নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়চুকত হেৰ’ইনসহ ধৃত তিনি

নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰঃ গুৱাহাটীত অব্যাহত আছে ড্রাগ্ছৰ ৰমৰমীয়া বেহা৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত আজি গড়চুক আৰক্ষীয়ে আইএছবিটিত অভিযান চলাই ড্রাগ্ছসহ অমিত দেৱনাথ নামৰ এজন লোকক গ্রেপ্তাৰ কৰে৷ গড়চুক থানাৰ ভাৰপ্রাপ্ত বিষয়া সত্যেন্দ্র সিং হাজাৰীয়ে জানিবলৈ দিয়া মতে, গোপন সূত্রৰ পমখেদি দেওবাৰে পুৱা অমিত দেৱনাথক ড্রাগ্ছসহ আইএছবিটিত গ্রেপ্তাৰ কৰে৷

ধৃত অমিতৰ স্বীকাৰোক্তিৰ ভিত্তিত গড়চুক আৰক্ষীয়ে লালগণেশৰ প্রগতি নগৰ পথত অভিযান চলাই জিণ্টু মণ্ডল আৰু উৎপল দাস নামৰ দুই ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীকেইটাৰ্ পৰা ১২.৬ গ্রাম হেৰ’ইন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ অভিযানকাৰী দলটোৱে ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইটাৰ্ পৰা এএছ–০১ইইউ–৮৭০৯, এএছ–০১ডিএছ–৯৩০১ নম্বৰৰ আৰু এখন নম্বৰ প্লেটবিহীন দুচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয়৷

You might also like