নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অর্থৰ প্রয়োজনীয়তা

জীৱনত অর্থৰ প্রয়োজন যদিও ধনেই সর্বোচ্চ নহয়৷ খাদ্য, বস্ত্র আৰু বাসস্থানৰ বাবে মানুহক অর্থৰ প্রয়োজন৷ বিশেষকৈ এটি স্বাচ্ছন্দ্য জীৱনৰ বাবে ধনৰ আৱশ্যকতা নুই কৰিব নোৱাৰি৷ উপযুক্ত শিক্ষা, বসবাসৰ বাবে এটি সুন্দৰ বাসগৃহ, সুখী জীৱনৰ বাবে সুন্দৰ স্বাস্থ্য আৰু অন্যান্য বিনোদনৰ মাধ্যমসমূহে মানুহৰ জীৱন ধাৰণৰ প্রক্রিয়া উন্নত কৰে৷ বর্তমান সময়ত সকলো সামগ্রীৰ মূল্য আকাশলংঘী হৈ পৰিছে৷ সন্তানক উপযুক্ত শিক্ষা প্রদানৰ বাবেও অজস্র ধনৰ প্রয়োজন৷ এই বিষয়সমূহে যাতে জীৱন ধাৰণৰ ক্ষেত্রত হেঙাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সকলোৱে উপার্জনৰ পথত নামি পৰে৷ আর্থিক নিৰাপত্তাই মানুহৰ মনলৈ অপৰিসীম শান্তি নমাই আনে৷ অর্থই সকলোৰে মনৰ চাপ অস্বাভাৱিকভাৱে হ্রাস কৰে৷ সেইবাবেই বহু লোকে সহজ ধন অর্জনৰ বাবে ভুল পথত খোজ পেলায়৷ কাৰণ অধিকাংশ লোকে অতি সহজে অর্থ আহৰণ কৰি জীৱনৰ সকলো সুখ–শান্তি হাতৰ মুঠিলৈ আনিব বিচাৰে৷ টকা–পইচাৰ সীমাহীন চাহিদাই মানুহৰ লোভ ক্রমান্বয়ে বৃদ্ধি কৰে৷ জীৱনত কিমান ধনৰ প্রয়োজন তাৰ কোনো নির্ধাৰিত পৰিমাণ নথকা বাবেই মানুহে সমগ্র জীৱন অর্থৰ পিছে পিছে দৌৰি ফুৰে৷ কিন্তু জীৱনত জানো ধনেই যথাসর্বস্ব? এই প্রশ্ণ সদায় উত্থাপিত হৈ আহিছে৷ তাৰকা অভিনেতা, বিশ্ববিশ্রুত খেলুৱৈ, পৃথিৱী বিখ্যাত সংগীতজ্ঞ আৰু ব্যৱসায়ীসকলে অপৰিসীম অর্থ আহৰণ কৰে৷ কিন্তু এই পর্বতসম অর্থই তেওঁলোকক কিমান সুখী কৰিছে, সেয়া বিচার্যৰ বিষয়৷ এনে বহু তাৰকা আছে, যিসকলে সমগ্র জীৱন অর্থ আহৰণ কৰাৰ পিছত স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে জীৱনত ধনেই সকলো নহয়৷ শেহতীয়াভাৱে ভাৰতৰ কিংবদন্তি টেনিছ তাৰকা ছানিয়া মির্জাৰ শেহতীয়া এক মন্তব্যই জীৱনত যে ধনেই সর্বোচ্চ নহয় সেই কথা পুনৰ প্রতীয়মান কৰিছে৷ ছানিয়াই এই প্রসংগত কৈছে যে টকা–পইচা, গাড়ী–ঘৰ, খ্যাতি–সন্মান জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ বস্তু নহয়৷ এই সকলোবোৰ ভোগ–বিলাসৰ এটিংশ মাত্র৷ আচলতে গুৰুত্বপূর্ণ হ’ল জীৱনৰ কঠিন সময়ত আপোনাৰ ওচৰত যি থাকিব তেওঁহে৷

এটি সাক্ষাৎকাৰত ছানিয়াই কয়– মই অনুভৱ কৰোঁ, বাস্তৱৰ সম্পর্কত থকা আটাইতকৈ গুৰুত্বপূর্ণ৷ এতিয়া মোৰ শৰীৰো এক সমস্যাৰূপে দেখা দিছে৷ তিনিটাকৈ অস্ত্রোপচাৰৰ পিছত এটি সন্তান ডাঙৰ কৰা মোৰ বাবে সমস্যা হৈ পৰিছে৷ ছানিয়াই লগতে প্রকাশ কৰিছে যে তেওঁ কেইবাবাৰো গ্রেণ্ডশ্লাম প্রতিযোগিতাৰ ফাইনেল খেলিছে৷ কিন্তু কোনেও বুজিব নোৱাৰে যে তেনে এখন প্রতিযোগিতাৰ ফাইনেলত প্রৱেশ কৰিবলৈ কিমান পৰিশ্রম কৰিবলগীয়া হয়৷ ‘খেলুৱৈ জীৱনৰ পৰা মই যি শিক্ষালাভ কৰিছোঁ, তাক মই পৃথিৱীৰ কোনো গ্রন্থৰ পৰা শিকিব পাৰিম বুলি নাভাবোঁ৷ আপুনি জানে যে আপোনাৰ জীৱনত বেয়া আৰু ভাল দিন আছে৷ কিন্তু টকা–পইচাই সেই বেয়া দিনবোৰত কোনো সহায় কৰিব নোৱাৰে৷ ইয়াৰ বাবে কোনো সুহূদ ব্যক্তিৰ প্রয়োজন৷’ পাকিস্তানৰ তদানীন্তন অধিনায়ক ছোৱাইব মালিকৰ প্রাক্তন পত্নী ছানিয়াই লগতে কৈছে যে তেওঁ জীৱনত প্রচুৰ অর্থ আহৰণ কৰিছে, কিন্তু সেইবোৰে সকলো সময়তে সহায়ক হৈ উঠা নাই৷ বেয়া সময়ত টকা–পইচায়ো মানুহক প্রকৃত সুখ–শান্তি দিব নোৱাৰে৷ উল্লেখ্য যে ২০১০ চনত ভাৰতীয় ব্যৱসায়ী তথা বাল্যবন্ধু ছোহৰাব মির্জাক একপ্রকাৰ প্রতাৰণা কৰি পাকিস্তানী অধিনায়ক ছোৱেইব মালিকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ছানিয়া মির্জা৷ যোৱা বছৰৰ জানুৱাৰীত হঠাতে সকলো সলনি হৈ যায়৷ ভাঙি যায় ছোৱেইব–ছানিয়াৰ ১৩ বছৰীয়া বৈবাহিক সম্পর্ক৷ তেওঁলোকৰ ইজহান নামৰ এটি ৫ বছৰীয়া সন্তানো আছে৷ জীৱনৰ এনে কঠিন সময়ত তাৰকাগৰাকীয়ে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে টকা–পইচাই সর্বোচ্চ নলয়৷ কেৱল ছানিয়াৰ উদাহৰণেই নহয়, শেহতীয়াকৈ গুজৰাটৰ হিম্মত নগৰৰ এগৰাকী ব্যৱসায়ীয়ে ২০০ কোটি টকাৰ সা–সম্পত্তি আনক দান কৰি সন্ন্যাস গ্রহণ কৰিছে৷ কনষ্ট্রাকচনৰ ব্যৱসায় কৰা এইগৰাকী ব্যৱসায়ীৰ ১৯ বছৰীয়া কন্যা আৰু ১৬ বছৰীয়া পুত্রই ২০২২ চনত সংসাৰৰ মায়ামোহ ত্যাগ কৰি সন্ন্যাস লৈছিল৷ তাকে দেখিয়ে অনুপ্রাণিত হয় তেওঁলোকৰ পিতৃ–মাতৃ৷ সেইবাবে যোৱা ফেব্রুৱাৰীত আনুষ্ঠানিকভাৱে সকলো সম্পত্তি দান কৰি লাহে লাহে ত্যাগ স্বীকাৰৰ প্রক্রিয়া আৰম্ভ কৰে৷ ইয়াৰ পিছতে কেইদিনমান পূর্বে এটি বিশেষ শোভাযাত্রাৰ আয়োজন কৰে গুজৰাটৰ এই দম্পতীয়ে৷ ৰাজকীয় পোছাক পিন্ধি এই শোভাযাত্রাতে যাৱতীয় সম্পত্তি বিতৰণ কৰে তেওঁলোকে৷ ২২ এপ্রিলত শপতগ্রহণৰ পিছতে আৰম্ভ হয় তেওঁলোকৰ সন্নাস জীৱন৷ এই দম্পতীৰ শেহতীয়া কার্যই পুনৰ অর্থসর্বস্ব জীৱনৰ প্রতি মানুহৰ অনীহাক প্রমাণ কৰিলে৷

You might also like