নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’কাছ চুক্তিৰ প্রত্যাহ্বান

এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলক লৈ ব্রিটেইন, অষ্ট্রেলিয়া আৰু আমেৰিকাৰ মাজত স্বাক্ষৰ হোৱা নতুন প্রতিৰক্ষা চুক্তি ‘অ’কাছ’ক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ সমগ্র অঞ্চলটোত চীনক প্রতিৰোধ কৰিবলৈ অষ্ট্রেলিয়াক পৰমাণু শক্তিসম্পন্ন ছাবমেৰিন প্রদান কৰি আমেৰিকা আৰু ব্রিটেইনে অস্থিৰতাৰ সৃষ্টি কৰিব বিচৰা বুলি ইতিমধ্যে চীনসহ কেইবাখনো দেশে ক্ষোভ প্রকাশ কৰিছে৷ লক্ষণীয়ভাৱে ব্রিটেইন আৰু আমেৰিকাই অষ্ট্রেলিয়াক পৰমাণু শক্তিসম্পন্ন কমপক্ষেও ৮খন ছাবমেৰিন নির্মাণৰ বাবে সকলো প্রযুক্তি প্রদানৰ প্রতিশ্রুতি দিছে৷ ইয়াৰ লগে লগে ইউৰোপতো সৃষ্টি হৈছে ধুমুহা৷ কাৰণ অষ্ট্রেলিয়াৰ সৈতে ছাবমেৰিনৰ এক চুক্তি আছিল ফ্রান্সৰ৷ ফ্রান্সৰে এই চুক্তি উলংঘা কৰি অষ্ট্রেলিয়াই ব্রিটেইন আৰু আমেৰিকাৰ সৈতে কেনেদৰে নতুন চুক্তিত স্বাক্ষৰ কৰিব পাৰে তাক লৈ প্রশ্ণৰ অৱতাৰণা হৈছে৷ অষ্ট্রেলিয়াত থকা কূটনীতিকক তাৎক্ষণিকভাৱে ফ্রান্সে ওভতাই নিছে৷ হোৱাইট হাউছ প্রশাসনৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ ঘটাই ফৰাচী চৰকাৰে কৈছে যে এয়া এক ভয়ংকৰ প্রতাৰণা৷ অকল সেয়াই নহয়, এই প্রতাৰণা আৰু প্রৱঞ্চনা বুলি ফ্রান্সে অভিহিত কৰা ঘটনাত ব্রিটেইনে হাত উজান দিয়া বিষয়টোক লৈও সৃষ্টি হৈছে সমালোচনা৷ ফ্রান্সে ব্রিটেইনৰ সৈতে প্রস্তাৱিত প্রতিৰক্ষামন্ত্রীৰ বৈঠক ইতিমধ্যে প্রত্যাহাৰ কৰিছে৷ প্রশ্ণটো হৈছে, এফালে পৰমাণু নিৰস্ত্রীকৰণৰ শ্লোগান, আনফালে পৰমাণু শক্তিসম্পন্ন ক্ষেপণাস্ত্র–ছাবমেৰি আদিৰে অন্য দেশক প্রতিৰোধ কৰাৰ এক প্রতিযোগিতা কিয়? আমেৰিকাই দীর্ঘ দিন ধৰি পৰমাণু নিৰস্ত্রীকৰণৰ শ্লোগান দি আহিছে৷ ফ্রান্স, ব্রিটেইন আদি দেশে চীন আৰু ৰাছিয়াৰ পৰমাণু অস্ত্রই বিভীষিকাৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰি এই দেশ দুখনক পৰমাণু নিৰস্ত্রীকৰণৰ বাবে বাধ্য কৰোৱাৰ দাবী জনাই আহিছে আন্তর্জাতিক মঞ্চত৷ কিন্তু প্রশান্ত মহাসাগৰীয় অঞ্চলৰ লগতে দক্ষিণ আৰু পূব চীন সাগৰত বেইজিং প্রশাসনক পৰমাণু শক্তিসম্পন্ন ছাবমেৰিনেৰে প্রত্যাহ্বান জনাবলৈ এই দেশসমূহে বিভিন্ন সময়ত আস্ফালন কৰি আছে৷ ইয়াৰ দ্বাৰাই স্পষ্ট হৈছে, ইউৰোপ আৰু আমেৰিকাৰ পৰমাণু নিৰস্ত্রীকৰণৰ শ্লোগান সন্দর্ভত থকা দ্বৈত স্থিতি৷ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি পৰমাণু শক্তিসম্পন্ন ছাবমেৰিন আছে আমেৰিকাৰ হাতত৷ আমেৰিকাৰ হাতত ৬০খনতকৈ অধিক এনে ছাবমেৰিন আছে৷ যিবোৰ ছাবমেৰিনক আখ্যা দিয়া হৈছে অবিনাশী বুলি৷ ব্রিটেইন, ফ্রান্স, চীন আদি দেশৰ হাতত আমেৰিকাৰ তুলনাত যথেষ্ট কম ছাবমেৰিন আছে যদিও সেয়াও বিপজ্জনক৷ ইফালে, ৰাছিয়াৰো আছে এনে বিধ্বংসী ২৫খনতকৈ অধিক ছাবমেৰিন৷ ভাৰতত আছে এনে ছাবমেৰিন মাত্র এখন৷ এই ছাবমেৰিনবোৰ মহাসাগৰৰ জলৰাশি আৰু জীৱকুলৰ বাবে সমানেই ভয়ংকৰ হ’ব পাৰে৷ পৰমাণু নিৰস্ত্রীকৰণৰ শ্লোগান উত্থাপন হোৱাৰ সময়ত কিন্তু এনে ছাবমেৰিন নিষিদ্ধ হ’ব লাগে বুলি কোনো দেশে দাবী উত্থাপন কৰা নাই৷ গতিকে ভৱিষ্যৎ পৃথিৱীৰ বাবে এয়া কেনে ভয়ংকৰ হ’ব পাৰে তাক লৈ কোনেও অনুমান কৰিব পৰা নাই৷
তিনিওখন দেশৰ অ’কাছ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত তাৎপর্যপূর্ণভাৱে কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াই তীব্র ক্ষোভ উজাৰিছে৷ বিভিন্ন সময়ত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা উলংঘা কৰি গণবিধ্বংসী মাৰণাস্ত্রৰ পৰীক্ষা চলাই অহা উত্তৰ কোৰিয়াই উল্লেখ কৰিছে যে আমেৰিকা, ব্রিটেইন আৰু অষ্ট্রেলিয়াৰ এই নতুন চুক্তিয়ে এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলত পৰমাণু অস্ত্রৰ প্রতিযোগিতাৰ সৃষ্টি কৰিব৷ এই আশংকা অমূলক নহয়৷ আমেৰিকা আৰু ব্রিটেইনৰ পৰা প্রযুক্তি লাভৰ পিছত অষ্ট্রেলিয়াই চীনৰ সম্ভাব্য ভাবুকিক প্রত্যাহ্বান জনাবলৈ যদি পৰমাণু শক্তিসম্পন্ন ছাবমেৰিন নির্মাণ কৰে, তেন্তে বেইজিং প্রশাসন বহি নথকাটোৱে স্বাভাৱিক৷ চীনে আজিৰ মুহূর্তত প্রতিৰক্ষা ক্ষেত্রত এনে নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে যে বিশ্বৰ সকলো পৰাক্রমী ৰাষ্ট্রক প্রত্যাহ্বান জনাই যিকোনো মুহূর্ততে গণবিধ্বংসী অস্ত্র নির্মাণ কৰিবলৈ দেশখন সক্ষম৷ ইয়াৰ উপৰি সমগ্র অঞ্চলটোত ৰাছিয়াৰ এক শেন চকু৷ ইউৰোপ আৰু আমেৰিকাৰ এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলত একপক্ষীয় আধিপত্যক কেতিয়াও ৰাছিয়াই সহজভাৱে নল’ব৷ গতিকে সমগ্র অঞ্চলটো হৈ পৰিব পাৰে পৰমাণু অস্ত্র নির্মাণৰ প্রতিযোগিতাৰ উর্বৰ ক্ষেত্র৷ ইফালে, কোৰিয়া উপ–দ্বীপ অঞ্চলত আমেৰিকাৰ সম্ভাব্য আক্রমণৰ ভাবুকিক প্রত্যাহ্বান জনাবলৈ উত্তৰ কোৰিয়াই চলাই আছে সঘনে পৰমাণু শক্তিসম্পন্ন বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষা৷ এই সকলো দিশ বিশ্লেষণ কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে তিনি ৰাষ্ট্রৰ অ’কাছ চুক্তি হ’ব পাৰে বিশ্বৰ বাবে এক নতুন ভাবুকি৷

You might also like