নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলচ্চিত্রৰ কোমল শক্তি

আন্তর্জাতিক ৰাজনৈতিক প্রেক্ষাপটত প্রভাৱ বিস্তাৰৰ বাবে প্রয়োগ কৰা কঠিন শক্তি অথবা হার্ড পাৱাৰৰ মূল উৎস সামৰিক শক্তি হ’লেও বর্তমান সময়ৰ পৰিপ্রেক্ষিতত খাৰুৱা তেল, খনিজ পদার্থ আৰু নগদ ধনকো সমানেই মর্যাদা দিয়া হয়৷ এহ বিধৰ ৰাজনৈতিক শক্তিৰ প্রয়োগ সাধাৰণতেই হয় আক্রমণাত্মক আৰু আগ্রাসী৷ এটা শক্তিশালী ৰাজনৈতিক শক্তিয়ে সামৰিক আৰু অর্থনৈতিকভাৱে অপেক্ষাকৃতভাৱে দুর্বল শক্তি এটাৰ ওপৰত নিজৰ সিদ্ধান্ত সহজেই জাপি দিব পাৰে আৰু কম চেষ্টাৰেই নিজৰ আকাংক্ষিত ফল উলিয়াই ল’ব পাৰে৷ কিন্তু সদায়ে কঠিন শক্তিৰ দ্বাৰা কাম নহয়, সেই অভাৱ পূৰণ কৰে কোমল শক্তিয়ে৷ কঠিন শক্তিৰ বিপৰীতে কোমল শক্তি আহে কূটনীতি, সংস্কৃতি আৰু হতিহাসৰ পৰা৷ চাণক্যৰ ‘সাম–দাম–দণ্ড–ভেদ’ হ’ল এই কোমল শক্তি প্রয়োগৰ প্রধান মন্ত্র৷ চাণক্যই নিজৰ ৰাজ্যৰ শাসকৰ বাবে কোৱা সেই কথা আজি আন্তর্জাতিক ৰাজনীতিতো পৃথক পৃথক ৰূপত প্রযোজ্য৷ বিশেষকৈ আন্তর্জাতিক ৰাজনীতিত কোমল শক্তি হৈছে কঠিন শক্তিৰ বিপৰীতে গৈ অসহযোগ কৰাৰ পৰিৱর্তে সহযোগ কৰাৰ মাজেৰে নিজৰ প্রতিপত্তি বা প্রভাৱ বিস্তাৰ কৰা৷ অতি স্বাভাৱিকভাৱেই কোমল শক্তিত একধৰণৰ আবেদন নিহিত হৈ থাকে আৰু সেই আবেদনক আকর্ষণলৈ পৰিৱর্তন কৰি প্রভাৱিত কৰিব বিচৰাসকলৰ পছন্দক নিজৰ কল্পনা মতে আকৃতি প্রদান কৰিব পাৰি৷ কোমল শক্তিৰ প্রথম চর্তই হ’ল ইয়াৰ প্রৱেশ কোমল, আমন্ত্রণমূলক আৰু আন্তৰিকতাপূর্ণ৷ ছোভিয়েট দেশৰ আলোচনী আৰু ৰাদুগা প্রকাশনৰ দ্বাৰা প্রকাশিত কিতাপবোৰে এটা সময়ত ভাৰতীয় কিশোৰ মনক প্রভাৱিত কৰাৰ ঘটনা এতিয়াও বহুতৰে বাবে স্পষ্ট আৰু সাধাৰণ ভাৰতীয় নাগৰিকে বহু পলমকৈহে উপলব্ধি কৰিছিল যে সেয়া আছিল ৰাছিয়ান সাম্রাজ্যবাদীৰ কোমল শক্তিৰ আক্রমণ৷ জীন্ছ, ভিন্ন স্বাদৰ খাদ্য সম্ভাৰ, গীত, কিতাপ আৰু চিনেমাই আমেৰিকাৰ শক্তিক অকল ভাৰতত বুলিয়েই নহয়, তৃতীয় বিশ্বৰ দেশসমূহত পেলোৱা প্রভাৱে ‘কোমল শক্তি’ৰ অদৃশ্য শক্তিকেই প্রকাশ কৰে৷ প্রসাধন সামগ্রীৰ ব্যৱসায়ৰ লগত সৌন্দর্য প্রতিযোগিতাৰ সঠিক মিশ্রণ যে কোমল শক্তিৰ সঠিক প্রয়োগ, সেই কথা সাধাৰণতে বহুতে বিশ্বাস কৰিব নিবিচাৰে৷ এই কথাটোৱেই কোমল শক্তিৰ গ্রহণযোগ্যতাক মান্যতা প্রদান কৰে৷
কোমল শক্তিৰ অন্যতম হাথিয়াৰ হ’ল চিনেমা৷ আমেৰিকান চিনেমাই যিমানেই যি প্রদর্শন নকৰক কিয়, এটা বিন্দুত সকলো এক হৈ যায় আৰু সেই বিন্দু হ’ল নিজ দেশৰ ভাবমূর্তি৷ পৃথিৱীক অন্য গ্রহৰ প্রাণীয়ে শেষ কৰি দিবলৈ ওলোৱা সময়তো আমেৰিকাৰ সৈন্যহে আগবাঢ়ি আহে আৰু পৃথিৱীক ৰক্ষা কৰে৷ সকলো ক্ষেত্রতেই আমেৰিকান সৈন্য বাহিনীক শক্তিমান ৰূপত আৰু সন্মানজনক স্থানত ৰখা হয়৷ আমেৰিকান সৈনিক বাহিনী যে পৃথিৱীৰ আটাইতকৈ শক্তিশালী, সেই কথা প্রমাণ কৰিবলৈ সদায়ে যুদ্ধ লাগি থাকিব নোৱাৰে৷ কিন্তু চিনেমাৰ যোগে সেই কথা সদায়ে কোৱা হৈছে, খুব ইংগিতধর্মী ৰূপত৷ ভাৰত চৰকাৰেও এতিয়া চিনেমাৰ এই কোমল শক্তিৰ কথা অনুভৱ কৰিছে আৰু এই দিশত কাম কৰিবলৈ আৰম্ভ কৰিছে৷ এই কাম যে এটা বিদ্যায়তনিক কাম, সেই কথা উপলব্ধি কৰি চৰকাৰে বিশ্ববিদ্যালয়ৰ অংশগ্রহণেৰে এই আলোচনাৰ পাতনি মেলিছে৷ ভাৰতখন দৰিদ্র আৰু অন্ধবিশ্বাসী মানুহৰ দেশ হিচাপেহে আমাৰ চিত্রনির্মাতাসকলে বিদেশত প্রদর্শন কৰে৷ নাগৰিক–মানৱ অধিকাৰৰ দেশ ভাৰতৰ চিত্রনির্মাতাই নিজৰ দেশৰ এখন লজ্জাজনক ছবি বিদেশত বিক্রী কৰি অলপ পইচা আৰু অলপ মানপত্র সংগ্রহ কৰা মানসিকতাক কোনেও বাধা দিব নোৱাৰে৷ কিন্তু চৰকাৰে তেনে প্রচাৰত আগভাগ লোৱাটো বন্ধ কৰিব লাগে৷ দেশৰ দৰিদ্রতা–ন্ধবিশ্বাস্ বিদেশত বিক্রী কৰাসকলে দেশৰ গৌৰৱপূর্ণ দিশৰ ছবি বিক্রী কৰি দুপইচা ঘটিব নোৱাৰে কিয়, সেই প্রশ্ণ চৰকাৰে উত্থাপন কৰিব লাগে৷ এফালে ভাৰতক বিশ্বশ্রেষ্ঠ ৰূপে প্রতিষ্ঠা কৰাৰ কামনা আৰু আনফালে চৰকাৰৰ সহযোগতেই ভাৰতৰ দুখ লগা ছবি বিদেশত প্রচাৰ– চৰকাৰে এই দ্বিধাগ্রস্ত অৱস্থাৰ পৰা মুক্ত হৈ সৎ পথত চিন্তা কৰিব পাৰিলেহে চিনেমাক কোমল শক্তি হিচাপে আগবঢ়াই দিব পাৰিব৷

You might also like