নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিকিম এক অৱলোকন

প্ৰকৃতিৰ মনোমোহা বৈভৱেৰে পৰিপূর্ণ পাহাৰীয়া ৰাজ্য ছিকিম৷ তিব্বত, ভূটান আৰু নেপালৰ সীমান্তৰে আগুৰা প্রকৃতিৰ চিৰসেউজ সৌন্দর্যৰ আকৰ এই ছিকিম৷ ছিকিমৰ পশ্চিমে আছে নেপাল, উত্তৰ–পূব দিশত আছে তিব্বত, দক্ষিণ–পূব দিশত আছে ভূটান আৰু দক্ষিণে আছে পশ্চিমবংগ ৰাজ্য৷ সাগৰপৃষ্ঠৰ পৰা ৩০০ মিটাৰৰ পৰা ৮,৫৮৬ মিটাৰ উচ্চতাত হিমালয়ৰ ৭,০৯৬ বর্গ কিলোমিটাৰজুৰি থকা ছিকিম সকলোৰে বাবে আকর্ষণৰ কেন্দ্রবিন্দু৷ ইয়াৰ গৌৰৱ গাথা তুলি থকা কাঞ্চনজংঘা পর্বতমালা কেৱল বিশ্বৰ তৃতীয় উচ্চতম শৃংগই নহয় ই হৈছে ছিকিমৰ শান্তি–সমৃদ্ধি আৰু ইয়াৰ চিৰ প্রাচীন সভ্যতাৰ প্রতীক৷ ছিকিমৰ উত্তৰ–পশ্চিম দিশত নেপালৰ সীমাত এই চিৰসেউজ সৌন্দর্যৰ আকৰ কাঞ্চনজংঘা৷ ছিকিমৰ প্রাকৃতিক সৌন্দর্য, ইয়াৰ চিৰসেউজ পর্বতমালা আৰু বিভিন্ন জনগোষ্ঠীৰ ধর্মবিশ্বাস আৰু সংস্কৃতিৰ মিলনভূমিয়ে সকলো পর্যটকৰ বাবে আকর্ষণীয় ঠাই৷ ‘অতিথি দেৱ ভৱ’ এই আপ্তবাক্যশাৰী যেন ছিকিমৰ জনজীৱনৰ ৰন্ধ্রে ৰন্ধ্রে অনুৰণিত হৈ আছে৷ লোকসংগীত, লোকনৃত্য, পৰম্পৰাগত সাজপাৰ আৰু বিভিন্ন বাৰেৰহণীয়া সংস্কৃতিৰ সমাৱেশ ছিকিমৰ প্রান্তে প্রান্তে৷ পৱিত্র ভূমি ছিকিমত প্রৱেশ কৰামাত্রেই সকলোৰে অন্তৰাত্মা আধ্যাত্মিকতাৰ আৱেশেৰে আগুৰি ধৰে৷ যিসকলে মানসিক প্রশান্তি, প্রাকৃকি সৌন্দর্যৰ সীমাহীন সন্মোহিনীত নিজকে বিলীন কৰিব বিচাৰে তেওঁলোক নিশ্চিতভাৱে এবাৰলৈ হ’লেও ছিকিমলৈ যাব লাগে৷ ছিকিমলৈ যোৱা মানে এয়া যেন এক আধ্যাত্মিকতাৰ যাত্রা৷ ছিকিমৰ জনজীৱন তাৰ জনসাধাৰণৰ আচাৰ–আচৰণৰ আত্মিক আকর্ষণে আপোনাক নিশ্চিতভাৱে আহ্লাদিত কৰিব৷
ছিকিমলৈ যাবৰ বাবে ১০নং ৰাষ্ট্রীয় ঘাইপথৰ সুচল ব্যৱস্থা আছে৷ সেইদৰে আকৌ উত্তৰ–পূব ভাৰতৰ প্রথমটো গ্রীনফিল্ড বিমানবন্দৰ পাকিয়াঙৰ পৰা দিল্লী, কলকাতা আৰু গুৱাহাটীলৈ বিমান চলাচলৰ ব্যৱস্থা আছে৷ ৰে’লৰ দ্বাৰা ছিকিমক সংযুক্ত কৰিবলৈও চৰকাৰে যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে৷ আশা কৰা হৈছে ২০২৩ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত ৰে’লৰ মানচিত্রত ছিকিম অন্তর্ভুক্ত হ’ব৷ অর্থাৎ ছিকিমলৈ ৰে’লৰ যোগাযোগ সম্ভৱ হৈ উঠিব৷

গেংটক চিটীঃ

স্থান ঃ প্রকৃতিক সৌন্দর্যমণ্ডিত ছিকিমৰ এখন মহানগৰ গেংটক৷ ছিকিমৰ ৰাজধানী চহৰ এই গেংটক পূর্বোত্তৰ হিমালয়ৰ ৫,৫০০ বর্গ ফুট উচ্চতাত অৱস্থিত৷
দূৰত্ব (পথযোগে) ঃ পাকিয়াং বিমানবন্দৰৰ পৰা পথেৰে গ’লে ইয়াৰ দূৰত্ব ৩০ কিলোমিটাৰ৷ বাগডোগোৰা বিমানবন্দৰৰ পৰা ১২৫ কিলোমিটাৰ নিউ জলফাইগুৰি ৰে’লৱে ষ্টেচনৰ পৰা ইয়াৰ দূৰত্ব ১২৬ কিলোমিটাৰ৷ সেইদৰে শিলিগুৰিৰ পৰা গেংটক চহৰলৈ দূৰত্ব ১১৪ কিলোমিটাৰ৷ গেংটকলৈ যাবলৈ আপোনাৰ কোনো অসুবিধা নাই৷ কিয়নো সকলো ফালৰ পৰাই যোগাযোগৰ দিশত গেংটকলৈ যাবলৈ আপোনাৰ দুৱাৰ খোলা আছে৷
ভ্রমণৰ উপযুক্ত সময় ঃ গেংটকলৈ যোৱা আটাইতকৈ উৎকৃষ্ট সময় মার্চৰ পৰা জুনলৈ আৰু অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত৷
গেংটকত থকা–খোৱাৰ ব্যৱস্থা ঃ প্রকৃতিক সৌন্দর্যৰ মনোমোহা বৈভৱেৰে পৰিপূর্ণ এইখন ৰাজধানী চহৰত আপুনি থাকিবলৈও পাব আপোনাৰ নিজৰ পছন্দৰ বাজেট অনুসৰি অর্থাৎ আপোনাৰ সুবিধা মতে আপুনি হোটেল অথবা সৰু এপার্টমেণ্টত থকাৰ সুবিধা কৰি ল’ব পাৰে অথবা ইচ্ছা কৰিলে আপুনি পঞ্চতাৰকা হোটেলত থকাৰ সুবিধাও ল’ব পাৰে৷
গেংটক মহানগৰত আপুনি এবাৰ পৰিভ্রমণ কৰিলে প্রকৃতিয়ে সৌন্দর্যমণ্ডিত ৰূপত গঢ়ি তোলা চহৰখন আপুনি প্রত্যক্ষ কৰিব, যি সৌন্দর্যই আপোনাক নিশ্চিতভাৱে আত্মহাৰা কৰিব৷ ইয়াৰ জলবায়ু স্বাস্থ্য অনুকূল৷ গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত আৰু শীত এই পাঁচোটা ঋতুতে গেংটকত আপুনি প্রকৃতিৰ সৌন্দর্য উপভোগ কৰাই নহয় আপোনাৰ যাত্রাকালৰ সার্থকতা অনুভৱ কৰিব৷ গেংটক মানেই প্রকৃতিয়ে নিজ হাতে গঢ়া এক সৌন্দর্যমণ্ডিত যেনে ভাস্কর্য৷ গেংটকৰ মহাত্মা গান্ধী মার্গ যাক সকলোৱে এম জি মার্গ বুলি জানে৷ এই এম জি মার্গ হ’ল বিভিন্ন ধৰণৰ ৰাষ্ট্রীয় আন্তঃৰাষ্ট্রীয়, স্থানীয় বিভিন্ন সামগ্রীৰে উপচি থকা এক ব্যৱসায়িক ক্ষেত্র৷ খাদ্যৰসিকসকলে ইয়াৰ ৰেস্তোৰাঁত মন পছন্দৰ খাদ্য গ্রহণ কৰিব পাৰে৷ এম জি মার্গৰ সন্ধিয়া অতি আকর্ষণীয়৷ সংগীতৰ মূর্ছনাৰ মাজত আহাৰ গ্রহণৰ মাদকতাই সুকীয়া৷ গেংটকত চাবলগীয়া বহুকেইটা পর্যটন ক্ষেত্র আছে৷ আপুনি য’লৈকে যায় তাতেই আপোনাৰ মন নিশ্চিতভাৱে প্রশান্তিৰে ভৰি পৰে৷

হিমালয়ান জুল’জিকেল পার্কঃ ৰাজধানী চহৰ গেংটকৰ পৰা ৭.৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত হিমালয়ান জুল’জিকেল পার্ক ২৩০ হেক্টৰবনভূমিক সামৰি আছে৷ ৫৮৪০ ফুটৰ পৰা ৮০০০ ফুট উচ্চতাত থকা এখন অতি আকর্ষণীয় পার্ক৷ য’ত প্রকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত আপুনি বন্য জন্তুৰ বিভিন্ন প্রজাতি প্রত্যক্ষ কৰিব৷ স্ন’লি’পার্ড, ক্লাউডেড লি’পার্ড, কমন লি’পার্ড, তির্বেটান ৱাল্ফ, বার্কিং হৰিণ, চিৰো, হিমালয়ান থৰ, ইয়াক পর্কুপাইনছ, গৰাল, হিমালয়ান প্লাম চিভেট, হিমালয়ান ৰেড পাণ্ডা, হিমালয়ান মনাল ফিয়েচেণ্ট, ক্রিনছন হর্ন ফিয়েচেণ্ট, গোল্ডেন ভিয়েচেণ্ট) আৰু হিমালয়ান বেলেক বিয়েৰ এই পার্কৰ অনুপম বন্য সম্পদ৷ চিৰিয়াখানাত পর্যটকৰ বাবে আছে সকলো সুবিধা৷ খোৱাপানীৰ পৰা প্রতীক্ষা বেঞ্চলৈকে সকলো সুবিধাৰে সমৃদ্ধৰে এই চিৰিয়াখনা৷ ইয়াৰ পৰা কাঞ্চনজংঘা পর্বতৰ সৌন্দর্য উপভোগ কৰিব পাৰি৷

হনুমান টকঃ গেংটকৰ পৰা ৭.৯ কিলোমিটাৰ দূৰত্বত এই হনুমান টক৷ ৭,২০০ ফুট উচ্চতাত অৱস্থিত এই হনুমান টক হিন্দুসকলৰ বাবে উপাসনা থলী ৰূপে পৰিগণিত৷ হনুমান টক আচলতে ভগৱান হনুমানৰ উৎসর্গিত এটি হিন্দু মন্দিৰ৷ প্রবাদ মতে প্রভু হনুমানে ভগৱান ৰামচন্দ্রৰ ভ্রাতৃ লক্ষ্মণক বচাবৰ বাবে সাতালী পর্বত দাঙি যি সঞ্জীৱনী কঢ়িয়াই আনিছিল সেই সময়ত খন্তেক সময়ৰ বাবে যি দোখৰ ঠাইত প্রভু হনুমানে জিৰণি লৈছিল সেই ঠাইতেই এই মন্দিৰ নির্মাণ কৰা হৈছিল৷ হনুমান টক আচলতে সকলোৰে আশা পৰিপূর্ণ হোৱাৰ এটা পাহাৰ বুলি গণ্য কৰা হয়৷ আপুনি হনুমান টকলৈ গৈ আপোনাৰ প্রার্থনাৰে আপোনাৰ মনোবাঞ্ছা সিদ্ধি কৰিব পাৰে৷ দর্শন মাত্রেই মনোবাঞ্চা সিদ্ধিৰ এই প্রবাদে এতিয়া সকলোৰে বাবে হনুমান টক আকর্ষণৰ উপাসনাৰ কেন্দ্র হৈ পৰিছে৷

You might also like