মোদীময় হৈ পৰিছে গুৱাহাটীৰ ৰাজপথ
জি আৰু কাইলৈ দুদিনীয়া চৰকাৰী–বেচৰকাৰী কার্যসূচীৰে অসম ভ্রমণলৈ আহিব৷ আজি বিয়লি ২.৪৫ বজাত ভাৰতীয় বায়ুসেনাৰ এখন বিশেষ বিমানেৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত আহি উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আগন্তুক অসম ভ্রমণলৈ মাজত মাত্র কেহটামান ঘণ্টা বাকী থকা অৱস্থাত প্রধানমন্ত্রীগৰাকীৰ্ ভ্রমণ কার্যসূচী সফল কৰি তুলিবলৈ চৰকাৰ আৰু বিজেপিৰ ৰাজ্যিক কমিটীয়ে ব্যাপক তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে৷
আনকি বৰঝাৰ বিমানবন্দৰৰ পৰা আৰম্ভ কৰি প্রধানমন্ত্রীয়ে অহা–যোৱা কৰিবলগীয়া সমগ্র বাট–পথ, পথৰ মাজৰ ডিভাহডাৰত অসম চৰকাৰৰ জনসংযোগ বিভাগৰ লগতে বিজেপিৰ ৰাজ্যিক কমিটীৰ ফালৰ পৰা মোদীৰ সৰু–বৰ কাট আডট আৰু হর্ডিং স্থাপন কৰা দেখা গৈছে৷
উল্লেখ্য যে আজি আৰু কাইলৈ দুদিনীয়া চৰকাৰী–বেচৰকাৰী কার্যসূচীৰে অসম ভ্রমণলৈ আহিব৷ আজি বিয়লি ২.৪৫ বজাত ভাৰতীয় বায়ুসেনাৰ এখন বিশেষ বিমানেৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত আহি উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷
দুদিনীয়া মোদীৰ ভ্রমণসূচী অধিক আকর্ষণীয় কৰিবৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১০জন মন্ত্রীক বিশেষ দায়িত্ব অর্পণ কৰিছে৷ আজি বিয়লি ২.৪৫ বজাত গুৱাহাটীত উপস্থিত হৈয়ে প্রধানমন্ত্রী মোদীয়ে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত নতুনকৈ নির্মাণ কৰা টার্মিনেলৰ শুভাৰম্ভ কৰিব৷
অসমসহ উত্তৰ–পূবত উপলব্ধ বাঁহেৰে বিশেষভাৱে সজাই–পৰাই তোলা কপৌ ফুলৰ আর্হিত নির্মাণ কৰা টার্মিনেলটো মুকলিৰ বাবে সাজু হৈ উঠিছে৷ আজি নতুন টার্মিনেল উদ্বোধন কৰাৰ লগতে লোকপ্রিয় গোপীনাথ বৰদলৈৰ ২১ ফুট উচ্চতাৰ এক বিশাল প্রতিমূর্তিও উন্মোচন কৰিব প্রধানমন্ত্রীয়ে৷
এই উপলক্ষে বিমানবন্দৰ চৌহদত প্রায় এক লাখ লোকৰ উপস্থিতিত বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব এখন বিশাল জনসভা৷ তাৰ পিছতে মোদীয়ে স্থলপথেৰে যাত্রা কৰিব বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনলৈ৷
আনহাতে সৰুসজাই ষ্টেডিয়ামৰ পৰা বশিষ্ঠলৈ প্রায় চাৰি কিলোমিটাৰ দৈর্ঘ্যৰ এক ৰোড শ্ব’ত অংশ ল’ব নৰেন্দ্র মোদীয়ে৷ ৰাজ্যিক কার্যালয়ত উপস্থিত হৈ মোদীয়ে দলৰ জ্যেষ্ঠ আৰু পুৰণি কার্যকর্তাসকলৰ সৈতে মত বিনিময় কৰিব৷
কাইলৈ পুৱা গুৱাহাটীৰ পাণবজাৰ ঘাটত ব্রহ্মপুত্রৰ বুকুত চৰাইদেড নামৰ জাহাজখনত ‘পৰীক্ষা পে’ চর্চা’ শীর্ষক এক অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্রান্তৰ ২৫জন নির্বাচিত ছাত্র–ছাত্রীৰ সৈতে মিলিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ তাৰ পিছত প্রধানমন্ত্রীয়ে পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্রলৈ গৈ ছবছৰীয়া বিদেশী বহিষ্কৰণ আন্দোলনত প্রাণ আহুতি দিয়া ৮৬০গৰাকী শ্বহীদক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব৷
তাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদী বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে ডিব্রুগড় হৈ ৰাওনা হ’ব নামৰূপলৈ৷
উল্লেখ্য যে বৰঝাৰ বিমানবন্দৰৰ নতুন টার্মিনেল ভৱনৰ সন্মুখত প্রায় ৭৫ হাজাৰ মানুহ একেলগে বহিব পৰা তিনিটা বিশাল আকৃতিৰ পেণ্ডেল নির্মাণ কৰা হৈছে৷ তাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এখন সভা সম্বোধন কৰিব৷
আনহাতে বৰঝাৰ বিমানবন্দৰৰ পৰা জালুকবাৰী হৈ খানাপাৰালৈ পথছোৱা সুন্দৰকৈ সজাই–পৰাই তোলাৰ লগতে মানুহে প্রধানমন্ত্রীগৰাকীক্ আদৰণি জনোৱাৰ সুবিধার্থে পথৰ দাঁতিত বাঁহৰ বেৰিকেড নির্মাণ কৰা হৈছে৷
মহানগৰ বার্তা, আজাৰা, ২০ ডিচেম্বৰ