নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ ইংগিত আৰু বহু সমষ্টিত হ’ব উপ–নির্বাচন

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ বিৰোধীৰ পৰা আৰু বিধায়ক বিজেপিলৈ অহাৰ ইংগিত দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অহা ৩০ অক্টোবৰত ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত উপ–নির্বাচন হোৱাৰ পাছত আৰু বহু সমষ্টিত উপ–নির্বাচন হ’ব পাৰে বুলি প্রকাশ কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷

ধেমাজিত কেবিনেট বৈঠকৰ পূর্বে সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই উপ–নির্বাচনৰ পাছত আৰু উপ–নির্বাচন হ’ব বুলি তেওঁ ধাৰণা কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ সেই মন্তব্যই বিৰোধীৰ পৰা আৰু কিছু বিধায়ক বিজেপিলৈ অহাৰ সম্ভাৱনাৰেই ইংগিত বহন কৰে৷

উল্লেখ্য যে বিৰোধী দল বিশেষকৈ কংগ্রেছৰ একাংশ বিধায়কে এতিয়াও বিজেপিৰ সৈতে মধুৰ সম্পর্ক ৰক্ষা কৰি চলাৰ বিষয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত বাতৰি প্রকাশ পাই আহিছে৷ সেইসকলৰ একাংশই বিজেপিত যোগদান কৰিব বুলি সময়ে সময়ে চর্চা চলি আহিছে৷ এনে অৱস্থাতে মুখ্যমন্ত্রী ড০ শর্মাই এই উপ–নির্বাচনৰ পাছত আৰু উপ–নির্বাচন হ’ব বুলি কৰা মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে৷ এই প্রসংগতে মন কৰিবলগীয়া এয়ে যে কেইদিনমান পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত কংগ্রেছে তেওঁক বা বর্তমানৰ চৰকাৰ সন্দর্ভত কৰা মন্তব্য বা সমালোচনাক গুৰুত্ব নিদিবলৈ আহ্বান জনাই কয় যে কিছুদিন পাছত সেইসকলকে দেখিব বিজেপিত যোগ দিছে৷ সেয়ে এতিয়া কংগ্রেছৰ কথাত বিশেষ গুৰুত্ব দিয়া উচিত নহয়৷

আনহাতে ৫ সমষ্টিৰ উপ–নির্বাচনৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই উপ–নির্বাচনক লৈ তেওঁ চিন্তা কৰা নাই৷ অহা দুই অক্টোবৰত ৰাজ্যিক বিজেপিৰ নির্বাচন সমিতিৰ প্রাৰম্ভিক বৈঠক অনুষ্ঠিত হ’ব বুলি দলৰ সভাপতি ভৱেশ কলিতাই তেওঁক জনাইছে৷ সেই বৈঠকতে কোন কোন আসন কাক দিব, দলে সিদ্ধান্ত গ্রহণ কৰিব৷ মুখ্যমন্ত্রী হিচাপে তেওঁ নির্বাচনী প্রচাৰ অভিযানত অংশগ্রহণ কৰিব৷ আন মন্ত্রীসকলেও নির্বাচনী প্রচাৰ চলাব৷

You might also like