নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰ প্রস্তাৱিত ভাৰত ভ্রমণ

আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ প্রস্তাৱিত ভাৰত ভ্রমণক লৈ বিশ্ববাসীৰ নজৰ পৰিছে দুই বৃহৎ গণতন্ত্র আখ্যা পোৱা দেশ দুখনৰ ওপৰত৷ আগন্তুক ২৪ ফেব্রুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতত উপস্থিত হ’ব৷ সপত্নীক মার্কিন ৰাষ্ট্রপতিগৰাকীক আদৰিবলৈ ইতিমধ্যে সকলো ধৰণৰ তৎপৰতা আৰম্ভ কৰিছে নতুন দিল্লী প্রশাসনে৷ বিভিন্ন পর্যায়ত নিৰাপত্তাৰ বিষয়টোক লৈ চলিছে পর্যালোচনা৷ আনকি হোৱাইট হাউছ প্রশাসনৰ তৰফৰ পৰা নিজাববীয়াকৈ মার্কিন ৰাষ্ট্রপতিগৰাকীৰ ভাৰত ভ্রমণৰ পূর্বে নিৰাপত্তাৰ দিশটোৰ ওপৰত বিশেষ নজৰ দিয়া হৈছে৷ ড’নাল্ড ট্রাম্পৰ ভাৰত ভ্রমণৰ বিষয়টোক লৈ অত্যুৎসাহী হৈ পৰিছে কেন্দ্রৰ নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰখন৷ এফালৰ পৰা চাবলৈ গ’লে প্রধানমন্ত্রী মোদী হৈছে এনে এগৰাকী নেতা, যিয়ে দুগৰাকীকৈ মার্কিন ৰাষ্ট্রপতিক লগ পোৱাৰ সুযোগ লাভ কৰিছে৷ ট্রাম্পৰ পূর্বসূৰী বাৰাক অ’বামাই ভাৰত ভ্রমণ কৰিছিল মোদীৰ প্রথমটো কার্যকালত৷ মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে মোদীৰ আমন্ত্রণ ক্রমেই ভাৰতৰ গণৰাজ্য দিৱসৰ অতিথি হৈছিল৷ দ্বিতীয়গৰাকী ৰাষ্ট্রপতি হিচাপে ড’নাল্ড ট্রাম্পে গণৰাজ্য দিৱসত উপস্থিত হোৱাৰ আমন্ত্রণ অগ্রাহ্য কৰিছিল যদিও মোদীৰ দ্বিতীয়টো কার্যকালত ভাৰত ভ্রমণ কৰি নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত সম্পর্কৰ নতুন যুগৰ সূচনাৰ ইংগিত দিছে৷ ট্রাম্পে এনে সময়ত ভাৰত ভ্রমণ কৰিবলৈ সিদ্ধান্ত লৈছে, যি সময়ত সমগ্র বিশ্বত সৃষ্টি হৈছে বিভিন্ন বিষয়ক লৈ অস্থিৰতা৷ মধ্যপ্রাচ্য সন্দর্ভত ড’নাল্ড ট্রাম্পৰ নেতৃত্বত গ্রহণ কৰা স্থিতিয়ে বিশ্ব সম্প্রদায়ৰ মাজত সৃষ্টি কৰিছে মতানৈক্য৷ ট্রাম্পৰ পেলেষ্টাইন সন্দর্ভত নতুন নীতিয়ে আন্তর্জাতিক মহলত সৃষ্টি কৰিছে প্রতিক্রিয়া৷ লক্ষণীয়ভাৱে আমেৰিকাই মধ্যপ্রাচ্যত ইজৰাইলক সাৰথি কৰি সমগ্র অঞ্চলটোত একচেটিয়া আধিপত্য বিস্তাৰৰ সংকল্প গ্রহণ কৰাৰ সময়তে ভাৰতেও ইজৰাইলৰ প্রতি বিভিন্ন বিষয়ত প্রদর্শন কৰিছে সহমর্মিতা৷ মোদী নেতৃত্বাধীন কেন্দ্রৰ এন ডি এ চৰকাৰখনে ইজৰাইলৰ সৈতে সম্পর্কৰ নতুন পথ মুকলি কৰিছে যদিও সমগ্র মধ্যপ্রাচ্যত ভাৰতক লৈ আৰম্ভ হৈছে মতানৈক্য৷
ট্রাম্পৰ প্রস্তাৱিত ভাৰত ভ্রমণক লৈ ৱাশ্বিংটন বা নতুন দিল্লী প্রশাসনৰ মাজত যি উৎসাহ দেখিবলৈ পোৱা গৈছে তাৰ বিপৰীতে বিশ্বৰ অন্য দেশবোৰে বিষয়টোত নজৰ দিছে বিভিন্ন কাৰণত৷ আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে ট্রাম্পে ক্ষমতাত আৰোহণ কৰাৰ পাছতে মধ্যপ্রাচ্যৰ শান্তিপূর্ণ পৰিস্থিতিলৈ আহি পৰিছে ভাবুকি৷ আনকি ট্রাম্পৰ পূর্বসূৰী বাৰাক অ’বামাই ইৰানৰ সৈতে যি গুৰুত্বপূর্ণ পৰমাণু চুক্তিত স্বাক্ষৰ কৰিছিল এই চুক্তিৰ পৰা ট্রাম্পে সমর্থন প্রত্যাহাৰ কৰিছে৷ বাৰাক অ’বামাই বহু প্রচেষ্টাৰে বিশ্বৰ কেইবাখনো শক্তিশালী ৰাষ্ট্রক লৈ ইৰানত শান্তিৰ বাতাৱৰণ সৃষ্টিৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰিছিল৷ অ’বামাৰ প্রচেষ্টাতেই স্বাক্ষৰ হৈছিল শান্তি চুক্তি৷ কিন্তু এই চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰি ট্রাম্পে ইৰানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগে লগে ভাৰত–ইৰান মৈত্রীলৈ আহি পৰিছে ভাবুকি৷ ইৰানৰ পৰা তেল সৰবৰাহ কৰা অন্যতম ৰাষ্ট্র হিচাপে চিহ্ণিত হৈ আহিছে ভাৰত৷ ট্রাম্পে ইৰানৰ তৈলক্ষেত্রৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগে লগে ভাৰতৰ প্রতিও আহি পৰিছে ভাবুকি৷ অর্থাৎ মধ্যপ্রাচ্যত ভাৰত ক্রমান্বয়ে এঘৰীয়া হ’বলৈ ধৰিছে হোৱাইট হাউছৰ সৈতে থকা শক্তিশালী মৈত্রীৰ বাবে৷ তথাপি ভাৰতে আমেৰিকাৰ সৈতে মৈত্রী আৰু সহযোগিতা অক্ষত ৰখাৰ সংকল্প গ্রহণ কৰিছে৷ ভাৰতৰ বৈদেশিক নীতিত আমেৰিকাপ্রীতিৰ গুৰুত্বৰ কাৰণ হৈছে কাশ্মীৰ৷ কাশ্মীৰক লৈ আমেৰিকাই ভাৰত–পাকৰ মাজত মধ্যস্থতাকাৰীৰ বেশেৰে এক নতুন ৰাজনীতিৰ কৌশল ৰচনা কৰি আহিছে৷ গতিকে এই কৌশল যাতে আমেৰিকাই সফল কৰিব নোৱাৰে তাৰ বাবেই হোৱাইট হাউছৰ সৈতে নতুন দিল্লীয়ে মৈত্রী অক্ষত ৰাখিব বিচাৰিছে৷ ইফালে আমেৰিকাই বিচাৰিছে ৰাছিয়াৰ সৈতে ভাৰতৰ প্রতিৰক্ষাৰ সহযোগিতাত প্রাচীৰ সৃষ্টি কৰি দেশখনত অধিক যুদ্ধাস্ত্র তথা সমৰ সঁজুলিৰ বজাৰ এখন গঢ়ি তুলিবলৈ৷ অর্থাৎ ট্রাম্পে ভাৰতলৈ আহিব এখন নতুন বজাৰ সৃষ্টিৰ সংকল্পৰে৷ ভাৰতৰ এইক্ষেত্রত নীতি হ’ব ট্রাম্পৰ সৈতে সম্পর্ক ৰক্ষা কৰি বিভিন্ন নিষেধাজ্ঞাৰ পৰা পৰিত্রাণৰ পথ বিচৰা৷ এই দিশবোৰ বিশ্লেষণ কৰিলে ট্রাম্পৰ ভাৰত ভ্রমণসূচীত বাণিজ্যিক দিশটোৱে অধিক গুৰুত্ব লাভ কৰিব বুলি ধাৰণা কৰিব পাৰি৷

You might also like