নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় লিংগৰ সমস্যা

ভাৰতৰ প্রাচীন গ্রন্থবোৰত তৃতীয় লিংগৰ লোকৰ কথা স্পষ্ট আৰু যথাযোগ্য সন্মানসহকাৰে উল্লেখ আছে৷ এই তৃতীয় লিংগৰ লোকক একোটা বিশেষ গুণৰ অধিকাৰী ৰূপেও প্রতিষ্ঠা কৰি এই শ্রেণীক সামাজিক স্বীকৃতি প্রদান কৰি থৈ গৈছে৷ কিন্তু সময়ৰ সোঁতত এই তৃতীয় লিংগৰ লোকসকলৰ প্রতি মানুহৰ সাধাৰণ ধাৰণাৰ পৰিৱর্তন হ’ল৷ এতিয়া শেহতীয়াভাৱে সমগ্র বিশ্বতেই এই লোকসকলৰ অস্তিত্ব প্রকাশ আৰু প্রতিষ্ঠাৰ এটা জাগৰণ আৰম্ভ হৈছে৷ এই তৃতীয় লিংগ শব্দটোৱে কিন্তু আচলতে পুৰুষ–মহিলাৰ স্বাভাৱিক লৈংগিক পৰিচয়ৰ বাহিৰৰ মানুহখিনিক সঠিকভাৱে সামৰি ল’ব নোৱাৰে৷ ইংৰাজীত এই আটাইখিনি লোকক সামৰি ল’ব পৰাকৈ একোটা টার্ম গ্রহণ কৰা হয়, তাৰ পিছত আকৌ একোটা নতুন শ্রেণী চিনাক্ত কৰা হয়, মূল টার্মটোত আৰু একোটা বর্ণৰ সংযোজন হয়৷ এই বিষয়টোক লৈ যিমানে চিন্তাচর্চা বাঢ়িছে, সিমানেই ইয়াৰ নতুন নতুন দিশ পোহৰলৈ আহি আছে৷ চকুত পৰা কথা হ’ল, এই শ্রেণীৰ লোকসকলে পৰিচয়ৰ স্বকীয়তা প্রতিপন্ন কৰিবলৈ নিজেই সাহসেৰে আগবাঢ়ি আহিছে, কণ্ঠ শক্তিশালী কৰিছে, সমাজৰ চকুত পৰিবলৈ কিছু উগ্রতাৰো সহায় লৈছে৷ কিন্তু মানৱ অধিকাৰৰ কথা কোৱা আৰু সামাজিক মাধ্যমত উগ্র বিপ্লৱ কৰা বহুতেই এই লোকসকলৰ মানৱ অধিকাৰৰ কথা ভবা নাই৷ এই লোকসকলৰ পৰিচয়ৰ সংকট আৰু অন্য মানসিক আৰু সামাজিক সমস্যাৰ বিষয়ে কিছুসংখ্যক লোকে মনোযোগেৰে বিভিন্ন মাধ্যমত লিখা–মেলা কৰিছে৷ কিছুমান চিত্রনির্মাতাই সমস্যাবোৰক ভিত্তি হিচাপে লৈ বিভিন্ন ধৰণৰ কাহিনীচিত্র নির্মাণ কৰিছে আৰু এই চিনেমাবোৰে বিষয়টোক সাধাৰণ মানুহৰ ওচৰলৈ লৈ গৈছে৷ তথ্যচিত্রও বহু নির্মাণ হৈছে আৰু ইউটিউবত এই বিষয়ৰ বিভিন্ন ভিডি’ সম্প্রদায়টোৰ লোকে আৰু বিভিন্ন এক্টিভিষ্টে আপলোড কৰিছে আৰু এইবোৰেও সজাগতা বৃদ্ধি কৰিছে৷ এতিয়া এই লোকসকলৰ জীৱন আৰু সমস্যাক লৈ নির্মাণ কৰা চিনেমাত এওঁলোকেই অভিনয় কৰিছে৷ আনকি কিছু চিনেমাত এই সম্প্রদায়ৰ লোকক বিশেষত্বহীনভাৱে আন সাধাৰণ মানুহৰ দৰেই চিত্রায়িত কৰা হৈছে৷ অসমৰে এগৰাকী সমালোচকে ৰাষ্ট্রীয় চলচ্চিত্র বঁটাত তৃতীয় লিংগৰ অভিনেতা–গায়ক আদিৰ বাবেও বঁটা সংযোজন অথবা লিংগভিত্তিক বঁটা বিলুপ্ত কৰিবলৈ ৰাষ্ট্রপতিলৈ আবেদন জনাই ৰাষ্ট্রীয় সংবাদ পত্রৰ শিৰোনাম অধিকাৰ কৰিছিল৷
কিন্তু এই সম্প্রদায়টোৰ আচল সমস্যাবোৰৰ সমাধান সূত্র বিচৰা আৰু তাক কার্যকৰী কৰাটো বহুলাংশে চৰকাৰৰ দায়িত্ব৷ আচলতে চৰকাৰনো কি– ৰাইজৰে প্রতিনিধি৷ বিষয়টো প্রসংগত যেতিয়া জনসচেতনতা বাঢ়িব, সেই কথা চৰকাৰৰ ঘৰতো প্রতিধ্বনিত হ’ব৷ তেওঁলোক মানুহ হিচাপে জীয়াই থাকিবলৈ যিখিনি নূ্যনতম বস্তুৰ প্রয়োজন, চৰকাৰে সেইখিনি যোগান ধৰিবই লাগিব৷ ভাৰত চৰকাৰৰ সামাজিক ন্যায় মন্ত্রালয়ে ২০১৩ চনতেই এখন ক্ষমতাসম্পন্ন কমিটী কৰি এই সম্প্রদায়ৰ লোকসকলৰ বাবে কৰিবলগীয়া কামৰ বাবে সমাজৰ বিভিন্ন অংশৰ পৰা পৰামর্শ বিচাৰিছিল৷ কিন্তু সেই সময়ত কমিটীখনে অকল হিজৰাসকলৰ কথাহে ভাবিছিল আৰু সেই ভাবনাৰ পৰিপ্রেক্ষিতত তামিলনাডু চৰকাৰে হিজৰাসকলৰ প্রত্যেককে প্রতিমাহে দুহাজাৰ টকাকৈ অর্থসাহায্য আগবঢ়াইছিল৷ এই কমিটীখনৰ এগৰাকী সদস্যই হিজৰাসকলৰ বাবে এখন ব’ড গঠনৰ পৰামর্শ দিছিল৷ কিন্তু ‘হিজৰা’খিনিয়েই যে পুৰুষ–মহিলা বিচাৰৰ পৰিসীমাৰ বাহিৰত থকা আটাইখিনি মানুহক সামৰি নলয় আৰু এই মানুহখিনি যে সাধাৰণ মানুহৰ সাধাৰণ বিচাৰধাৰাৰ বাহিৰৰ, সেই কথাটো কমিটীখনৰ মানুহখিনিয়ে বিবেচনা কৰিব পৰা নাছিল৷ ইয়াৰ কাৰণ আছিল বিষয়টোৰ গভীৰতালৈ যোৱা ইচ্ছাৰ অভাৱ আৰু তাৰ মূল কাৰণ সেই সচেতনতাৰ অভাৱ৷ চৰকাৰী হাস্পতালত এই কুইৰ সম্প্রদায়ৰ বাবে চিকিৎসা ব্যৱস্থা, ৰাজহুৱা ঠাইত শৌচালয়ৰ ব্যৱস্থা কৰাৰ দৰে প্রয়োজনীয় কাম চৰকাৰে অতি সহজে কৰিব পাৰে৷ সেই কমিটীখনৰ এগৰাকী সদস্যই কৈছিল যে নাচ–গান শিকিব বিচৰা ‘কুইৰ’ সম্প্রদায়ৰ কেইগৰাকীমানক গুজৰাটৰ শিক্ষানুষ্ঠানে সুবিধা দিয়া নাছিল৷ কিন্তু তাৰ বিপৰীতে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে এই বছৰৰ পৰা পৰিৱেশ্য কলা বিভাগত নামভর্তি কৰিব খোজা ‘কুইৰ’সকললৈ বিশেষ ৰেহাই আগবঢ়াইছে৷ ভাৰতৰ শিক্ষা জগতত এই ধৰণৰ প্রয়াসৰ পূর্ব উদাহৰণ দেখা নাযায়৷ সেই দিশৰ পৰা ‘কুইৰ’ৰ শিক্ষা লাভৰ দিশত অসমৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ে লোৱা এই পদক্ষেপ দেশখনৰ ভিতৰতে এটা দিশ নির্ণায়ক কথা হিচাপে পৰিগণিত হ’ব৷

You might also like