আৰক্ষীৰ ডাঙৰ সফলতা, দুই কোটি টকাৰ ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ
মহানগৰীৰ মানপাৰাত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। পশ্চিম গুৱাহাটী আৰক্ষী সংমণ্ডলৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত গড়চুক আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত এই সফলতা লাভ কৰে।
অভিযানকালত আৰক্ষীয়ে ৩০টা চাবোনভৰ্তি ড্ৰাগছৰ পেকেটৰ লগতে তিনিটাকৈ মোবাইল ফোন জব্দ কৰে। এই ঘটনাৰ সৈতে জড়িত দুজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা দুয়োজন হৈছে চাৰুক আহমেদ আৰু জয়নাল খান। দুয়োৰে ঘৰ বৰপেটা জিলাত বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি, জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় দুই কোটি টকা বুলি অনুমান কৰা হৈছে। চুবুৰীয়া ৰাজ্যৰ পৰা ড্ৰাগছখিনি সৰবৰাহ কৰি গুৱাহাটীলৈ লৈ অহা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে মানপাৰাৰ আনন্দ নগৰৰ গৃহ নং ১৯ত আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। দুয়ো অভিযুক্তই উক্ত গৃহটোত ভাৰাতীয়া হিচাপে বসবাস কৰি আছিল বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু এই ড্ৰাগছ সৰবৰাহ চক্ৰৰ সৈতে জড়িত আন লোকসকলৰ সন্ধানত অনুসন্ধান চলাই আছে।
ডিজিটেল ডেস্ক, ৪ ফেব্ৰুৱাৰী