নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভেকচিন প্রয়োগত সফলতা অক্সফ’ৰ্ডৰ

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ সমগ্র বিশ্বজুৰি ন’ভেল ক’ৰোনা ভাইৰাছে কাল ৰূপ ধাৰণ কৰাৰ সময়তে ইতিবাচক বতৰা কঢ়িয়াই আনিছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে৷ ক’ৰোনা মহামাৰীৰ বিশ্বজোৰা আতংকৰ সময়ত সমগ্র বিশ্বৰ দৃষ্টি এই ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনত চলি থকা ভেকচিন সম্পর্কীয় গৱেষণাত আবদ্ধ থকাৰ মাজতে সোমবাৰে ইয়াৰ সৈতে জড়িত বিজ্ঞানীসকলে ক’ৰোনা প্রতিৰোধী ভেকচিনৰ সফল পৰীক্ষণৰ বিষয়ে প্রকাশ কৰিছে৷ অহা ছেপ্ঢেম্বৰ মাহতেই এই ভেকচিন বজাৰত উলিয়াই দিব পৰাকৈ প্রস্তুত হৈ উঠিব বুলি আশাবাদী ৮০ শতাংশ ব্রিটিছ বিজ্ঞানী৷ ক’ৰোনা ভেকচিনৰ দুটাকৈ সফল সম্পৰীক্ষণৰ পিছত ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনৰ মন্তব্য– ‘আমাৰ বিজ্ঞানীৰ সফলতাক লৈ মই সম্পূর্ণৰূপে আত্মবিশ্বাসী৷’

 উল্লেখ্য যে সমগ্র বিশ্বতে ক’ৰোনা ভাইৰাছৰ সংক্রমণে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়ত বিভিন্ন দেশত এই ভাইৰাছ প্রতিৰোধী ভেকচিন প্রস্তুতৰ গৱেষণা অব্যাহত আছে৷ ব্রিটেইনৰ অক্সফ’ড বিশ্ববিদ্যালয়ৰ নুফিল্ড ডিপার্টমেণ্ট অৱ মেডিচিনৰ অধীনস্থ জেনাৰ ইনষ্টিটিউটত ব্রিটিছ আৰু ছুইডেনৰ ঔষধ কোম্পানী আষ্ট্রা জেনেকাৰ সহযোগত আৰম্ভ হৈছিল ক’ভিড–১৯ ভেক্চিন প্রস্তুতৰ গৱেষণা৷ যোৱা জুন মাহত এই গৱেষণাই সফল ৰূপ লাভ কৰে মানৱ শৰীৰত ইয়াক প্রয়োগ কৰি চলোৱা পৰীক্ষাৰ পিছতে৷ প্রথম পর্যায়ৰ ব্যৱহাৰিক পৰীক্ষাৰ পিছত দ্বিতীয় পর্যায়ত বিভিন্ন বয়সৰ সুস্থ মানৱ শৰীৰত আৰম্ভ হয় সম্পৰীক্ষণ৷ এই সম্পৰীক্ষণৰ পিছত এই গৱেষণাৰ সৈতে জড়িত বিজ্ঞানীয়ে ভেক্চিনৰ প্রয়োগৰ সফলতাৰ বিষয়ে ঘোষণা কৰিছে৷

উল্লেখ্য যে দ্বিতীয় পর্যায়ৰ পৰীক্ষাত ৪৭৭জন স্বেচ্ছাসেৱকৰ শৰীৰত ভেকচিন প্রয়োগ কৰা হৈছিল৷ ৩৫জনকৈ সৰু সৰু গোটত ভাগ কৰি চলোৱা মানৱ দেহত প্রয়োগৰ এই পৰীক্ষাত সকলো শৰীৰতে এমাহৰ পিছত ক’ভিড–১৯ ভাইৰাছ প্রতিৰোধী ক্ষমতা গঢ়ি উঠাটো নিশ্চিত হৈ পৰিছিল৷ উল্লেখ্য যে এই ভেকচিন প্রয়োগ কৰা প্রতিজন ব্যক্তিৰে শৰীৰত প্রতিৰোধী ক্ষমতা (ইমিউন ছিষ্টেম) ১০০ শতাংশ শক্তিশালী হৈ উঠাটো নিশ্চিত হোৱা বুলি গৱেষকসকলে দাবী কৰে৷ উল্লেখ্য যে গৱেষকসকলেChAdOx1 nCoV-19 নাম দিয়া এই ভেকচিনটোৰ আনুষ্ঠানিক নাম ৰখা হৈছে–AZD1222৷ আজি অক্সফ’ডৰ গৱেষকসকলে প্রকাশ কৰা অনুসৰি এই ভেক্চিনৰ দুটা পর্যায়ত মানৱ শৰীৰত প্রয়োগ কৰি চলোৱা পৰীক্ষাৰ পিছত ভেকচিন প্রয়োগ কৰা শৰীৰত ক’ৰোনা প্রতিৰোধী ক্ষমতা গঢ়ি উঠাটো প্রমাণিত হোৱা বুলি সদৰী কৰিছে৷ বিজ্ঞানীসকলৰ তথ্য মতে, এই ভেকচিন প্রয়োগৰ পিছত ক’ভিড–১৯ ৰোগ প্রতিৰোধৰ বাবে মানৱ দেহত প্রয়োজনীয় এণ্টিবডী আৰু কীলাৰ টি চেল গঠনত সফলকাম হোৱাটো পৰিলক্ষিত হৈছে৷ এই ভেক্চিন প্রয়োগৰ পিছত মানৱ শৰীৰত গঢ়ি উঠা প্রতিৰোধী ক্ষমতা আৰু এণ্টিবডীৰ লগতে কিলাৰ টি চেলে ক’ৰোনা ভাইৰাছ প্রতিৰোধ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁলোকে প্রকাশ কৰিছে৷ আনহাতে, এই ভেক্চিন প্রয়োগ কৰা মানৱ দেহত কোনোধৰণৰ বিশেষ পার্শ্বক্রিয়া উদ্ভৱ হোৱা নাই বুলিও ভেক্চিন গৱেষণাৰ সৈতে জড়িত বিজ্ঞানীসকলে দাবী কৰিছে৷ এওঁলোকে জনোৱা মতে, ভেক্চিন প্রয়োগৰ পিছত সাধাৰণভাৱে জ্বৰ আৰু মূৰৰ বিষ হোৱা পৰিলক্ষিত হৈছে যদিও সেয়া পেৰাচিটামল টেবলেটৰ জৰিয়তেই উপশম কৰিব পাৰি৷ এই পৰীক্ষণৰ পিছত গৱেষণাৰ সৈতে জড়িত অক্সফ’ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ছাৰা গিলৱার্টে কয়– ‘এতিয়াও আমি যথেষ্ট কাম কৰিবলৈ বাকী আছে৷ কিন্তু এইপর্যন্ত হোৱা গৱেষণা আৰু পৰীক্ষাৰ ফলাফল সম্পূর্ণৰূপে প্রতিশ্রুতিসম্পন্ন৷’

আনহাতে আজিৰ এই সফলতাৰ পিছত ব্রিটেইনৰ ভেকচিন টাস্ক ফ’চৰ অধ্যক্ষ কেট বিংহামে কয়– ‘এতিয়ালৈকে ক’ৰোনা প্রতিৰোধী যিমান ভেকচিনৰ গৱেষণা অব্যাহত আছে, তাৰ ভিতৰত এইপর্যন্ত এই ভেক্চিনটোৱেই এক স্পষ্ট গতি লাভ কৰিছে আৰু এই ভেকচিনটোৱেই নিৰাপদ আৰু সক্রিয় বুলি প্রমাণিত হৈছে৷’ অক্সফ’ড বিশ্ববিদ্যালয়ৰ ক’ৰোনা ভেকচিন পৰীক্ষাৰ এই সফলতাৰ পিছতে বিশ্বৰ বিভিন্ন দেশৰ ঔষধ নির্মাতা কোম্পানী ভেকচিন ক্রয়ৰ বাবে চুত্তিবদ্ধ হৈছে৷ ইতিমধ্যে ফৰাচী ঔষধ কোম্পানী ভালনেভাই ৬০ মিলিয়ন ড’জ, জার্মান কোম্পানী বা’টেকে ৩০ মিলিয়ন ড’জ, আমেৰিকাৰ কোম্পানী ফিজাৰে ৩০ মিলিয়ন ড’জ ভেকচিনৰ বাবে চুক্তিবদ্ধ হৈছে৷ আনহাতে এই ভেকচিনৰ সৈতে জড়িত বিজ্ঞানী তথা ব্রিটেইন চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে প্রথম পর্যায়ত ক’ৰোনা ভাইৰাছৰ সৈতে যুঁজি থকা বিশ্বৰ চিকিৎসক, স্বাস্থ্যকর্মী তথা ক’ৰোনা যোদ্ধাসকলৰ বাবে এই ভেকচিন সহজলভ্য কৰাৰ পোষকতা কৰিছে৷

You might also like