নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইৱানলৈ যুদ্ধৰ হুংকাৰ চীনৰ

আকাশী সীমা উলংঘা কৰা চীনা ড্রোন গুলীয়াই ভূপতিত কৰাৰ পাছতে টাইৱানৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দিছে বেইজিং প্রশাসনে৷ চীনৰ মূল ভূখণ্ডৰ সমীপৱর্তী কুৱাংঝাউ দ্বীপৰ ওচৰত কালি টাইৱানৰ সেনাই আকাশী সীমা উলংঘা কৰা ড্রোনখন গুলীয়াই ধ্বংস কৰে৷ লক্ষণীয় বিষয়টো হৈছে এই দ্বীপটোৰ ওপৰত আছে তীব্র নজৰ চীনৰ৷ কিন্তু দ্বীপটো নিয়ন্ত্রণত আছে টাইৱানৰ৷ টাইৱানৰ আশংকা যে এই দ্বীপটোৰ ওপৰত প্রথম আক্রমণ চলাব পাৰে চীনৰ সেনা পিএলএই৷ কালি টাইৱানে চীনৰ এই ড্রোনখন ধ্বংস কৰাৰ পাছত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে৷ মাত্র কেইদিনমান পূর্বে মার্কিন কংগ্রেছৰ নিম্ন সদনৰ অধ্যক্ষা নানচি পেলোছিয়ে চীনৰ তীব্র আপত্তি সত্ত্বেও টাইৱান ভ্রমণ কৰা বিষয়টোক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ আনকি চীনে যুদ্ধংদেহী মনোভাব গ্রহণ কৰিব পাৰে বুলি আশংকা কৰিয়েই টাইৱান প্রণালীলৈ আমেৰিকাই প্রেৰণ কৰিছিল তিনিখন ৰণতৰী৷ ইফালে, পেলোছিৰ এই ভ্রমণৰ প্রতিক্রিয়া হিচাপে কেইবাটাও ক্ষেপণাস্ত্র উৎক্ষেপণ কৰিছিল চীনা সেনাই৷ এই ক্ষেপণাস্ত্র গৈ জাপানৰ জলৰাশিত পৰাৰ লগে লগে সমগ্র ভাৰত তথা প্রশান্ত মহাসাগৰীয় অঞ্চলত সৃষ্টি হৈছিল অশান্তি৷ ইউক্রেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ সময়তে চীন–টাইৱানৰ মাজত এক ভয়াৱহ সামৰিক সংঘাতে সমগ্র এছিয়া অশান্ত কৰাৰ আশংকাও মুহূর্ততে সৃষ্টি হয়৷ কিন্তু বিভিন্ন বিষয়ত পূর্বতে ৰহস্যজনক স্থিতি গ্রহণ কৰি অহাৰ দৰে এইবাৰো চীনে ঘোষণা কৰে যে টাইৱানৰ ওপৰত যুদ্ধ কৰাৰ কোনো অভিপ্রায় নাই দেশখনৰ৷ কিন্তু ইয়াৰ বিপৰীত স্থিতি গ্রহণ কৰি হঠাতে টাইৱানৰ বিৰুদ্ধে অর্থনৈতিক নিষেধাজ্ঞা তীব্রতৰ কৰে বেইজিং প্রশাসনে৷ অকল সেয়াই নহয়, টাইৱানক চৌদিশৰ পৰা ঘেৰি লৈ এক যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰে চীনা সেনাই৷ চক্রবেহুৰ মাজত টাইৱানক সুমুৱাই লোৱাৰ বাবে চীনা সেনাই চাৰিও দিশত আৰম্ভ কৰে সামৰিক অনুশীলন৷ এই অনুশীলন এতিয়াও অব্যাহত আছে৷ মাত্র চাৰি দিন ধৰি চলিবলগীয়া সামৰিক অনুশীলন যুদ্ধৰ প্রস্তুতিৰ দৰে হৈ পৰিছে৷ ইয়াৰ মাজতে টাইৱানে যিকোনো আক্রমণৰ প্রতিৰোধ কৰিবলৈ দেশখনৰ সেনা সাজু থকা বুলি ঘোষণা কৰাৰ পাছতে উত্তেজনা তীব্রতৰ হয়৷
এই উত্তেজনা প্রশমিত হোৱাৰ কোনো লক্ষণ নাই৷ বৰঞ্চ টাইৱান বিষয় লৈ হোৱাইট হাউছ প্রশাসনে সন্দেহজনক অৱস্থান গ্রহণ কৰা বুলি চীনৰ মিত্র দেশসমূহে মুকলিকৈ আমেৰিকাক সমালোচনা কৰিবলৈ লৈছে৷ ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে আমেৰিকাৰ উচটনিৰ বাবে চীন–টাইৱানৰ মাজত সামৰিক সংঘাতৰ পৰিৱেশ সৃষ্টি হোৱা বুলি মুকলি অভিযোগ আনে৷ ইফালে, টাইৱানক সার্বভৌম তথা স্বাধীন ৰাষ্ট্র হিচাপে স্বীকৃতি দিবলৈ হোৱাইট হাউছ সাজু আছে বুলি ঘোষণা কৰে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে৷ ৰাষ্ট্রপতি বাইডেনে টাইৱানৰ বিৰুদ্ধে চীনৰ যিকোনো আক্রমণক প্রত্যাহ্বান জনোৱা হ’ব বুলিও হুংকাৰ দিয়ে৷ অর্থাৎ হুংকাৰ আৰু প্রতি–হুংকাৰৰ মাজত এতিয়া সমগ্র অঞ্চলটোত চলি আছে যুদ্ধৰ এক আশংকা৷ এই আশংকাত অধিক ইন্ধন যোগাই এইবাৰ টাইৱানে গুলীয়াই ধ্বংস কৰিলে চীনা ড্রোন৷ অৱশ্যে এই ড্রোনখন চীনৰ সেনাৰ নাছিল বুলি স্পষ্ট কৰি দিয়া হৈছে৷ আকাশী সীমা উলংঘা কৰাৰ বাবে ধ্বংস কৰা এই ড্রোনখন অসামৰিক আছিল বুলিও টাইৱানে দাবী কৰিছে৷ কিন্তু ড্রোন ধ্বংস কৰাৰ পাছতে সামৰিক অভিযানৰ হুংকাৰ দি চীনে একপ্রকাৰ টাইৱান দখলৰ বাবে প্রস্তুতি চলোৱাৰ ইংগিত দিছে৷ চীনা প্রতিৰক্ষা দপ্তৰৰ পৰা ঘোষণা কৰা হৈছে যে দেশখনৰ সেনাৰ কোনো ড্রোনে আকাশী সীমা উলংঘা কৰা নাই৷ তৎসত্ত্বেও টাইৱানৰ বাহিনীয়ে ড্রোনখন গুলীয়াই ধ্বংস কৰা ঘটনা কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিছে বেইজিং প্রশাসনে৷ ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ’ব বুলিও ঘোষণা কৰা হৈছে প্রতিৰক্ষা মন্ত্রালয়ৰ পৰা৷ ইফালে, টাইৱানৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে ৰাষ্ট্রপতি ছাই ইং–ৱেনৰ নির্দেশত ইতিমধ্যে দেশৰ সেনাবাহিনীয়ে আত্মৰক্ষাৰ প্রস্তুতি চলাইছে৷ টাইৱানৰ এনে স্থিতিৰ পাছত পৰিস্থিতি অধিক জটিল হৈ পৰাটোৱেই স্বাভাৱিক৷ সমগ্র টাইৱান প্রণালীজুৰি ইয়াৰ লগে লগে সেনাৰ সঞ্চালন বৃদ্ধি পাইছে৷ সাজু কৰা হৈছে মার্কিন সমৰাস্ত্র তথা সামৰিক বাহনবোৰ৷ লক্ষণীয় দিশটো হৈছে আগষ্ট মাহত চীনা সেনাৰ যুদ্ধ বিমানে ৫০০বাৰ টাইৱানৰ আকাশী সীমা উলংঘা কৰিছে৷ বাৰে বাৰে টাইৱানৰ ওপৰত চাপ সৃষ্টি কৰাৰ চীনৰ এই কৌশলক লৈ উদ্বেগ প্রকাশ কৰিছে আমেৰিকায়ো৷ মূল বিষয়টো হৈছে দক্ষিণ চীন সাগৰীয় অঞ্চলত বেইজিং প্রশাসনৰ অবাধ আধিপত্য দাবীক কোনোপধ্যে মানি ল’ব পৰা নাই আমেৰিকাই৷ গতিকে চীন আৰু টাইৱানৰ মাজত সংঘাতৰ সৃষ্টি কৰি পৰিস্থিতি অশান্ত কৰাৰ এক কৌশল গ্রহণ কৰা হৈছে বুলি বিশেষজ্ঞসকলে দাবী কৰিছে৷ পূর্বেও আমেৰিকাই নিজৰ বাণিজ্য বিস্তাৰৰ বাবে বিভিন্ন দেশৰ মাজত সংঘাত সৃষ্টি কৰাৰ নজিৰ আছে৷ ইফালে, চীনে টাইৱানক মূল ভূখণ্ডৰ অন্তর্গত এক স্বশাসিত প্রদেশ হিচাপে স্বীকৃতি দি আহিছে৷ প্রয়োজনত মূল চীন ভূখণ্ডৰ সৈতে টাইৱানক সামৰি লোৱা হ’ব বুলি হুংকাৰ দি আহিছে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে৷ মাকাও, হংকং আদি অঞ্চলৰ দৰে টাইৱানো ঐতিহাসিকভাৱে চীনৰ মূল ভূখণ্ডৰ অন্তর্গত বুলি দাবী কৰি আহিছে বেইজিং প্রশাসনে৷ কিন্তু বেইজিঙৰ এনে দাবীক অগ্রাহ্য কৰি আহিছে আমেৰিকাসহ কেইবাখনো দেশে৷ আনকি এই দেশসমূহে টাইৱানৰ সৈতে কূটনৈতিক সম্পর্কও স্থাপন কৰিছে৷ অৱশ্যে ৰাষ্ট্রসংঘই এতিয়াও টাইৱানক স্বাধীন তথা সার্বভৌম ৰাষ্ট্র হিচাপে স্বীকৃতি দিয়া নাই৷ গতিকে এক জটিল প্রক্রিয়াৰ মাজত থকা টাইৱানক লৈ চলিছে যুদ্ধৰ আশংকা৷

You might also like