নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এগজিট প’লৰ সমীক্ষা

পশ্চিমবংগত অষ্টম তথা অন্তিম পর্যায়ৰ বিধানসভা নির্বাচনৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ পিছতে কেইবাটাও সংবাদ সংস্থা তথা বিশ্লেষক গোটে আগবঢ়োৱা এগ্জিট প’লত অসমত পুনৰ বিজেপি মিত্রজোঁট নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ঘূৰি আহিব বুলি ঘোষণা কৰিছে৷ এগ্জিট প’লৰ এই সমীক্ষা অনুসৰি দেশজুৰি চর্চাৰ শীর্ষলৈ অহা পশ্চিমবংগ বিধানসভা নির্বাচনত বিজেপিয়ে তৃণমূল কংগ্রেছৰ দুর্গ উৎখাত কৰিবলৈ সক্ষম নহ’ব৷ অৱশ্যে একেৰাহে তৃতীয়টো কার্যকালৰ বাবে মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ ক্ষমতালৈ আহিব যদিও বিজেপিয়ে এক বৃহৎ শক্তি হিচাপে ৰাজ্যখনৰ ৰাজনীতিত খুঁটি পুতিবলৈ সক্ষম হ’ব৷ সেইদৰে কেৰালাত মুখ্যমন্ত্রী পিনাৰায়ি বিজয়ন নেতৃত্বাধীন বাঁও গণতান্ত্রিক মর্চা (এলডিএফ) পুনৰ ক্ষমতালৈ আহিব৷ কংগ্রেছ নেতৃত্বাধীন ইউডিএফৰ সৈতে দক্ষিণৰ ৰাজ্যখনত এলডিএফৰ তীব্র প্রতিদ্বন্দ্বিতা হ’ব যদিও ৰাজ্যখনত বাঁও দুর্গ অক্ষত থাকিব বুলি প্রতিটো সংবাদ সংস্থাৰ সমীক্ষাত ইংগিত দিয়া হৈছে৷ ইফালে তামিলনাডুত এইবাৰ এআইএডিএমকেৰ দুর্গৰ পতন ঘটিব বুলিও আটাইবোৰ সংবাদ সংস্থাই সদৰী কৰিছে৷ ডিএমকে নেতৃত্বাধীন মিত্রজোঁটে তামিলনাডুত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি এগ্জিট প’লৰ সমীক্ষাসমূহত প্রকাশ পাইছে৷ কেন্দ্রীয়শাসিত ৰাজ্য পুডুচেৰীত ৩০খন আসনৰ ভিতৰত ১৬ৰ পৰা ২০খন আসন বিজেপি নেতৃত্বাধীন এনডিএই দখল কৰিব বুলি কেইবাটাও সংবাদ সংস্থাই এগ্জিট প’লৰ সমীক্ষাত উল্লেখ কৰিছে৷ অর্থাৎ এনডিএই পুডুচেৰীত চৰকাৰ গঠন কৰাৰ সম্ভাৱনা প্রবল৷ এগ্জিট প’লসমূহৰ সমীক্ষা প্রকাশ পোৱাৰ পিছতে ৰাজনৈতিক দলবোৰৰ মাজত বিশেষ তৎপৰতা আৰম্ভ হৈছে৷ ২ মে’ত নির্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূর্বে পাঁচোখন ৰাজ্যত আৰম্ভ হৈছে চৰকাৰ গঠনৰ কুচকাৱাজ৷ লক্ষণীয়ভাৱে নির্বাচনৰ ফলাফলৰ পিছত হর্ছ ট্রেডিং হ’ব পাৰে বুলি বিভিন্ন দলৰ শীর্ষ নেতৃত্বই নিজৰ প্রার্থীক সুৰক্ষিত স্থানত ৰখাৰো ব্যৱস্থা কৰিছে৷ অসমত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ প্রার্থীসকলক নিৰাপদ স্থানত হোটেলত ৰাখি বাহিৰৰ সৈতে সম্পর্ক ৰাখিব নোৱাৰাৰ ব্যৱস্থা কৰা হৈছে৷ এয়া এক অতি পৰিতাপৰ বিষয়৷ নির্বাচনত প্রার্থী হিচাপে বিভিন্ন সমষ্টিত প্রতিনিধিত্ব কৰা নেতাই ফলাফল ঘোষণা হোৱাৰ পাছত যদি বৃহৎ অংকৰ ধনৰ বিনিময়ত অন্য দললৈ ঢ়াপলি মেলে, তেন্তে গণতান্ত্রিক প্রক্রিয়াটোৰ প্রতিয়েই জনসাধাৰণৰ আস্থা হ্রাস পাই আহিব৷ অৱশ্যে দেশৰ ৰাজনীতিত এয়া কোনো নতুন কথা নহয়৷ বিভিন্ন সময়ত সস্তীয়া পণ্যৰ দৰে বিজয়ী প্রার্থীসকল নিশাৰ ভিতৰতে বিক্রী হোৱা দেখিবলৈ পোৱা যায়৷
বিভিন্ন সময়ত এগ্জিট প’লৰ সমীক্ষা ভুল প্রমাণিত হৈ আহিছে দেশৰ ৰাজনীতিত৷ তথাপি ৰাজনৈতিক প্রতিচ্ছবি আৰু নির্বাচনী পৰিৱেশ বিশ্লেষণ কৰি সংবাদ সংস্থা তথা বিশ্লেষক গোটসমূহে আগবঢ়োৱা সমীক্ষাক লৈ জনসাধাৰণে অপেক্ষা কৰি থাকে৷ এগ্জিট প’লৰ এই সমীক্ষাক লৈয়েই দলসমূহৰ ৰাজনৈতিক সমীকৰণ সলনি হয়৷ বিভিন্ন সময়ত লোকসভা তথা বিধানসভা নির্বাচনৰ পাছত সংবাদ সংস্থাৰ এগ্জিট প’লৰ সমীক্ষা ভুল প্রমাণ হৈছে৷ কেতিয়াবা এগ্জিট প’লত কোনো ৰাজনৈতিক দলে চৰকাৰ গঠনৰ ১০০ শতাংশ সম্ভাৱনীয়তাৰ কথা প্রকাশ কৰা হয় যদিও ভোটগণনাৰ পাছত সেই ৰাজনৈতিক দলটোৱে সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যর্থ হোৱাও দেখিবলৈ পোৱা যায়৷ উদাহৰণস্বৰূপে বিগত লোকসভা নির্বাচনত কেইবাটাও সংবাদ সংস্থাই এনডিএ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব বুলি ঘোষণা কৰিছিল যদিও অভিলেখ সৃষ্টি কৰি দেশৰ ক্ষমতালৈ পুনৰ ঘূৰি আহিছিল বিজেপি নেতৃত্বাধীন এই মিত্রজোঁট৷ লক্ষণীয়ভাৱে বিদেশৰ ৰাজনীতিত এগ্জিট প’লৰ সমীক্ষাত বিশেষ গুৰুত্ব প্রদান কৰা নহয়৷ ইউৰোপ তথা পৃথিৱীৰ সমৃদ্ধিশালী দেশসমূহত এগ্জিট প’লৰ সমীক্ষা বাৰে বাৰে অর্থহীন বুলি বিবেচিত হৈ আহিছে৷ অষ্ট্রেলিয়াৰ নির্বাচনত এগ্জিট প’লৰ সমীক্ষা ভুল প্রমাণ হৈছিল৷ গতিকে এনে সমীক্ষাক গৰিষ্ঠসংখ্যক লোকে গুৰুত্ব দিয়াৰ পৰা বিৰত থাকে৷ তথাপি ভাৰতত এগ্জিট প’লৰ সমীক্ষাক লৈও ৰাজনৈতিক দল তথা সাধাৰণ জনতাৰ আছে বিশেষ আস্থা৷ সেইবাবে ভাৰতত নির্বাচনৰ পাছত এগ্জিট প’লৰ সমীক্ষা নির্বাচনৰেই এক অংশ হৈ পৰিছে৷

You might also like