নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোলাৰ স্কেটিং এছোচিয়েচন অৱ আছামৰ পৰিৱেশ সজাগতা ৰেলী আৰু গছপুলি বিতৰণ

নিয়মীয়া বাৰ্তা, ৪ জুন: মহানগৰীৰ অগ্ৰণী ক্ৰীড়া সংগঠন ৰোলাৰ স্কেটিং এছোচিয়েচন অৱ আছামে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি পুৱা গুৱাহাটী মহানগৰীৰ ৰাজপথত এক স্কেটিং ৰেলীৰ আয়োজন কৰে । হাতে হাতে পৰিৱেশ সজাগতাৰ বাবে বেনাৰ-প্লেকাৰ্ড লৈ কণ কণ স্কেটাৰসকলে পান্জাবাৰীৰ সন্থাৰ স্কেটিং ৰিঙৰ পৰা গণেশগুৰিলৈ সমদল উলিয়াই পথচাৰীৰ লগতে মহানগৰবাসীৰ দৃষ্টি আৰ্কষণ কৰে । বিশেষকৈ প্ৰদূষণ ৰোধৰ বাবে ৰোলাৰ স্কেটিং এক পৰিবহণৰ মাধ্যম হ’ব পাৰে, তাৰ প্ৰচাৰৰ বাবে ৰোলাৰ স্কেটিং এছোচিয়েচন অৱ আছামে জনসাধাৰণৰ মাজত সজাগতামূলক পদক্ষেপ লৈ আহিছে । ৰেলীৰ অন্তত স্কেটাৰসকলে পথচাৰীসকলৰ মাজত বিনামূল্যে ১০০ ৰো অধিক গছপুলি বিতৰণ কৰে। ৰোলাৰ স্কেটিং এছোচিয়েচন অৱ আছামৰ এই কায্যসূচীক মহানগৰবাসীয়ে শলাগ লয় ।

You might also like