নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যালয়ৰ কোঠাত উদ্ধাৰ প্ৰধান শিক্ষকৰ মৃতদেহ, ঋণজনিত হেঁচাৰ অভিযোগ সুদখোৰৰ বিৰুদ্ধে

বৰপেটাৰোডত এক হৃদয়বিদাৰক ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। সুদখোৰৰ মানসিক অত্যাচাৰৰ অভিযোগ উঠাৰ মাজতে বৰপেটাৰোডৰ পশ্চিম বেলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাধন বৰ্মনৰ মৃতদেহ বিদ্যালয় চৌহদৰ ভিতৰত উদ্ধাৰ কৰা হয়। ঘটনাটোক লৈ শিক্ষা মহলৰ লগতে সমগ্ৰ অঞ্চলটোত গভীৰ শোক আৰু ক্ষোভৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, মৃত্যুৰ পূৰ্বে প্ৰধান শিক্ষকগৰাকীয়ে লিখি থৈ যোৱা এখন টোকাত দুলু মেধি নামৰ এজন লোকৰ বাবেই তেওঁ এনে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল বুলি উল্লেখ কৰি গৈছে। টোকাত উল্লেখ থকা মতে, পিতৃৰ কেন্সাৰৰ চিকিৎসা আৰু পত্নীৰ দুটাকৈ অপাৰেশ্যনৰ বাবে দুলু মেধিৰ পৰা ১ লাখ টকাৰ ঋণ লৈছিল সাধন বৰ্মনে। সেই সময়ত তেওঁ দুলু মেধিক এখন উকা চেক দিছিল।

অভিযোগ অনুসৰি, পৰৱৰ্তী সময়ত দুলু মেধিয়ে ১ লাখ টকাৰ ঠাইত ৫ লাখ ৩০ হাজাৰ টকা লোৱা দেখুৱাই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰধান শিক্ষকজনৰ বাসগৃহত উপস্থিত হৈ সোধাপোচা চলোৱাত তেওঁ মানসিকভাৱে ভাগি পৰে আৰু অপমানবোধৰ মাজতে এই শোকাৱহ পৰিণতি ঘটে বুলি টোকাত উল্লেখ আছে।

লিখিত বক্তব্য অনুসৰি, সাধন বৰ্মনে ইতিমধ্যে দুলু মেধিক ৪০ হাজাৰ টকা ঘূৰাই দিছিল বুলিও দাবী কৰা হৈছে। ঘটনাটোক লৈ আক্ৰাছুসহ বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু অভিযুক্ত দুলু মেধিৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু টোকাত উল্লিখিত অভিযোগসমূহৰ আধাৰত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰী

You might also like