নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্বাধিক জনপ্রিয় মুখ্যমন্ত্রী

অসমক দেশৰ ভিতৰতে এখন অগ্রণী ৰাজ্যলৈ ৰূপান্তৰৰ সপোন দেখা ড০ হিমন্ত বিশ্ব শর্মাক দেশৰ ভিতৰতে সর্বাধিক জনপ্রিয় মুখ্যমন্ত্রী ৰূপে স্বীকৃতি প্রদান কৰা হৈছে৷ আইএএনএছ আৰু চি ভোটাৰে যুটীয়াভাৱে চলোৱা সমীক্ষাত মুখ্যমন্ত্রী ড০ শর্মা দেশৰ সর্বাধিক জনপ্রিয় মুখ্যমন্ত্রী ৰূপে চিহ্ণিত হোৱাৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী আৰু তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টালিনক জনপ্রিয় মুখ্যমন্ত্রীৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে৷ যোৱা ২৫ মে’ত নিউজ লাইভ আৰু চি ভোটাৰৰ সমীক্ষাত এই তথ্য প্রকাশ পাইছে যে মুখ্যমন্ত্রী ড০ শর্মাৰ কর্মদক্ষতাক লৈ ৰাজ্যৰ ৬০.২০ শতাংশ বাসিন্দা সুখী৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সামগ্রিক কাম–কাজত ৩৬.৭ শতাংশ লোক অতি সন্তুষ্ট বুলি সমীক্ষাটোত প্রকাশ পাইছে৷ যোৱা ১০ মে’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে এবছৰ সম্পূর্ণ কৰিছে৷ চৰকাৰ এখনৰ খতিয়ান লোৱাৰ জোখাৰে নিশ্চিতভাৱে এবছৰীয়া কার্যকাল যথেষ্ট নহয়৷ কিন্তু ২০২১ৰ বিধানসভা নির্বাচনত অভূতপূর্ব জনাদেশেৰে দ্বিতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কার্যভাৰ গ্রহণ কৰাৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্রত বলিষ্ঠ ভূমিকা গ্রহণ কৰিছে৷ দেশৰ ৰাজধানীৰ পৰা বহু যোজন দূৰত থকা অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়ন তথা বিকাশ আশাব্যঞ্জক নহয়৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭৫বছৰ হ’ল যদিও অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ সম উন্নয়ন হোৱা নাই৷ এনে অৱস্থাত অসমখনক দেশৰ এখন অগ্রণী ৰাজ্যলৈ উন্নীত কৰাটো নিশ্চিতভাৱে এক গভীৰ প্রত্যাহ্বান৷ কিন্তু এনে প্রত্যাহ্বান হেলাৰঙে অতিক্রম কৰি কাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ জোখাৰে মুখ্যমন্ত্রী ড০ শর্মাৰ প্রতিভা, যোগ্যতা আৰু একাগ্রতা আছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ কর্মদক্ষতাক তেওঁৰ বিৰোধী শিবিৰেও মানি লৈছে৷ ৰাজ্যখনৰ বাট–পথ, দলং আদি নির্মাণৰ পৰা আৰম্ভ কৰি চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি স্থাপনৰ ক্ষেত্রত শেহতীয়াকৈ চৰকাৰখনে গ্রহণ কৰা পদক্ষেপে ৰাজ্যখনক এখন উন্নত ৰাজ্যত পৰিণত কৰাত সহায়ক হৈ উঠিব৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত অসমত মাথোঁ তিনিখনহে চিকিৎসা মহাবিদ্যালয় আছিল৷ এতিয়া ৰাজ্যখনৰ প্রতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা লৈছে চৰকাৰখনে৷ একেদৰে ব্রহ্মপুত্রৰ ওপৰত নির্মাণ কৰা দলঙসমূহৰ জৰিয়তে ৰাজ্যখনৰ পথ যোগাযোগ ব্যৱস্থা সহজলভ্য হৈ উঠিছে৷
ৰাজ্যখনৰ সামগ্রিক বিকাশৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰা দৃঢ় পদক্ষেপক অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সর্বশ্রেণীৰ ৰাইজে ভাল পাইছে৷ খিলঞ্জীয়া লোকসকলৰ জাতি–মাটি–ভেটি সুৰক্ষাৰ বাবে দিয়া প্রতিশ্রুতি ৰূপায়ণৰ বাবে মিছন বসুন্ধৰাৰ অধীনত চৰকাৰখনে একাগ্রতাৰে কাম কৰিছে৷ ফলত কেইবালাখ খিলঞ্জীয়া লোকে তেওঁলোকৰ ভূমিৰ নথি–পত্র লাভ কৰিবলৈ সক্ষম হৈছে৷ ড০ শর্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ লগতে অসমবাসীৰ সামাজিক দায়িত্বও গুৰুত্বসহকাৰে পালন কৰিছে৷ অসমৰ জাতি–জনগোষ্ঠীসমূহ ভাষা–সাহিত্য–সংস্কৃত্ সুৰক্ষাৰ বাবে চৰকাৰখনে গ্রহণ কৰা ভূমিকা অনন্য৷ পূর্বৰ কোনো চৰকাৰে এইদৰে দৃঢ় ভূমিকা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাছিল৷ ম্যানমাৰৰ পৰা অসম হৈ বছৰ বছৰ ধৰি চলি থকা ড্রাগ্ছ আৰু অবৈধ মাৰণাস্ত্রৰ ক’লা সাম্রাজ্যৰ বিৰুদ্ধে বিগত এটা বছৰত চৰকাৰখনে গ্রহণ কৰিছে কঠোৰ পদক্ষেপ৷ এনে অবৈধ বেহাত জড়িতসকলৰ বিৰুদ্ধে চলোৱা আক্রমণাত্মক অভিযানত যথেষ্ট সফলতাও দেখা গৈছে৷ একাংশ লোকে এনে কঠোৰ পদক্ষেপৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ শর্মাক সমালোচনাও কৰিছে৷ কিন্তু এনে সমালোচনা সত্ত্বেও মুখ্যমন্ত্রী ড০ শর্মাই নিজৰ স্থিতিত অটল আছে আৰু সমাজৰ অধিকাংশ লোকে মুখ্যমন্ত্রীগৰাকীৰ স্থিতিক সমর্থন দিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই সপোন দেখিব জানে আৰু সেই সপোন বাস্তৱায়িত কৰিবলৈ প্রয়োজনীয় দৃঢ়তা, বুদ্ধিমত্তা আৰু কর্মদক্ষতা তেওঁৰ আছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত পঞ্চদশ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছে ড০ শর্মা৷ এই সময়ছোৱাত এহেজাৰৰো অধিক নেতা মন্ত্রী–বিধায়ক, সাংসদ আদি হৈছে৷ আন কথা নালাগে দেশে স্বাধীনতা লাভ কৰাৰ পাছত ৫গৰাকী প্রাক্তন মুখ্যমন্ত্রী অথবা মন্ত্রীৰ নাম মনত নাই সাধাৰণ লোকৰ মাজত৷ কিয়নো আমাৰ সমাজখনত প্রভাৱ বিস্তাৰ কৰিব পৰা ৰাজনৈতিক নেতাৰ সংখ্যা তেনেই নগণ্য৷ বিগত দুটা দশকৰ অসমৰ ৰাজনীতিত সর্বাধিক চর্চিত নেতাজনেই হ’ল বর্তমানৰ মুখ্যমন্ত্রী ড০ শর্মা৷ মুখ্যমন্ত্রীগৰাকীয়ে কোনো কাম গোপনে নকৰে৷ সমালোচনা হ’লেও মূৰ পোলোকা নামাৰে৷ সেয়ে ড০ শর্মাৰ জনপ্রিয়তা মাথোঁ অসমতে নহয়, সমগ্র দেশতে চর্চিত হৈছে৷ দেশৰ ভিতৰতে সর্বাধিক জনপ্রিয় মুখ্যমন্ত্রী ৰূপে ড০ শর্মা চিহ্ণিত হোৱাটো নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ বাবে গৌৰৱৰ কথা৷

You might also like