নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রপাগণ্ডা

কিউবা বিপ্লৱৰ সময়ৰে পৰা লেটিন আমেৰিকাৰ ৰাষ্ট্রসমূহত কমিউনিষ্টৰ প্রভাৱ ক্রমশঃ বৃদ্ধি পাবলৈ ধৰে৷ আমেৰিকা যুক্তৰাষ্ট্র আৰু ইংলেণ্ডৰ বাবে লেটিন আমেৰিকাৰ ছবিখন হজম কৰিব পৰা বিধৰ নাছিল৷ সাম্রাজ্যবাদী ৰাষ্ট্র দুখনৰ চকু আছিল ভূখণ্ডটোত থকা অপাৰ সম্পদ আৰু বজাৰৰ ওপৰত৷ কিন্তু তাত কমিউনিষ্টসকলৰ শাসনৰ জালখন প্রসাৰিত হৈ পৰিলে সেই সুযোগ সহজে হাতলৈ নাহিব৷ সেয়ে দুয়োখন ৰাষ্ট্রই গুপ্তচৰ সংস্থাৰ জৰিয়তে ১৯৬০ চনৰ পাছৰ পৰা লেটিন আমেৰিকাত অনুষ্ঠিত প্রায় প্রতিটো নির্বাচনত ভিন্ন ধৰণে প্রভাৱ পেলাই কমিউনিষ্টসকলক শাসনৰ পৰা আঁতৰাই ৰখা চেষ্টা চলাবলৈ ধৰে৷ ইয়াৰ বাবে ৰাষ্ট্র দুখনৰ গুপ্তচৰসকলে প্রপাগণ্ডাকে মূল হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল৷ অর্থাৎ কমিউনিষ্টৰ বিৰুদ্ধে জনমত গঠন কৰা আছিল তেওঁলোকৰ প্রধান উদ্দেশ্য৷ এইখিনিতে এটা কথা স্পষ্ট কৰি দিয়া ভাল যে লেটিন আমেৰিকাত চিআইএৰ তৎপৰতা সর্বজনবিদিত৷ কিন্তু তাত যে ব্রিটিছ চৰকাৰেও নিজৰ বাবে ৰাজনৈতিক পট ৰচনাৰ অর্থে গোপনে কাম কৰিছিল, সেইটো বহুদিনলৈ পোহৰলৈ অহা নাছিল৷ ৰাষ্ট্রখন মধ্যপ্রাচ্য আৰু দক্ষিণ–পূব এছিয়াতহে গোপন কার্যকলাপত ব্যস্ত থকা বুলি বিশ্বই জানিছিল৷ যি নহওক, ১৯৬০ চনৰ পৰা চিআইএৰ সমান্তৰালকৈ তৎপৰ হৈ উঠে ব্রিটিছ চোৰাংচোৱা সংস্থা৷
লেটিন আমেৰিকাত গোপন তৎপৰতা বৃদ্ধিৰ বাবে লণ্ডনত সিদ্ধান্ত গৃহীত হোৱাৰ পাছত ১৯৬১ চনত ৰনি বেৰ’জ নামৰ এজন ব্রিটিছ কূটনীতিকে বৈদেশিক মন্ত্রালয় আৰু এম আই–চি’ৰ হৈ লেটিন আমেৰিকা ভ্রমণ কৰে৷ সেয়া আছিল লেটিন আমেৰিকাত কমিউনিষ্টৰ বিৰুদ্ধে বিশ্বখ্যাত ব্লক প্রপাগণ্ডাৰ পাতনি৷ অৱশ্যে ইয়াৰ আঁৰত যে ব্রিটেইনৰ হাত আছে, সেয়া গোপনে ৰখা হয়৷ আনকি মিত্রৰাষ্ট্র আমেৰিকা যুক্তৰাষ্ট্রকো সেই বিষয়ে জনোৱা হোৱা নাছিল৷ ব্লেক প্রপাগণ্ডাৰ জৰিয়তে জনসাধাৰণক বিভ্রান্ত কৰাৰ উদ্দেশ্যে কিছুমান ভুৱা নথি প্রস্তুত কৰা হয়৷ অকল সেইটোৱেই নহয়, প্রচাৰকার্যত কোন জডিত হৈ আছে, সেইটোক লৈও বিভ্রান্তিৰ সৃষ্টি কৰা আছিল ব্লেক প্রপাগণ্ডাৰ অন্যতম ব্রিটিছ চৰকাৰৰ এই গোপন অভিযানৰ কথা মিত্রদেশ আমেৰিকাৰ পৰা গোপনে ৰখা হৈছিল প্রধানতঃ দুটা কাৰণত৷ প্রথমটো আমেৰিকাৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা৷ আমেৰিকাৰ সৈতে ইংলেণ্ডৰ মিত্রতা থাকিলেও তেতিয়ালৈকে সেয়া প্রায় একপক্ষীয় হৈ পৰিছিল৷ মিত্রৰাষ্ট্রৰ ওপৰত ইংলেণ্ডৰ বিশেষ প্রভাৱ নাছিল৷ দ্বিতীয়টো হ’ল, লেটিন আমেৰিকাৰ সৈতে ব্রিটেইনৰ বাণিজ্য আকাৰ বৃদ্ধি৷ ইয়াৰো এটা কাৰণ আছে৷ সেই সময়ছোৱাত লেটিন আমেৰিকাৰ ভূ–ভাগত আমেৰিকাৰ প্রভাৱ ক্রমশঃ হ্রাস পাবলৈ ধৰা বুলি ধাৰণা এটা গা কৰি উঠিছিল৷ গতিকে ব্রিটিছ চৰকাৰে সেই সুবিধাটো লৈ লেটিন আমেৰিকাৰ ক্রমবর্ধমান বজাৰখন দখল কৰাৰ স্বপ্ণ ৰচিছিল৷ সেই উদ্দেশ্যে ব্রিটিছ চৰকাৰে অঞ্চলটোত প্রপাগণ্ডা চলোৱা লোকৰ সংখ্যা লাহে লাহে বৃদ্ধি কৰে৷ তদুপৰি, এম আই–চি’ৰ কেন্দ্রও বৃদ্ধি কৰা হয়৷ নকৈ কেন্দ্র স্থাপন হোৱা ৰাষ্ট্রৰ মাজত চিলি আৰু ভেনিজুৱেলাও আছিল৷ ভেনিজুৱেলাক লৈ ব্রিটিছ শাসক বৰ উচ্ছ্বসিত হৈ পৰিছিল৷ সমৃদ্ধিশালী দেশখন ইংলেণ্ডৰ বাবে বিনিয়োগৰ বৃহৎ উৎস হ’ব পাৰে বুলি লণ্ডনে বিশ্বাস কৰিছিল৷ গতিকে কমিউনিষ্টসকলক প্রতিৰোধ কৰাৰ বাবে আমেৰিকাৰ সমান্তৰালকৈ ব্রিটিছ গুপ্তচৰসকলেও ব্যাপক হাৰত প্রপাগণ্ডা চলাইছিল৷ তাৰ বাবে তেওঁলোকে গির্জা, ড্রেড ইউনিয়ন আৰু ৰাজনৈতিক দলৰ সৈতে একেলগে কাম কৰিবলৈ আৰম্ভ কৰিছিল৷ ইয়াৰে অংশ হিচাপে কলম্বিয়াত এখন আলোচনা প্রকাশ কৰা হয়৷ চিলি আৰু বলিভিয়াত ইস্তাহাৰ বিতৰণ কৰা হয়৷ স্থানীয় ৰেডি’ কেন্দ্রৰ প্রযোজকক উৎকোচ দি প্রপাগণ্ডা সম্প্রচাৰৰ বাবে অধিক সময় উলিয়াই লোৱা হয়৷ ব্রিটেইনৰ গুপ্তচৰসকলে আনকি বলিভিয়াৰ যাজকসকলৰ সৈতে মিলি কিউবা আৰু ৰাছিয়াৰ প্রপাগণ্ডাক প্রত্যাহ্বান জনাই ওলোটা প্রপাগণ্ডা চলোৱা আৰম্ভ কৰে৷ গুপ্তচৰসকলে একুৱেডৰতো যাজক একাংশৰ সৈতে মিলি অনুৰূপ কাম আৰম্ভ কৰে৷ একুৱেডৰত ব্রিটিছ গুপ্তচৰে বাছনি কৰা যাজকসকলৰ সমাজত ইমানেই প্রভাৱ আছিল যে তেওঁলোকে মুহূর্ততে ৰাষ্ট্রপতিৰ বিৰুদ্ধে ৰাজধানীৰ ৰাজপথত পাঁচ হাজাৰ লোকক সমৱেত কৰিব পৰাকৈ সামর্থ্যৱান আছিল৷ চিলিত ১৯৬৪ চনত অনুষ্ঠিত ৰাষ্ট্রপতি নির্বাচনত কমিউনিষ্ট নেতা ছালভাডৰ আলেণ্ড জয়ী হ’ব পাৰে বুলি ব্রিটিছ গুপ্তচৰসকলে আশংকা কৰিছিল৷ তাতো ব্রিটিছ গুপ্তচৰ সক্রিয় হৈ পৰিছিল৷ আনহাতে, ৰাষ্ট্রখনৰ নির্বাচনত প্রভাৱ পেলোৱাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ ফালৰ পৰাও ৩০ লাখ ডলাৰ খৰচ কৰা হৈছিল৷ একেদৰে ব্রাজিলৰ তদানীন্তন ৰাষ্ট্রপতি জোৱা’ গোলার্টকো বিভ্রান্তিত পেলাবলৈ ব্রিটিছ গুপ্তচৰে কিছুমান ভুৱা নথি প্রস্তুত কৰি তেওঁৰ হাতলৈ প্রেৰণ কৰিছিল৷ তাত কোৱা হৈছে যে কমিউনিষ্টসকলে ড্রেড ইউনিয়নসমূহ নিজৰ দখললৈ নি তেওঁৰ (ৰাষ্ট্রপতি)ৰ অৱস্থা শোচনীয় কৰিবলৈ চক্রান্ত কৰিছে৷ অৱশ্যে ব্রিটিছ গুপ্তচৰৰ ফন্দিয়ে কাম কৰাৰ পূর্বে আমেৰিকাৰ মদতপুষ্ট শক্তিয়ে তেওঁক সামৰিক অভ্যুত্থানৰ জৰিয়তে ক্ষমতাচ্যুত কৰে৷
প্রপাগণ্ডা বা স্বার্থজডিত প্রচাৰ নতুবা উদ্দেশ্যপ্রণোদিত প্রচাৰে নির্বাচনী ৰাজনীতিত যথেষ্ট প্রভাৱ পেলায়৷ শক্তিশালী ৰাষ্ট্রই আন ৰাষ্ট্রৰ নির্বাচনত প্রপাগণ্ডাৰ জৰিয়তে শাসকৰ ভৱিষ্যৎ নির্ণয় কৰিব বিচাৰে৷ কিয়নো তেওঁলোকক বজাৰ লাগে৷ প্রপাগণ্ডাৰ বিশাল ক্ষেত্রখন অকল আন্তঃৰাষ্ট্রীয় ক্ষেত্রতে সীমাবদ্ধ হৈ থকা নাই বা নাথাকে৷ সৰু সৰু ৰাজ্যৰ নির্বাচনতো তেনেদৰে প্রপাগণ্ডাৰ জৰিয়তে জনমতৰ ওপৰত প্রভাৱ পেলাই ক্ষমতা হস্তগত কৰাৰ চেষ্টা চলে৷ আজিকালি সামাজিক মাধ্যমৰ ক্ষেত্রখন বিশাল হৈ পৰাত ৰাজনৈতিক দল তথা দলৰ পৃষ্ঠপোষকে ইয়াৰ ব্যৱহাৰো ব্যাপক হাৰত কৰিবলৈ লৈছে৷ ইয়াৰ বাবে প্রায়ভাগ ৰাজনৈতিক দল আৰু নেতাৰে আছে আই টি কোষ৷ লগতে আছে ৱেবপ’র্টেল, নিউজ চেনেল৷ ইয়াৰ জৰিয়তে বিভিন্ন ভুৱা বাতৰি, প্রপাগণ্ডা চলাই নিজৰ সপক্ষে জনমত গঢ়ি তোলাৰ চেষ্টা চলোৱা হয়৷ শেহতীয়াকৈ অসমৰ এটা ৱেবপ’র্টেলত ৰাজ্যখনৰ এগৰাকী প্রভাৱশালী মন্ত্রীৰ ভাবমূর্তি বিনষ্ট কৰাৰ অপচেষ্টা চলোৱা হৈছিল৷ সেইবোৰৰ আঁৰত বৌদ্ধিক (?) কচৰৎ থাকে৷ তেনে ধৰণৰ স্বার্থজডিত (অপ)প্রচাৰেৰে নির্বাচনী ৰাজনীতিত বিশেষ ৰাজনৈতিক দলৰ সপক্ষে পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা চলোৱা হয়৷ জনসাধাৰণ বিভ্রান্ত হৈ পৰে৷ নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ৰ শেহতীয়া এক তথ্য অনুসৰি, ২০১৭ চনত সামাজিক মাধ্যমৰ জৰিয়তে ভুৱা বাতৰি প্রচাৰৰ শীর্ষত আছিল অসম৷ বর্ষটোত ১৭০টা পঞ্জীভুক্ত গোচৰৰ ৫৬টাই অসমৰ৷ আনহাতে, নির্বাচনৰ দিন চমু চাপি অহাৰ লগতে ফেচবুক, টুইটাৰ আদিত অসমৰ নিউজ চেনেল, প’র্টেলৰ সংখ্যা অকল্পনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ সেইবোৰৰ সকলোৱে যে তেনেদৰে প্রপাগণ্ডা চলাই বিশেষ বিশেষ ৰাজনৈতিক দল বা নেতাৰ হৈ কাম কৰে, তেনে নহয়৷ কিন্তু গৰিষ্ঠসংখ্যকেই মতলববাজ৷ সেয়ে বিৱৰণত প’র্টেল বা তথাকথিত চেনেলৰ গৰাকী বা মালিক গোষ্ঠীৰ একো বিশেষ বিৱৰণ উল্লেখ নাথাকে৷ মাথোঁ নিউজ প’র্টেলজাতীয় কথাতে তেওঁলোকৰ পৰিচয় সীমাবদ্ধ থাকে৷ ‘দ্য ৱায়াৰ’ৰ এটা সংখ্যাত পশ্চিমবংগৰ ছবিখন তুলি ধৰি কোৱা হৈছে যে ৰাজ্যখনত নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সামাজিক মাধ্যমত প’র্টেল, চেনেল খোলাৰ ধুম উঠিছে৷ তাত কমেও ৩০টা তেনে প্রপাগণ্ডা নিউজ ছাইট, চেনেলৰ নাম উল্লেখ কৰি কোৱা হৈছে সেইবোৰৰ পৰিচয় সন্দর্ভত কোনো তথ্য নাই৷ কিন্তু দিনে–নিশাই বিশেষ ৰাজনৈতিক দলৰ হৈ প্রপাগণ্ডা চলাই থকা হৈছে৷ তেনে কেইটামান নাম হল, ইণ্ডিয়া ৰাগ, বার্তা টুডে’, কেম্পেইন কলিং মিডিয়া, ভাৰত নিউজ, বংগদেশ, কলকাতা প্রাইম টাইম, টাইম বেংগল, বেংগল নিউজ ৩৫৷ যিসকলে নিৰপেক্ষভাৱে সামাজিক মাধ্যমত নজৰ ৰাখে, তেওঁলোকে ভালদৰেই জানে, তালিকাখন বহু দীঘল৷ অসমতো, বংগতো৷ এইবোৰে জনসাধাৰণক সঁচা ছবিখন চাবলৈ নিদিয়ে৷ ৰাইজক ভুল পথে পৰিচালিত কৰি স্বার্থ সিদ্ধি কৰিব বিচাৰে৷ এই জালখনৰ পৰা নিজকে মুক্ত কৰি ৰাখিব নোৱাৰিলে জনপ্রতিনিধি বাছনিতভুল হৈ যাব পাৰে৷

You might also like