নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ মেট্র’ত আৰম্ভ আনলক–১.০; প্রথম দিনাই গুৱাহাটীৰ ৰাজপথ–বজাৰত ব্যাপক জনসমাগম

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে কামৰূপ (মহানগৰ) জিলাত বলৱৎ কৰা ২১দিনীয়া লকডাউনৰ অন্তত কালিৰে পৰা আৰম্ভ হৈছে আনলক প্রক্রিয়া৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ঘোষণা কৰা ‘আন লক ১.০’ৰ অধীনত প্রদান কৰা হৈছে কেতবোৰ শিঠিলতা৷ নির্দিষ্ট নীতি–নিয়মৰ অধীনত কামৰূপ মহানগৰ জিলাত ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয় খুলিবলৈ অনুমতি প্রদান কৰা হৈছে৷ ‘আনলক ১.০’ আৰম্ভ হোৱাৰ লগে লগে আজি পুৱাৰে পৰা মহানগৰীত ব্যস্ততাপূর্ণ জীৱন পৰিলক্ষিত হয়৷ ২১ দিনৰ অন্তত কাম–কাজ আৰম্ভ হোৱা কার্যালয়লৈ কর্মচাৰীসকল ওলাই আহে৷

  ৰাজ্য প্রশাসনৰ হূদপিণ্ডস্বৰূপ জনতা ভৱনৰ পৰা আৰম্ভ কৰি সকলোবোৰ চৰকাৰী–বেচৰকাৰী কার্যালয়তে ৩০ শতাংশ কর্মচাৰী উপস্থিত থাকে৷ কার্যালয়সমূহত কর্মচাৰীৰ বাবে হাত ধোৱাৰ ব্যৱস্থা, হেণ্ড ছেনিটাইজাৰ আদি উপলব্ধ কৰা হয়৷ মুঠতে দীর্ঘদিনে শূন্য হৈ থকা মহানগৰীৰ ৰাজপথত যান–বাহনৰ ভিৰ পৰিলক্ষিত হোৱাৰ লগতে স্বাভাৱিক জীৱন যাত্রাৰ ছন্দ পুনৰ উভতি অহা পৰিলক্ষিত হয়৷ বজাৰ–সমাৰৰ লগতে কার্যালয়লৈ ব্যক্তিগত যান–বাহন লৈ মহানগৰবাসী ওলাই অহাত ঠায়ে ঠায়ে ব্যাপক যানজঁট হোৱা দেখা গ’ল৷ সমান্তৰালভাৱে পুৱাই ভাৰা মাৰিবলৈ ৰাজপথলৈ ওলাই আহিল অটোৰিক্সাৰ লগতে অলা–উবেৰৰ বাহনসমূহ৷ আনহাতে, কামৰূপ (মহানগৰ) জিলা প্রশাসনে বান্ধি দিয়া নিয়ম অনুসৰি মহানগৰীত খুলি দিয়া হয় ব্যৱসায়িক প্রতিষ্ঠানসমূহ৷ বিভিন্ন ব্যৱসায়িক সংস্থাসমূহৰ সৈতে হোৱা আলোচনামর্মে আজি পল্টনবজাৰৰ পৰা খানাপাৰা অভিমুখী পথছোৱাৰ সোঁহাতে থকা দোকানসমূহ খোলা হয়৷ একেদৰে জালুকবাৰীৰ পৰা নুনমাটি অভিমুখে অহা পথছোৱাৰো সোঁহাতৰ দোকানসমূহ খুলিবলৈ প্রশাসনে অনুমতি প্রদান কৰিছে৷ কিন্তু মূল পথসমূহৰ বাহিৰে উপ–পথসমূহত থকা দোকানসমূহ খোলাৰ ক্ষেত্রত প্রশাসনে স্পষ্ট নির্দেশনা জাৰি কৰা নাই৷

  বৰঞ্চ এনে দোকানসমূহৰ স্বত্বাধিকাৰীসকলক নিজৰ মাজত আলোচনা কৰি ব্যৱসায়িক প্রতিষ্ঠানসমূহ খোলাৰ সিদ্ধান্ত ল’বলৈ কর্তৃত্ব প্রদান কৰে৷ যাক লৈ ব্যৱসায়ীসকলৰ মাজত বিভ্রান্তিৰ সৃষ্টি হয়৷ বহু স্থানত ব্যৱসায়ীসকলে একগোট হৈ সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হয়৷ আনকি প্রশাসনৰ নির্দেশনা অমান্য কৰি মহানগৰীৰ কিছু স্থানত পথৰ দুয়োকাষে থকা দোকানসমূহ খোলাও পৰিলক্ষিত হয়৷ একে সময়তে ব্যৱসায়িক প্রতিষ্ঠানসমূহ খোলাৰ দিনৰ হিচাপক লৈও বিভ্রান্তিত পৰিছে ব্যৱসায়ী মহল৷ কিয়নো কামৰূপ (মহানগৰ) জিলাত সোমবাৰৰ পৰা শুকুৰবাৰলৈ ব্যৱসায়িক প্রতিষ্ঠান খোলাৰ অনুমতি প্রদান কৰা হৈছে৷ সেই হিচাপত প্রশাসনৰ নিয়ম অনুসৰিও ৰাস্তাৰ এটা দিশৰ দোকানসমূহ তিনি দিন আৰু আন দিশৰ দোকানসমূহ ২ দিন খুলিব পাৰিব প্রতি সপ্তাহত৷

  অৱশ্যে এনে বিভ্রান্তিৰ মাজতে প্রশাসনে অনুমতি প্রদান কৰা স্থানসমূহৰ দোকানসমূহ কালি খুলি দিয়া পৰিলক্ষিত হ’ল৷ বিভিন্ন সামগ্রী বিচাৰি দোকানসমূহত গ্রাহকৰ ভিৰো পৰিলক্ষিত হয়৷ উল্লেখ্য যে ‘আনলক ১.০’ৰ সময়ত প্রশাসনে বান্ধি দিয়া নীতি–নিয়ম আৰু স্বাস্থ্য বিধিসমূহ মানি চলিবলৈ কঠোৰভাৱে নির্দেশ দিয়া হৈছে৷ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত মাস্ক পৰিধান নকৰিলে ১০০০ টকা জৰিমনা লোৱা হ’ব বুলিও মুখ্য সচিবে ঘোষণা কৰিছে৷

You might also like