নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানাগৰিকৰ ছেভ ভৰলু মিছন আৰম্ভ

ভৰলু নৈ পৰিষ্কাৰ কৰি ৰাখিবলৈ জনসচেতনতা কার্যসূচী

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ দেশৰ প্রদূষিত নৈসমূহৰ তালিকাত অন্তর্ভুক্ত হৈছে গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নৈ৷ মহানগৰীত বসবাস কৰা একাংশ অসচেতন লোকে ভৰলু নৈত পেলাই অহা আৱর্জনাৰ ফলত লাহে লাহে ভৰলুৰ বুকু বাম হৈ পৰিছে৷ ভৰলু নৈৰ প্রদূষণ ক্রমান্বয়ে বৃদ্ধি পোৱাত নৈখনত জৈৱ–বৈচিত্র্য নিঃশেষ হৈ যায়৷ প্রদূষিত ভৰলু নৈত বর্তমান এটাও মাছ–কাছকে ধৰি অন্যান্য জলজ জীৱৰ কোনো অস্তিত্বই বিচাৰি পাবলৈ নাই৷ আশীৰ দশকৰ ভৰলু নৈৰ ৰূপ পূর্বৰ দৰে ঘূৰাই অনাৰ বাবে মহানগৰীত বসবাস কৰা একাংশ সচেতন লোকে আৰম্ভ কৰিছে ছেভ ভৰলু মিছন৷ বিভিন্ন ক্ষেত্রৰ লগত জড়িত এই সচেতন লোকসকলে ছেভ ভৰলু মিছনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে৷ এই মিছনৰ প্রধান লক্ষ্য হৈছে মহানগৰীত বসবাস কৰা লোকসকলৰ মাজত জনসচেতনতা বৃদ্ধি কৰি ভৰলু নৈখন পূর্বৰ অৱস্থালৈ ঘূৰাই অনা৷

ছেভ ভৰলু মিছনৰ আহ্বায়ক ডাঃ ৰবীন মজুমদাৰ, অমিয় কুমাৰ ডেকা, ৰবীন কলিতা, সীমাৰেখা দেৱী, গোবিন্দ প্রসাদ শর্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বুধবাৰৰ গুৱাহাটী প্রেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি জনসাধাৰণক ভৰলু নৈখন পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰাখিবলৈ আহ্বান জনায়৷ সংবাদ মেলত ছেভ ভৰলু মিছনৰ আহ্বায়ক ডাঃ ৰবীন মজুমদাৰে কয় যে মানুহৰ মাজত ভৰলু নৈৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে৷ যাতে ভৰলু নৈৰ হূত জীৱন ঘূৰাই আনিব পাৰি৷ জনসচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে প্রাৰম্ভিক অৱস্থাত স্কুলৰ ছাত্র–ছাত্রীৰ মাজত ভৰলু নৈৰ ওপৰত এখন ৰচনা প্রতিযোগিতা আয়োজন কৰা হৈছে৷ চৰকাৰ আৰু পৌৰ নিগম কর্তৃপক্ষৰ সৈতেও মিছনৰ আহ্বায়কসকলে আলোচনাত মিলিত হৈছে৷ চৰকাৰৰ সৈতে হোৱা আলোচনামর্মে জনসচেতনতা বৃদ্ধিৰ বাবে কাম আৰম্ভ কৰা হৈছে৷

সংবাদ মেলত ডাঃ মজুমদাৰে লগতে কয় যে মেঘালয়ৰ পৰা বশিষ্ঠ নৈৰ সুঁতিত মিলিত হোৱা বাহিনী নৈৰ দৈর্ঘ্য প্রায় ৯.২ কিলোমিটাৰ৷ এই বাহিনী নৈ আহি ভৰলু নৈত মিলিত হৈছে৷ ইয়াৰ দৈর্ঘ্য প্রায় ৬.২ কিলোমিটাৰ৷ মহানগৰীৰ বিভিন্ন স্থানত থকা ৩৩০টা নলা–নর্দমাৰে অহা আৱর্জনাসমূহ আহি ভৰলু নৈত পৰিছে৷ কিন্তু একাংশ অসচেতন লোকে ভৰলু নৈত আৱর্জনা পেলাই অহাৰ ফলত ভৰলুৰ পৰা পানী ওলাই যাব নোৱাৰি বিভিন্ন স্থানত কৃত্রিম বানৰ সৃষ্টি হৈ আহিছে৷ কৃত্রিম বান সমস্যাই মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, জু–তিনিআলি, ছয়মাইল, হাতীগাঁও, গণেশগুৰি, পাঞ্জাবাৰী, খানাপাৰা, ৰুক্মিণী নগৰ, ৰুক্মিণী গাঁও আদি অঞ্চলত বসবাস কৰা লোকসকলক জলাকলা খুৱাই আহিছে৷ কৃত্রিম বান সমস্যা সমাধানৰ বাবে ভৰলু নৈখন দ আৰু বহল কৰি খৰালিও প্রাকৃতিকভাৱে পানী বৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব৷ ছেভ ভৰলু মিছনলৈ ৰাইজক সঁহাৰি জনাবলৈ আহ্বায়কসকলে আহ্বান জনায়৷ অহা ২৬ ছেপ্ঢেম্বৰত বিশ্ব নদী দিৱসৰ লগত সংগতি ৰাখি ছেভ ভৰলু মিছনৰ অংশ হিচাপে সজাগতামূলক চাইকেল ৰেলী উলিওৱা হ’ব৷ আজিৰ এই সংবাদ মেলতে ছেভ ভৰলু মিছনৰ পোষ্টাৰ মুকলি কৰে বিশিষ্ট শিক্ষাবিদ গোবিন্দ প্রসাদ শর্মাই৷

You might also like