নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপহূত বিষয়াদ্বয়ক মুক্তি দিয়ক

দুমাহ ধৰি আলফাই পণবন্দী কৰি ৰখা কুইপ’ৰ বিষয়া প্রণৱ গগৈ আৰু ৰাম কুমাৰৰ ওপৰত এসপ্তাহৰ ভিতৰত ‘চূড়ান্ত ব্যৱস্থা’ গ্রহণ কৰা হ’ব বুলি ১৯ ফেব্রুৱাৰীত সংগঠনটোৱে ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনত আকৌ এক বিভীষিকাৰ সৃষ্টি হৈছে৷ উগ্রপন্থী সংগঠনৰ হত্যা–পহৰণ তথা হিংসাত্মক ঘটনা নতুন নহয়৷ ৯০ৰ দশকৰ পৰা ৰাজ্যবাসীয়ে উগ্রপন্থীৰ হিংসা–হত্যাৰ বিভীষিকা প্রত্যক্ষ কৰি আহিছে৷ বিগত এটা দশকৰ ভিতৰত ৰাজ্যখনৰ অধিকাংশ উগ্রপন্থী সংগঠনৰ শীর্ষ নেতাসকলে আলোচনাৰ বাবে আগবাঢ়ি অহাৰ লগে লগে বিভীষিকাময় পৰিস্থিতিৰ পৰা অসমবাসীয়ে বহু পৰিমাণে সকাহ পাইছিল৷ যোৱা ২১ ডিচেম্বৰত অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ এটি ভিতৰুৱা অঞ্চলৰ পৰা প্রণৱ গগৈ আৰু ৰাম কুমাৰক এনএছচিএন আৰু জিপিআৰএলৰ সহযোগত আলফাই অপহৰণ কৰাৰ পাছতে অসমবাসীৰ মনত আকৌ জাগ্রত হৈছে নিৰাপত্তাহীন পৰিস্থিতিৰ৷ প্রণৱ গগৈ অৰু ৰাম কুমাৰক অপহৰণৰ জৰিয়তে আলফাই কুইপ’ নামৰ খাৰুৱা তেল আৰু গেছৰ ড্রিলিং কোম্পানীটোৰ পৰা বুজন পৰিমাণৰ ধন সংগ্রহৰ লক্ষ্য কৰি লৈছে৷ আলফাৰ তৈল কোম্পানীটোৰ স’তে দৰ–দাম নিমিলাৰ বাবেই পণবন্দী বিষয়াদ্বয়ৰ ওপৰত ‘চূড়ান্ত ব্যৱস্থা’ গ্রহণৰ ভাবুকি দিয়া হৈছে৷ কুইপ’ নামৰ কোম্পানীটোৰ পৰা ধন সংগ্রহৰ লক্ষ্যৰে প্রণৱ গগৈ আৰু ৰাম কুমাৰক বিগত দুমাহ ধৰি যিদৰে আবদ্ধ কৰি ৰাখি অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে সেয়া কোনো বিবেকৱান মানুহে সমর্থন নকৰে৷ বহিঃৰাজ্যৰ কোম্পানীটোৰ পৰা ধন সংগ্রহৰ নামত আলফাই গ্রহণ কৰা কঠোৰ স্থিতিয়ে বিগত সময়ছোৱাত প্রণৱ গগৈ আৰু ৰাম কুমাৰৰ পৰিয়াল দুটাৰ মাজত সৃষ্টি হোৱা শোকাৱহ আৰু বিভীষিকাময় পৰিস্থিতিৰ ছবিখন অসমবাসীয়ে দেখি–পঢ়ি শোকবিহ্বল হৈছে৷ ৰাজ্যখনৰ বিভিন্ন দল–সংগঠনেই নহয়, সর্বশ্রেণীৰ ৰাইজে প্রণৱ গগৈৰ আৰু ৰাম কুমাৰৰ মুক্তিৰ দাবীত জাগ্রত হৈছে৷ কুইপ’ক দাবীকৃত ধনৰ বিনিময়ত দুয়োজন পণবন্দীয়ে যাতে জীৱন বলিদান দিব লগা নহয় সেয়া সকলো পক্ষই আন্তৰিকতাৰে কামনা কৰিছে৷ আলফাৰ পূর্বৰ লেখীয়া সাংগঠনিক ভেটি অথবা শক্তি নাই৷ সেয়ে সংগঠনটোৱে পূর্বৰ লেখীয়া ধন দাবী অথবা অপহৰণৰ ঘটনা সংঘটিত কৰিব পৰা নাই৷ ফলত নিশ্চিতভাৱে সংগঠনটোৱে পূর্বৰ লেখীয়া ধন সংগ্রহ অভিযান চলাই নিয়াৰ ক্ষেত্রত সমস্যাত পৰিছে৷ কিন্তু কূটাঘাতমূলক কার্য সংঘটিত কৰিবলৈ কোনো উগ্রপন্থী সংগঠনকে অধিক শক্তিৰ প্রয়োজন নাই৷ আলফাই বিগত তিনিটা দশকত কিমান লোকৰ পৰা ডাবি–ধমকিৰে ধন সংগ্রহ কৰিছে, কিমান লোকক অপহৰণ কৰিছে তাৰ হিচাপ হয়তো লাখৰ ঘৰ চুব৷ দাবী কৰা ধন নিদিয়াৰ বাবে আলফাৰ জিম্মাত পণবন্দী নিহত হোৱাৰ ঘটনাও পূর্বতে কেইবাবাৰো সংঘটিত হৈছে৷ প্রণৱ গগৈ আৰু ৰাম কুমাৰক আলফাৰ নেতৃত্বই সুৰক্ষিত অৱস্থাত মুক্তি দিয়া উচিত৷ যদিহে দুই পণবন্দীক জীৱন বিপদাপন্ন হয় তাৰ বাবে আলফাই দায়ী হ’ব৷ এনে কার্য অসমবাসীয়ে কেতিয়াও সহ্য নকৰে৷
অসমবাসীয়ে পূর্বৰ লেখীয়া বিভীষিকাময় পৰিস্থিতি আৰু বিচৰা নাই৷ নিৰাপত্তা বাহিনী আৰু উগ্রপন্থীৰ মাজত চলি থকা অঘোষিত যুঁজখনৰ পৰা মুক্তি বিচাৰিছে৷ আশী দশকৰ শেষার্ধৰ পৰা দুটা দশক ধৰি ৰাজ্যখনত যি বিভীষিকাময় পৰিস্থিতিৰ উদ্ভৱ হৈছিল তাৰ ফলত সর্বাধিক ক্ষতিগ্রস্ত হৈছিল সর্বসাধাৰণ নাগৰিক৷ ১৯৯২ৰ পৰা ২০০০ চনলৈ ৰাজ্যখনত নিৰাপত্তা বাহিনী আৰু উগ্রপন্থীৰ মাজত চলি থকা যুঁজখনত মুঠ ৩,৮৩৭গৰাকী নিহত হৈছিল৷ ইয়াৰে ১,০৯০জন উগ্রপন্থী আৰু ৫৫২জন নিৰাপত্তাৰক্ষী৷ ইয়াৰ বিপৰীতে সর্বাধিক ১,১৯৫গৰাকী সাধাৰণ নাগৰিক নিহত হৈছিল৷ একেদৰে ২০০০ চনৰ পৰা চলিত বর্ষলৈ নিহত ৫,০৩৫গৰাকী লোকৰ ভিতৰত ২,৩৩৪জন উগ্রপন্থী আৰু ৩৪০জন নিৰাপত্তাৰক্ষী৷ এই সময়ছোৱাত সর্বাধিক ২,২১১গৰাকী নিৰীহ লোক নিহত হৈছে৷ উগ্রপন্থী তথা সন্ত্রাসবাদৰ বিষবাষ্পই যে সর্বসাধাৰণ নাগৰিকক সর্বাধিক ক্ষতি কৰে সেয়া বাৰে বাৰে প্রতিপন্ন হৈছে৷ হিংসা–হত্যাৰ বিভীষিকাৰে কোনো সমস্যাৰ সমাধান নহয়৷ সেয়া আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই উপলব্ধি কৰাৰ প্রয়োজন৷ ১৯৭৯ৰ ৭ এপ্রিলত শিৱসাগৰৰ ৰংঘৰ বাকৰিত জন্মলাভ কৰা আলফাই বিগত কিমান লোকৰ প্রাণ কাঢ়িছে, কিমান লোকক ঘুণীয়া কৰিছে, কিমান লোকক অপহৰণ কৰিছে আৰু ইয়াৰ বিনিময়ত আলফাই অসমবাসীক কি দিছে তাৰ খতিয়ান এদিন দিবই লাগিব৷ বিগত তিনিটা দশকত আলফাৰ ৰঙীন সপোনত ভোল গৈ দুহাজাৰৰো অধিক অসমীয়া ডেকাই প্রাণ দিছে৷ এই সময়ছোৱাত সংগঠনটোৰ প্রায় ১০ হাজাৰৰো অধিক নেতা–কর্মীয়ে আত্মসমর্পণ কৰিছে৷ ইয়াৰে একাংশ নেতা–কর্মী আজি কোটিপতি৷ বিগত সময়ছোৱাত আলফা আৰু ছালফাৰ কাম–কাজ দেখি অসমবাসীয়ে পতিয়ন গৈছে যে সংগঠনটোৰ স্বাধীন অসমৰ স্বপ্ণ সুদূৰপৰাহত৷ কিন্তু ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মৌলিক সমস্যাৰাজি সমাধানৰ ক্ষেত্রত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই বিশেষ ভূমিকা গ্রহণ কৰিব পাৰে৷ ইয়াৰ বাবে তেওঁ পূর্বৰ আঁকোৰগোজ মনোভাব ত্যাগ কৰি আলোচনাৰ বাট মুকলি কৰা উচিত৷

You might also like