লাজল’ ক্রাজনাহোর্কাই
২০২৫ চনৰ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে হাংগেৰীৰ সাহিত্যিক লাজল’ ক্রাজনাহোর্কাইলৈ৷ হাংগেৰীৰ এইগৰাকী কথা সাহিত্যিকে ২০১৫ চনত অর্জন কৰিছিল বুকাৰ প্রাইজ৷ ক্রাজনাহোর্কাইৰ পিতৃ আছিল এগৰাকী ইহুদী৷ সেইবাবে জন্মসূত্রে লাজল’ এগৰাকী ইহুদী৷ ক্রাজনাহোর্কাইৰ জন্ম (১৯৫৪)ৰ সময়ত ইহুদীসকলৰ অৱস্থা সিমান দুর্বিষহ নাছিল যদিও একেবাৰ কাষতে ছোভিয়েট ৰুছিয়া থকা বাবে সমাজবাদে তেওঁলোকক মানসিকভাৱে প্রভাৱিত কৰিছিল৷ এটি সাক্ষাৎকাৰত ক্রাজনাহোর্কাই কৈছিল যে তেওঁলোকৰ দেশত তেওঁলোকৰ প্রজন্মই মুক্তকণ্ঠেৰে কমিউনিজিমক অস্বীকাৰ কৰিছিল৷ অৱশ্যে তেওঁ শৈশৱ কাল অতিবাহিত কৰা হাংগেৰীত কমিউনিষ্টৰ প্রভাৱ আছিল অতি গাঢ়৷ লাজল’ ক্রাজনাহোর্কাইৰ জীৱনত জার্মান লেখক ফ্রেনছ কাফকাৰ প্রভাৱ আছিল অপৰিসীম৷ কাফকাৰ প্রায় সকলো লেখাই তেওঁ অধ্যয়ন কৰিছিল৷ কাফকাৰ লেখাবোৰে লাজল’ক সদায় চুম্বকৰ দৰেই টানি আনিছিল৷ একেদৰে তেওঁক প্রভাৱান্বিত কৰিছিল ফিঅ’ডৰ দস্তয়েভস্কিৰ লেখাই৷ দস্তয়েভস্কিৰ ‘দ্য ইডিয়ট’ উপন্যাসৰ মূল চৰিত্র প্রিঞ্চ মিছকনৰ ছাঁ ক্রাজনাহোর্কাইৰ প্রায়বোৰ উপন্যাসতে প্রবলভাৱে পৰিলক্ষিত হয়৷ বিশেষকৈ তেওঁৰ শেহতীয়া উপন্যাস ‘হার্ছট ০৭৭৬৯’ৰ মূল চৰিত্র ফ্ল’ৰিয়ানৰ যথেষ্ট সাদৃশ্য আছিল মিছকনৰ সৈতে৷ অৱশ্যে ক্রাজনাহোর্কাইৰ চৰিত্র ৰূপায়ণৰ কৌশল সুকীয়া৷ তেওঁৰ চৰিত্রবোৰে সদায় যুঁজ দি যায়৷ অৱস্থাৰ পৰিৱর্তনৰ বাবে প্রয়োজনীয় সকলোখিনি নিজৰ সামর্থ্যৰ ভিতৰতে থাকি তাক অনুসৰণৰ চেষ্টা কৰে৷ অতি দীঘলীয়া বাক্য ক্রাজনাহোর্কাইৰ লেখাৰ এক বিশেষ ষ্টাইল৷ তেওঁৰ শেহতীয়া উপন্যাস ‘হার্ছট ০৭৭৬৯’ৰ ৰচনা কৌশল সম্পর্কত ‘নিউয়র্ক টাইমছ’ত প্রকাশিত গ্রন্থ সমালোচনাত লিখা হৈছে এনেদৰে– ‘ছিছ নভেল হেজ পিউয়াৰ পিৰিয়ডছ দেন দিছ হেডলাইন৷ এণ্ড ইটছ ৪০০ পেজেছ৷’ এটা মাত্র বাক্যত লিখি উলিওৱা উপন্যাসখনৰ মাজত দেখিবলৈ পোৱা যায় চিকিৎসকৰ পৰা গৃহবধুলৈ অসংখ্য কণ্ঠস্বৰ৷ নিজৰ এই ষ্টাইলক ক্রাজনাহোর্কাই শ্বেইক্সপীয়েৰৰ সুৰত সুৰ মিলাই ‘মেথডিকেল মেডনেছ’ বুলি অভিহিত কৰিছে৷
এইগৰাকী মহান সাহিত্যিকৰ ২০১৮ চনত প্রকাশিত গ্রন্থ ‘দ্য ৱর্ল্ড গৌজ অন’ সম্পর্কত সমালোচকসকলে মন্তব্য কৰিছিল যে এইবোৰ গল্পৰ পটভূমি কিয়েভৰপৰা সাংহাই পর্যন্ত বিস্তৃত হ’লেও কাহিনীবোৰত বিচ্ছিন্ন, একাকীত্ব আৰু অসহায় পুৰুষসকলৰ জীৱন বিভিন্ন ধৰণে প্রতিফলন কৰা হৈছে৷ হাংগেৰীৰ এগৰাকী বিশিষ্ট চলচ্চিত্র নির্মাতা বেলা তাৰে ক্রাজনাহোর্কাইৰ উপন্যাসৰ কাহিনীক লৈ ছবি নির্মাণ কৰিছিল৷ অৱশ্যে সাহিত্যিকগৰাকীয়ে কৈছিল যে ছবিখন নির্মাণৰ বাবে সুকীয়াকৈ কোনো চিত্রনাট্য প্রস্তুত কৰা হোৱা নাছিল৷ তেওঁৰ উপন্যাসৰ নির্বাসখিনি লৈ বেলাই নিজৰ ধৰণে চলচ্চিত্রখন নির্মাণ কৰিছিল৷ আনহাতে, জার্মান চিত্রকৰ মেক্স নিউমেনে কাঁ ছবিৰ ওপৰত ভিত্তি কৰি ক্রাজনোহোর্কাই লিখি উলিয়াইছিল তেওঁৰ উপন্যাসিকা ‘এনিমেলইনছাইড’৷ সাহিত্যিক ক্রাজনাহোর্কাইয়ে সমগ্র বিশ্বত ঘটি থকা সকলো অন্যায়ৰ বিৰুদ্ধে প্রতিবাদৰ মাধ্যমৰূপে বিবেচনা কৰিছিল৷ অন্যায়ৰ বিৰুদ্ধে কথা কোৱা প্রসংগত তেওঁ এবাৰ কৈছিল– শিল্পীসকলে ক্রমাগতভাৱে কথা কোৱা উচিত৷ ইহুদী বংশোদ্ভুত এইগৰাকী সাহিত্যিকে ইউক্রেইন–ৰুছিয়াৰ যুদ্ধক লৈ আৰম্ভণিৰ পৰাই সৰৱ হৈ আহিছে৷ অৱশ্যে গাজাত ইজৰাইলী সৈন্যসকলৰ জাতিগত নিধন আৰু গণহত্যা সম্পর্কৰ ন’বেল বঁটা বিজয়ী এইগৰাকী কথা সাহিত্যিকে কেতিয়াও মন্তব্য কৰা পৰিলক্ষিত হোৱা নাই৷ সাহিত্যিকগৰাকীৰ বিশেষত্ব প্রকাশ কৰিবলৈ গৈ ন’বেল কমিটীয়ে তেওঁৰ ৱেবছাইটত লিখিছে– তেওঁৰ শক্তিশালী আৰু ভাবনাপ্রবণ লেখাৰ বাবে, যি ভয়াৱহ দুর্যোগৰ মাজতো শিল্পৰ শক্তিক বিশ্বাস কৰায়৷ অর্থাৎ প্রায় ধ্বংসৰ দুৱাৰডলিত থিয় দিয়া এখন পৃথিৱীত থিয় হৈ নিজৰ লেখাৰ শৈল্পিক গুণেৰে তেওঁ মানুহৰ পুনৰ আস্থা ওভতাই আনিছে শিল্পৰ শক্তিৰ ওপৰলৈ৷ ক্রাজনাহোর্কাইৰ ৪খন সেই উপন্যাস হ’ল– ‘ছেটানটেংগো’, ‘দ্য মেলানকলি অৱ ৰেজিষ্টেঞ্চ’, ‘ৱাৰ এণ্ডৱাৰ’ আৰু ‘বেৰন অনকহেইমছ হোমকামিং’৷ তেওঁৰ সাহিত্য সম্পর্কে কোৱা হৈছে যে মানুহৰ জীৱনত কঠোৰভাৱে ৰক্ষিত হৈ থকা গোপনীয়তাসমূহ তেওঁৰ লেখাত তুলি ধৰা হয়৷