নোৱাৰে৷ ৰাফেলৰ অন্তর্ভুক্তিৰ কার্যসূচী দেশীয়ভাৱে নির্মিত লঘু যুদ্ধবিমান তেজছে উৰণ প্রদর্শন কৰাৰ লগতে বায়ুসেনাৰ ছাৰং এৰ’বিটেক টীমেও নিজৰ কলা প্রদর্শন কৰে৷ উল্লেখ্য যে ফ্রান্সৰ ডাছাল্ট এভিয়েচনৰ সৈতে ৩৬খন যুদ্ধবিমানৰ চুক্তি সম্পন্ন হৈছে৷ ইয়াৰে ভিতৰত প্রথম পর্যায়ত ৫খন যুদ্ধবিমান ভাৰতে লাভ কৰিছে৷ বাকীখিনি পর্যায়ক্রমে ভাৰতে লাভ কৰিব আৰু অহা বর্ষৰ শেষলৈকে আটাইকেইখন যুদ্ধবিমান সেনাবাহিনীয়ে লাভ কৰিব৷ মন কৰিবলগীয়া যে ৩৬খন ৰাফেল যুদ্ধবিমানৰ ৩০খন যুদ্ধবিমান আৰু ৬খন হ’ব প্রশিক্ষণৰ বাবে৷ প্রশিক্ষণৰ যুদ্ধবিমান দুখন আসনযুক্ত৷

You might also like