নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ পদোন্নতিৰ সমস্যা সমাধানৰ আশ্বাস

মুখ্যমন্ত্রীক সাক্ষাৎ আৰক্ষী সন্থাৰ

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ সদৌ অসম আৰক্ষী সন্থাৰ এটা সঁজাতী দলে ১৭ জুলাইৰ সন্ধিয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক দিছপুৰৰ সচিবালয়ৰ কার্যালয়ত সৌজন্যমূলক সাক্ষাৎ কৰে৷ সন্থাৰ সভাপতি হেমন্ত কুমাৰ গোস্বামী আৰু সাধাৰণ সম্পাদক তাহেৰউদ্দিন আহমেদৰ নেতৃত্বত যোৱা সঁজাতী দলটোৱে মুখ্যমন্ত্রীক গামোচাৰে সম্বর্ধনা জনোৱাৰ লগতে এখন সম্বর্ধনা পত্র আৰু এখন বিভিন্ন দাবীসম্বলিত পত্র প্রদান কৰে৷ দাবী পত্রত কেন্দ্রীয় সশস্র আৰক্ষী বাহিনীসমূহৰ দৰে অসম আৰক্ষীৰ পৰিয়ালৰ লোকৰ বাবে কেছলেছ হেল্থ পলিচীৰ ব্যৱস্থা কৰা, এ পি আৰ অ’ৰ কনিষ্টবল, হেড কনিষ্টবল, এ এছ আইৰ গ্রেড পে’ৰ আসোঁৱাহ, বেটেলিয়ন আৰু বিশেষ শাখাৰ হাবিলদাৰসকলৰ গ্রেড পেৰ আসোঁৱাহ দূৰ কৰা, উপ–পৰিদর্শক আৰু পৰিদর্শকৰ পে’ বেণ্ড উন্নীত কৰা, অৰাজপত্রিত বিষয়াসকলৰ টাইম বাউণ্ড পদোন্নতি দিয়া, চাকৰি কালত কমেও চাৰিটা পদোন্নতিৰ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনোৱা হয়৷ আনহাতে মুখ্যমন্ত্রীয়ে দাবী পত্রখন গ্রহণ কৰি আৰক্ষী সঞ্চালকপ্রধান আৰু সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে মিলিত হৈ সমস্যাসমূহ সমাধানৰ আশ্বাস প্রদান কৰে৷

You might also like