নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তীর্থযাত্রা

ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উপ–নির্বাচনৰ প্রচাৰৰ সময়ত প্রতিটো নির্বাচনেই তেওঁৰ বাবে তীর্থযাত্রাৰ লেখীয়া বুলি মন্তব্য কৰিছে৷ মুখ্যমন্ত্রীগৰাকীৰ এই মন্তব্য যথেষ্ট গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷ তীর্থযাত্রাক এক পৱিত্র কর্মযজ্ঞ হিচাপে বিবেচিত কৰা হয়৷ সাধাৰণতে হিন্দু ধর্মীয় লোকসকলে বিভিন্ন মন্দিৰ অথবা পুণ্য স্থানলৈ যোৱাটোকে তীর্থযাত্রা বুলি কোৱা হয়৷ এই দৃষ্টিকোণৰ পৰা মুখ্যমন্ত্রী হিচাপে নহয়, এজন ৰাজনীতিক হিচাপে ড০ হিমন্ত বিশ্ব শর্মাই নির্বাচনক তীর্থযাত্রা ৰূপে অভিহিত কৰাটোৱে যথেষ্ট তাৎপর্য বহন কৰিছে৷ মুখ্যমন্ত্রীগৰাকীয়ে নির্বাচনৰ সময়ত ৰাইজক ওচৰৰ পৰা লগ পোৱাৰ লগতে সকলো শ্রেণীৰ জনসাধাৰণৰ সৈতে মত বিনিময়ৰ সুবিধা লাভ কৰে বুলি উল্লেখ কৰিছে৷ নির্বাচন এজন সফল ৰাজনীতিকৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ৷ নির্বাচনত জয়লাভে এজন ৰাজনীতিকৰ ভৱিষ্যৎ গঢ়ি তোলে৷ সেই বাবে এজন ৰাজনীতিকৰ বাবে নির্বাচনটো অগ্ণিপৰীক্ষাই নহয়, পৱিত্র হিচাপেও গণ্য কৰা হয়৷ এই দৃষ্টিকোণৰ পৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ নির্বাচন সম্পর্কীয় এই মন্তব্যৰ গুৰুত্ব সুদূৰপ্রসাৰী৷ উল্লেখ্য যে মুখ্যমন্ত্রী ৰূপে দায়িত্বভাৰ লৈয়ে মুখ্যমন্ত্রী ড০ শর্মাই সর্বসাধাৰণ ৰাইজক উপকৃত কৰা আৰু সাধাৰণ জনতাক চুই যোৱা বহু পদক্ষেপ গ্রহণ কৰিছে৷ মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই তেনে এক পদক্ষেপ৷ সর্বসাধাৰণ গাঁৱৰ ৰাইজক সর্বস্বান্ত কৰা মাইক্র’ ফাইনেঞ্চৰ ঋণ কিমান ভয়াৱহ হ’ব পাৰে সেয়া মুখ্যমন্ত্রীগৰাকীয়ে হয়তো নির্বাচনী প্রচাৰৰ সময়ত সর্বসাধাৰণ ৰাইজৰ সৈতে কৰা মত বিনিময়ৰ জৰিয়তে উমান পাইছিল৷ সেই বাবে তেওঁ কার্যভাৰ গ্রহণ কৰিয়েই মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ জৰিয়তে গ্রামাঞ্চলৰ সর্বসাধাৰণ মহিলাসকলক ঋণৰ হাতোৰাৰ পৰা উদ্ধাৰ কৰাৰ পদক্ষেপ গ্রহণ কৰে৷ ইয়াৰ উপৰি মাটি–বাৰীৰ ক্রয়–বিক্রয়ৰ ক্ষেত্রত ৰাজহ চক্র বিষয়াৰ কার্যালয়ত দীর্ঘদিনৰ পৰা চলি অহা দালালৰাজ উৎখাতৰ পদক্ষেপ গ্রহণ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ আপাততঃ এই বিষয়টো গুৰুত্বহীন বুলি বিবেচিত হৈ আহিছিল যদিও সর্বসাধাৰণ ৰাইজ দালালৰ পাকচক্রত পৰি কিদৰে সর্বস্বান্ত হয় সেয়া ভুক্তভোগীসকলেহে উপলব্ধি কৰিব পাৰে৷ মুখ্যমন্ত্রীয়ে দালালৰ বিৰুদ্ধে চলোৱা অভিযানেও সাধাৰণ জনতাৰ হূদয় চুই যাবলৈ সক্ষম হৈছে৷
আনহাতে ড্রাগ্ছৰ দৰে ভয়াৱহ ব্যাধিয়ে সমাজত কি বিৰূপ প্রভাৱ বিস্তাৰ কৰিছে সেয়া ড্রাগ্ছৰ কবলত পৰা যুৱক–যুৱতীৰ পৰিয়ালেহে অনুভৱ কৰিব পাৰে৷ ড্রাগ্ছে ইতিমধ্যে ৰাজ্যখনৰ এটা প্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে৷ সেই বাবেই মুখ্যমন্ত্রীৰ দায়িত্ব লৈয়েই ড০ হিমন্ত বিশ্ব শর্মাই ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ ইয়াৰ জৰিয়তে ৰাজ্যখনৰ উত্তৰ প্রজন্মৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ লগতে অভিভাৱকসকলকো এই ভয়াৱহ দিনৰ পৰা মুক্তি প্রদান কৰিছে৷ ইফালে মুখ্যমন্ত্রী ড০ শর্মাই ইতিমধ্যে সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ হুংকাৰ দিছে৷ তেওঁ ৰেচনৰ দোকানীসকলে চৰকাৰৰ বিনামূলীয়া চাউল কিদৰে হিতাধিকাৰীৰ পৰা কাটি ৰাখে সেয়া উল্লেখ কৰি এনেধৰণৰ ব্যৱস্থা অব্যাহত থাকিলে সুলভ মূল্যৰ দোকানীসকলকো গ্রেপ্তাৰ কৰা হ’ব বুলি সদৰী কৰিছে৷ উল্লেখ্য যে ৰাজ্যৰ গ্রামাঞ্চলত চৰকাৰৰ বিনামূলীয়া চাউলক লৈ সুলভ মূল্যৰ দোকানীসকলে ব্যাপক দুর্নীতিত লিপ্ত হৈ আহিছে৷ মুখ্যমন্ত্রীৰ এনে হুংকাৰৰ পাছত গ্রামাঞ্চলৰ সর্বসাধাৰণ ৰাইজে সকাহ অনুভৱ কৰিছে৷ মুখ্যমন্ত্রীগৰাকীৰ এনেধৰণৰ সর্বসাধাৰণ ৰাইজক চুই যোৱা পদক্ষেপসমূহ মূলতঃ জনসাধাৰণৰ সৈতে যোগাযোগৰ বাবে সম্ভৱ হৈ উঠিছে৷ মুখ্যমন্ত্রীয়ে নির্বাচনক তীর্থযাত্রাৰ সৈতে তুলনা কৰা বিষয়টো ইয়াৰ সৈতে সংলগ্ণ হৈ আছে৷ সাধাৰণতে নির্বাচনৰ সময়ত জনসাধাৰণে ৰাজনৈতিক নেতাসকলৰ সৈতে মত বিনিময় কৰাৰ সুবিধা লাভ কৰে আৰু বিভিন্ন অভিযোগ দাখিলৰো সুবিধা পায়৷ মুখ্যমন্ত্রীৰ এই জনহিতকৰ পদক্ষেপসমূহ নির্বাচনৰ সময়ত লাভ কৰা অভিযোগৰ পৰাই আৰম্ভ হোৱা বুলি অনুমান কৰিব পাৰি৷ সেই বাবে তেওঁ নির্বাচনক তীর্থযাত্রাৰ সৈতে অভিহিত কৰাটো সার্থক হৈ পৰিছে৷

You might also like