নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশাৰ ৰে’ল দুর্ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক

বিশেষ বাৰ্তা, ৪ জুনঃ ওড়িশাৰ বালাচোৰৰ ভয়াৱহ ৰে’ল দুর্ঘটনাৰ তদন্তৰ দায়িত্ব অর্পণ কৰা হ’ল চিবিআইক ৷ আজি ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে ক’ৰ’মণ্ডল এক্সপ্রেছ দুর্ঘটনাত পতিত হোৱা ঘটনা সন্দৰ্ভত চিবিআইক তদন্তৰ দায়িত্ব অর্পণ কৰা বুলি সংবাদ মাধ্যমক জনাইছে৷ ৰে’লমন্ত্রীগৰাকীয়ে কয় যে যিসমূহ তথ্য পোৱা গৈছে, তাত গুৰুত্ব প্রদান কৰি এই দুর্ঘটনাৰ তদন্তৰ ভাৰ চিবিআইক অর্পণ কৰিবলৈ প্রস্তাৱ আগবঢ়াইছে ৰে’লৱে ব’র্ডে ৷ ব’ৰ্ডৰ প্রস্তাৱ অনুসৰি, এই ভয়াৱহ দুর্ঘটনাৰ তদন্তৰ দায়িত্ব কেন্দ্রীয় সংস্থাটোক অর্পণ কৰা হৈছে ৷ স্মর্তব্য যে শুকুৰবাৰে সন্ধিয়া ৭ বজাত ওড়িশাৰ বালাচোৰৰ বাহানগা বাজাৰ ষ্টেচনত দুর্ঘটনাত পতিত হয় চেন্নাইগামী ক’ৰ’মণ্ডল এক্সপ্রেছ আৰু বেংগালুৰু–হাওৰা ছুপাৰফাষ্ট এক্সপ্রেছ ৷ এই দুর্ঘটনা সংঘটিত হয় এখন মালগাড়ীৰ সৈতে ৷ দুর্ঘটনাত ২৮৮জন নিহত হোৱাৰ উপৰি আন সহস্রাধিক আহত হয় ৷ অৱশ্যে ওড়িশা চৰকাৰৰ তথ্য অনুসৰি, মৃতকৰ সংখ্যা ২৭৫জন ৷ আজি পুৱাৰ ভাগত ৰে’লমন্ত্রীগৰাকীয়ে উল্লেখ কৰিছিল যে ওড়িশাৰ দুর্ঘটনাৰ কাৰণ চিহ্ণিত কৰা হৈছে ৷ এই কার্যৰ বাবে যিসকল দোষী তেওঁলোককো চিহ্ণিত কৰা হোৱা বুলি মন্তব্য কৰিছিল ৰে’লমন্ত্রীগৰাকীয়ে ৷ মন্ত্রীগৰাকীক এই দুর্ঘটনাৰ অন্তৰালত যান্ত্রিক ত্রুটিৰ সম্ভাৱনা নাই নেকি বুলি প্রশ্ন কৰাৰ সময়ত তেওঁ কৈছিল যে এই বিষয়ক লৈ এতিয়াই মন্তব্য কৰা সঠিক নহ’ব ৷ তদন্ত সম্পূর্ণ হোৱাৰ পিছত এই সন্দর্ভত সবিশেষ তথ্য সদৰী কৰা হ’ব বুলিও উল্লেখ কৰিছিল ৰে’লমন্ত্রীগৰাকীয়ে ৷ কিন্তু বিয়লিৰ ভাগত ৰে’লমন্ত্রীগৰাকীয়ে ৰে’লৱে ব’ৰ্ডৰ প্রস্তাৱমর্মে এই দুর্ঘটনাৰ সমস্ত তদন্তৰ ভাৰ চিবিআইক অর্পণ কৰা বুলি ঘোষণা কৰে৷

You might also like