নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী-ত দুটাকৈ পথ দুৰ্ঘটনা, নিহত এক, আহত ২

মহানগৰীৰ নুনমাটি ১নং মধৱপুৰত এক পথ দুৰ্ঘটনা সংঘটিত হৈছে। ড০ ভূপেন হাজৰিকা পথত এই দুৰ্ঘটনাটো সংঘটিত হয়। তীব্ৰবেগী মটৰচাইকেল আৰোহীয়ে ডিভাইডাৰত প্ৰচণ্ড খুন্দা মাৰে।ঘটনাস্থলীতে মটৰচাইকেল আৰোহী যুৱকজনৰ মৃত্যুৰ সন্দেহ কৰা হৈছে। নুনমাটি আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে যুৱকজনক। ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী যুৱতীও। নিহত যুৱকজন নুনমাটি গোপাল নগৰৰ হিতেশ দাস।

ইফালে ভঙাঘৰ উৰণ সেতু ছিগনেল পইন্টত অচিনাক্ত বাহনে মহটিয়াই থৈ গ’ল এজন ব্যক্তিক গুৰুতৰভাৱে আহত ব্যক্তিগৰাকীক ভৰ্তি কৰোৱা হৈছে নেমকেয়াৰ হাস্পতালত। সম্প্ৰতি আই চি ইউৰ বেডত ভৰ্তি হৈ আছে মোহন কাৰ নামৰ ব্যক্তিগৰাকী। আহত ব্যক্তিগৰাকীৰ ঘৰ গুৱাহাটী মহানগৰীৰ বিষ্ণুপুৰত।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৩ অক্টোবৰ

You might also like