নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰুখুঁটিক লৈ পাকিস্তান সৰৱ কিয়

গৰুখুঁটিত চৰকাৰী উচ্ছেদ অভিযানৰ এসপ্তাহ উকলি গ’ল৷ এই সময়ছোৱাত ৰাজ্যখনত বহু ৰাজহুৱা বিতর্ক চলিল৷ উচ্ছেদৰ সমর্থনত ৰাজপথত সমদল উলিওৱা হ’ল৷ বিৰুদ্ধাচৰণ কৰিও প্রতিবাদী কার্যসূচী ৰূপায়িত হ’ল৷ প্রতিবাদ আৰু সমর্থনত আন্দোলন অব্যাহত আছে৷ হয়তো আৰু কিছুদিন চলিব৷ হয়তো বিধানসভাৰ উপ–নির্বাচনলৈ ইয়াৰ গুঞ্জন অনুৰণিত হৈ থাকিব৷ ইয়াৰ মাজতে ৰাজ্য চৰকাৰে গৰুখুঁটিত চৰকাৰী বাহিনীৰ ওপৰত চলা আক্রমণৰ আঁৰৰ শক্তিক ৰাইজৰ মাজলৈ উলিয়াই দিছে৷ চোৰাংচোৱাৰ তথ্যৰ উদ্ধৃতি দি সংবাদপত্রত ছজন লোকৰ নাম প্রকাশ পাইছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পি এফ আই আৰু আমছুৰ নাম স্পষ্টকৈয়ে উল্লেখ কৰিছে৷ গৰুখুঁটিত উচ্ছেদ ৰোধৰ বাবে বিগত তিনি মাহত তাৰে দৰিদ্র আৰু ভূমিহীন লোকৰ পৰা ২৮ লাখ টকা সংগ্রহ কৰাৰ তথ্য চৰকাৰৰ হাতত আছে বুলি দাবী কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মা তথা শাসক পক্ষই গৰুখুঁটিৰ হিংসাৰ আঁৰত কংগ্রেছৰো ৰাজনীতি জডিত থকা বুলি অভিযোগ কৰিছে৷ লক্ষণীয় কথাটো হ’ল সেই কেউটা দল–সংগঠনে উচ্ছেদিত লোকৰ পক্ষত অৱস্থান কৰি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আছে৷ গণতান্ত্রিক দেশ এখনত প্রতিবাদৰ অধিকাৰ সকলোৰে আছে৷ তাৰে আধাৰত প্রতিবাদ কৰা শক্তিৰ ভৱিষ্যতো নির্ণয় হয়৷ সামূহিকভাৱে জনস্বার্থৰ হিতার্থে প্রতিবাদ বা আন্দোলন নহ’লে জনগণে তেনে শক্তিক নাকচ কৰে৷ এইবাবেই গণতন্ত্র মহান৷ কিন্তু ভাৰতৰ পৰিসীমাৰ বাহিৰতো গৰুখুঁটিত উচ্ছেদৰ প্রতিবাদী ধবনি উচ্চাৰিত হৈছে৷ ইয়াত উদ্বেগ আৰু চিন্তাৰ কেইবাটাও কাৰণ লুকাই আছে৷ ভাৰতৰ বাহিৰত কেইবাখনো দেশত গৰুখুঁটিৰ উচ্ছেদ প্রসংগই স্থান লাভ কৰিছে৷ ইছলামিক ৰাষ্ট্রত বহুলভাৱে প্রচাৰিত টেলিভিছন, সংবাদ পত্রত ইয়াক চকুত পৰাকৈ উপস্থাপন কৰা হৈছে৷ সেইবোৰত মূলতঃ উচ্ছেদ কার্যটোক ইছলামবিৰোধী যডযন্ত্র হিচাপে প্রতিষ্ঠা কৰিবলৈ যত্ন কৰা হৈছে৷ অসমৰ গাতে লাগি থকা বাংলাদেশতো কেইটামান মৌলবাদী সংগঠনে উচ্ছেদ কাণ্ডটোক ইছলাম ধর্মাৱলম্বী লোকৰ ওপৰত পৰিকল্পিত আক্রমণ আৰু ভাৰতত ইছলাম সংকটত পৰা বুলি চিঞৰ–বাখৰ কৰিছে৷ কিন্তু আন আন ৰাষ্ট্রৰ সৈতে পাকিস্তানৰ এটা পার্থক্য আছে৷ পাকিস্তানত চৰকাৰে আনুষ্ঠানিকভাৱে ইয়াৰ নিন্দা কৰি ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়ুক্তক তলব কৰা হৈছে৷ ভাৰত তথা অসমৰ কাৰণে এইটো চিন্তাৰ কাৰণ৷ পাকিস্তানত বৈদেশিক নীতি ৰাৱালপিণ্ডি অর্থাৎ সেনাই নির্ধাৰণ কৰে৷ দেশখনৰ নির্বাচিত চৰকাৰৰ তাত বিশেষ একো নাথাকে৷ ৰাৱালপিণ্ডিৰ পৰা প্রেৰিত পাণ্ডুলিপি প্রধানমন্ত্রী ইমৰান খান, বৈদেশিক পৰিক্রমা মন্ত্রী শ্বাহ মাহমুদ হুছেইন কুৰেশ্বী আদিয়ে বিশ্বৰ বিভিন্ন মঞ্চত পঢ়ি গুচি আহে৷ অর্থাৎ অসমক লৈ পাক সেনা আৰু আই এছ আয়ে কিবা নহয় কিবা পৰিকল্পনা নতুবা চক্রান্ত ৰচনা কৰিছে৷ অৱশ্যে অসমলৈ আই এছ আইৰ দীর্ঘদিনৰ পৰাই নজৰ আছে৷ কুখ্যাত চোৰাংচোৱা সংগঠনটোৱে ভাৰতবর্ষত উত্তৰে কাশ্মীৰৰ লগতে উত্তৰ–পূবত থকা ৰাজ্যকেইখনতো বিশেষকৈ অসমত আইন–শৃংখলাজনিত পৰিস্থিতিৰে ব্যস্ত ৰাখিব বিচাৰে৷ দেশখনত কেইবাখনো পাকিস্তান গঠন কৰিব বিচাৰে৷ কাৰণ আৰু আছে৷
পাকিস্তান পৰমাণু বোমাৰে শক্তিশালী বিশ্বৰ একমাত্র ইছলামিক ৰাষ্ট্র৷ দেশখনৰ নেতৃত্বই ভাবে, বিশ্বৰ ইছলামিক ৰাষ্ট্রক নেতৃত্ব দিব পৰা সক্ষমতা পাকিস্তানৰ আছে৷ কিন্তু আর্থিকভাৱে কঙাল আৰু সন্ত্রাসবাদক ৰাষ্ট্রনীতিৰ অংশীদাৰ কৰি লোৱা পাকিস্তানক কোনো ইছলামিক ৰাষ্ট্রই বিশেষ গুৰুত্ব নিদিয়ে৷ আনকি ইছলামিক ৰাষ্ট্রসমূহৰ সংগঠন (অ’ আই চি)ৰ মঞ্চতো দেশখনে মর্যাদা নাপায়৷ গুৰুত্ব দিবলগীয়া দেশ বুলি গণ্যয়েই নকৰে৷ তুৰস্কই মাজে সময়ে পাকিস্তানৰ সপক্ষে দুই–এষাৰ মাত মাতে৷ অৱশ্যে তাতো তুৰস্কৰহে স্বার্থ নিহিত হৈ আছে৷ পাকিস্তানৰ দৰে তুৰস্কৰো ইছলামিক ৰাষ্ট্রৰ নেতা হোৱাৰ মন৷ সেয়ে পাকিস্তানৰ ৰাজনৈতিক নেতা, সেনাপ্রধানৰ মুখত সততে শুনা যায় ইছলামিক উম্মা অর্থাৎ ইছলাম সম্প্রদায়ৰ কথা৷ তদুপৰি বিশ্বৰ যিকোনো স্থানতে নহওক কিয়, ইছলামৰ সৈতে সম্পর্কিত যিকোনো আপত্তিজনক ঘটনাৰ পাকিস্তানত প্রতিবাদ হয়৷ অৱশ্যে সেইবোৰ কৰি পাকিস্তানে নিজেই নিজৰ ভৰিত কুঠাৰো মাৰে৷ বিগত বর্ষত ফ্রান্সত সংঘটিত ঘটনাৰ পাকিস্তানত ইমানেই বেছি প্রতিক্রিয়া আৰু প্রতিবাদ হ’ল যে ফ্রান্সৰ সৈতে পাকিস্তানৰ সম্পর্কয়েই নষ্ট হৈ পৰিল৷ এতিয়া এফ এ টি এফে ব্লেক লিষ্টেড কৰিব বুলি পাকিস্তানত আশংকা এটা গা কৰি উঠিছে৷ কিয়নো এফ এ টি এফৰ ফ্রান্স শক্তিশালী অংশীদাৰ৷ দেশখনৰ নেতৃত্বই হয়তো এটা কথা বুজিয়েই নাপায় বা বুজিবলৈ চেষ্টা নকৰে যে ৰাষ্ট্র যিয়েই নহওক, সকলোৰে বৈদেশিক নীতি নিজ নিজ দেশৰ স্বার্থৰ সৈতেহে জডিত৷ নহ’লে আজি আৰব ৰাষ্ট্রসমূহৰ সৈতে ভাৰতৰ নহয়, পাকিস্তানৰ সম্পর্কহে মধুৰ হ’ব লাগিছিল৷ কিন্তু হৈছে ওলোটাটো৷ আচলতে পাকিস্তানৰ পৰা আৰব ৰাষ্ট্রৰ পাবলগীয়া একো নাই৷ এটা বেজী তৈয়াৰ কৰাৰ সামর্থ্যও নাই৷ এসময়ত কোনো কোনো দেশক সন্ত্রাসবাদ আৰু সন্ত্রাসবাদীৰ দৰকাৰ আছিল, আজি সেইবোৰৰ দৰকাৰ নোহোৱা হ’ল৷ দিন সলনি হ’ল৷ ছৌদি আৰবৰ শিক্ষার্থীয়ে শিক্ষানুষ্ঠানত ৰামায়ণ, মহাভাৰত পঢ়াৰ দিন আহিল৷ কিন্তু পাকিস্তানৰ শিক্ষা নহ’ল৷ আৰু সোনকালে হোৱাৰ সম্ভাৱনাও নাই৷ দেশখনে ফটা ঢ়োল বজায়েই থাকিব৷ ইয়াৰ বাবে তেওঁলোকে বিশ্বৰ য’তে–ত’তে মূৰটো সুমুৱাই থাকিব৷ তদুপৰি, ভাৰতৰ সৈতে গঠনৰ পৰাই পাকিস্তানৰ বৈৰিতা৷ এই বৈৰিতাক এটা ‘চিন্তা’ৰ ৰূপত পাকিস্তানীৰ মূৰত সুমুৱাই দি দেশখনৰ সামৰিক আৰু ৰাজনৈতিক নেতৃত্বই সলনা–সলনিকৈ ৰাজত্ব কৰি আহিছে৷ কাশ্মীৰ ইয়াৰ এটা অংশহে৷ কোনোৱে যদি ভাবিছে যে কাশ্মীৰৰ বিশেষ ধর্মাৱলম্বী লোকৰ কাৰণে পাকিস্তানে সেইবোৰ কৰি আছে, সেইটো চূডান্ত ভুল৷ পাকিস্তানৰ দখলত থকা কাশ্মীৰৰ জনসাধাৰণৰ দুৰৱস্থালৈ চালে সত্যটো ওলাই পৰে৷ কাশ্মীৰৰ দৰে ভাৰতৰ উত্তৰ–পূব অংশতো অৰাজক–স্থিৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো পাকিস্তানে বিচাৰে৷ বিশেষকৈ সেনা আৰু আই এছ আইৰ নেতৃত্বই৷ দুয়োটা প্রতিষ্ঠানে সকলো সময়তে এই অঞ্চলটোৰ পৰিস্থিতি–পৰিৱেশ অধ্যয়ন কৰি থাকে আৰু অনুকূল অৱস্থা এটা সৃষ্টিৰ চক্রান্ত চলাই থাকে৷ অসমত তেনে এটা পৰিৱেশ গঢ় দিব পাৰিলেই উত্তৰ–পূব ভাৰতত এখন নতুন খেল আৰম্ভ হৈ যাব৷ অপশক্তিবোৰক শক্তিশালী কৰিবলৈ অসমত অপশক্তিৰো অভাৱ নাই৷ বহু শ্লীপাৰ চেলে ইয়াত কাম কৰি আছে৷ সময়ে সময়ে তেনে লোক আৰক্ষী–সেনাৰ হাতত ধৰাও পৰে৷ গতিকে কেন্দ্র আৰু ৰাজ্য চৰকাৰ সতর্ক হোৱাৰ প্রয়োজন৷ অৱশ্যে এইটোও ঠিক যে আজিৰ ভাৰতে কোনো পাক সেনা নাইবা আই এছ আইক ভয় কৰি নচলে৷ সীমা অতিক্রম কৰি ভাৰতৰ ভূমিত প্রৱেশ কৰা মানে নিজৰ নিজৰ মৃত্যুক মাতি অনা৷ ভাৰতীয় সেনা–নিৰাপত্তা বাহিনী আজি সকলো দিশৰ পৰাই সক্ষম আৰু শক্তিশালী৷ দেশখনে একেলগে দুটা ফ্রণ্টত অর্থাৎ দুখন ৰাষ্ট্রক একে সময়তে যোগ্য প্রত্যুত্তৰ দিবলৈ সক্ষম৷ কিন্তু সতর্কতা জৰুৰী৷

You might also like