নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃভাষাই হ’ল এটা জাতিৰ পৰিচয়ঃ মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ জাপৰিগোগ শতদল সাহিত্য সভাৰ ৰূপালী জয়ন্তীবর্ষ দিনজোৰা কার্যসূচীৰে সোমবাৰে স্থানীয় জনজাতি যুৱক সংঘ খেলপথাৰত উদ্যাপন কৰা হয়৷ পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাৰ সভাপতি ভূপেন্দ্র চন্দ্র শর্মাই৷ স্মৃতি তর্পণ কৰে উপ–সভাপতি দুর্লভ গোস্বামীয়ে৷ দহ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাৰ উদ্বোধনী গীতৰ পিছত সভাপতিয়ে সুন্দৰ উপস্থাপনেৰে আদৰণী ভাষণ পাঠ কৰে৷

জাপৰিগোগ সাহিত্য সভাৰ বিস্তৃত প্রতিবেদন পাঠ কৰে সম্পাদক মহেন্দ্র কাজানে৷ নির্দিষ্ট বক্তাৰ ভাষণ প্রসংগত অসমীয়া ভাষাৰ প্রয়োগ আৰু ইয়াৰ ভৱিষ্যত বিষয়ত ভাষাৰ উত্তৰণৰ পটভূমি, ব্যৱহাৰ, ঐতিহ্য ৰক্ষাৰ বাবে কৰণীয় সম্পর্কে চিন্তনীয় বিষয়সমূহ উপস্থাপন কৰে বিশিষ্ট শিক্ষাবিদ সাহিত্যিক ড০ নিৰঞ্জয় কলিতাই৷ সভাত শতদল শাখাৰ সভ্য অপূর্ব কছাৰী, দুর্লভ গোস্বামী, বিৰজা দেৱী, অনন্ত নাথ শর্মা, জিতেন চন্দ্র কলিতা, অলকা মেধি কলিতা, মহেন্দ্র নাথ কামান আদি লেখকৰ কেইবাখনো গ্রন্থ উন্মোচন কৰে সাহিত্যাচার্য পৰাগ কুমাৰ ভট্টাচার্যই৷ স্মৃতিগ্রন্থ ৰামকুমাৰ বৰুৱা সম্পাদিত স্মৃতিগ্রন্থ ‘দর্পণ’ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ–সভাপতি আদর্শ মাতৃ মৃণালিনী দেৱীয়ে৷ ভাষণ প্রসংগত তেওঁ কয় যে মাতৃভাষাই হ’ল এটা জাতিৰ পৰিচয়৷ সাহিত্য সৃষ্টিৰ উপজীব্য, ভাষা–সাহিত্য ৰক্ষাৰ কৃচ্ছ্র সাধনা, মাতৃভাষাৰ চর্চাৰে অনুবাদ সাহিত্যৰ জৰিয়তে পৃথিৱীৰ মহৎ সাহিত্যসমূহৰ আস্বাদনৰ বিষয়ে ব্যাখ্যা কৰে৷

প্রাচ্য–পাশ্চাত্য সাহিত্যৰ জ্ঞানৰাজি, ঋষি অৰবিন্দৰ অমৃতবাণী, ভাৰতীয়, সভ্যতা–সংস্কৃতি আধ্যাত্মবাদৰ ৰসাস্বাদন কৰি আমাৰ সাহিত্যকো জীপাল আৰু যুগমীয়া কৰিব লাগিব বুলি কয়৷ সভাত জীৱনজোৰা সাহিত্য সেৱা আৰু শাখাৰ প্রতিষ্ঠা কালৰে পৰা অবিৰত সেৱা আগবঢ়োৱা সাহিত্যিক সবিতা দেৱীক বিশেষভাৱে সন্মান জনোৱা হয়৷ ৰাজু আহমেদে আঁত ধৰা সভাখনত স্থানীয় ভালেকেইগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰে৷ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতা, সম্পাদক ডিম্বেশ্বৰ পাঠক, অসম সাহিত্য সভাৰ আভ্যন্তৰীণ হিচাপ পৰীক্ষক বিষ্ণু ডেকা, সাংগঠনিক সম্পাদক দুর্গেশ্বৰ পাঠক, বিৰজা দেৱী, মনোজ দাসকে ধৰি ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে৷

You might also like