নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণীৰ কৃষিভূমিত অবৈধ ক্রেছাৰ স্থাপন বণিয়াৰ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ গুৱাহাটী মহানগৰী আৰু ইয়াৰ আশে–পাশে থকা অঞ্চলসমূহৰ কৃষিভূমিৰ শ্রেণী পৰিৱর্তন নকৰাকৈ একাংশ অনা–সমীয়া বণিয়াই উদ্যোগ স্থাপন কৰি আহিছে৷ দালালৰ সহযোগত পানীৰ দৰত ভূমি ক্রয় অথবা লীজত লৈ অনা–সমীয়া বণিয়াই বক্রপথেৰে অনুমতি উলিয়াই উদ্যোগ স্থাপন কৰা বিষয়টোক লৈ বিভিন্ন মহলত চর্চা চলি অহাৰ সময়তে পোহৰলৈ আহিছে ৰাণীৰ কৃষিভূমিত অবৈধভাৱে অনা–সমীয়া বণিয়াই ক্রেছাৰ স্থাপন কৰাৰ বিস্ফোৰক তথ্য৷ প্রাপ্ত তথ্য অনুসৰি, ৰাণীৰ নলাপাৰাৰ ট্রাইবেল্টৰ ভূমি লীজত লৈ অনা–সমীয়া বণিয়াই শ্রেণী পৰিৱর্তন নকৰাকৈ কৃষিভূমিত স্থাপন কৰিছে ক্রেছাৰ৷ দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়তৰ পৰা মোটা অংকৰ ধনৰ বিনিময়ত আপত্তিবিহীন প্রমাণ–পত্র উলিয়াই বিভাগীয় নীতি–নির্দেশনা উলংঘাৰে ক্রেছাৰ স্থাপন কৰাক লৈ অঞ্চলটোৰ ৰাইজে ক্ষোভ প্রকাশ কৰিছে৷ ৰাইজৰ অভিযোগ অনুসৰি, কিছু বছৰ আগলৈকে উক্ত স্থানত ডায়েৰী ফার্ম খুলি ব্যৱসায় কৰি আহিছিল৷ কিন্তু শেহতীয়াকৈ জনৈক আগৰৱালা উপাধিৰ এজন অসাধু ব্যৱসায়ীয়ে ৰাভা হাছঙৰ দল–সংগঠনক মেনেজ কৰি কৃষিভূমিৰ মাজত ক্রেছাৰ স্থাপন কৰিছে৷ ইতিমধ্যে ক্রেছাৰৰ বাবে যাৱতীয় যন্ত্রপাতি ক্রয় কৰি বহুওৱাৰ কাম আৰম্ভ কৰিছে৷ ক্রেছাৰ স্থাপনৰ বাবে ৰাইজৰ মতামত লৈ গাঁও পঞ্চায়তে আপত্তিবিহীন প্রমাণ–পত্র প্রদান কৰিব লাগে৷ কিন্তু অনা–সমীয়া বণিয়া গোষ্ঠীটোৱে বক্রপথেৰে গাঁওবুঢ়াৰ পৰা নথি–পত্র লৈ দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়তৰ সচিব আৰু সভাপতিৰ পৰা আপত্তিবিহীন প্রমাণ–পত্র উলিয়াই ক্রেছাৰ স্থাপনৰ কাম আৰম্ভ কৰিছে৷ ক্রেছাৰ স্থাপনৰ বাবে পৰিৱেশ প্রদূষণ নিয়ন্ত্রণ ব’ডৰ পৰা অনুমতি উলিওৱাটো বাধ্যতামূলক৷ কিন্তু অনা–সমীয়া ব্যৱসায়ী গোষ্ঠীটোৱে কোনো নথি–পত্র নোলোৱাকৈ ক্রেছাৰ স্থাপন কৰিছে৷ নলাপাৰাৰ কৃষিভূমিৰ শ্রেণী পৰিৱর্তন নকৰাকৈ ক্রেছাৰ স্থাপন কৰা বিষয়টো সন্দর্ভত অজ্ঞতা প্রকাশ কৰিছে পলাশবাৰী ৰাজহ চক্র বিষয়াৰ কার্যালয়ে৷ তদুপৰি ৰাণী আঞ্চলিক বন বিষয়াৰ কার্যালয়ে এই বিষয়টো সন্দর্ভত অজ্ঞতা প্রকাশ কৰাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ কৃষিভূমিৰ শ্রেণী পৰিৱর্তন নকৰাকৈ ট্রাইবেল্টৰ ভূমিত অবৈধভাৱে অসাধু ব্যৱসায়ীয়ে ক্রেছাৰ স্থাপন কৰা বিষয়টো সন্দর্ভত বন বিভাগে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ ট্রাইবেল্টৰ কৃষিভূমিত অবৈধভাৱে ক্রেছাৰ স্থাপন কৰা বিষয়টোৰ তদন্ত কৰিবলৈ স্থানীয় ৰাইজে ৰাজ্য চৰকাৰক আহ্বান জনাইছে৷

You might also like