নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাত ৱেষ্ট নাইল ফিভাৰত আক্রান্তএজনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ৩১মেঃ  ক’ৰোনাৰ তাণ্ডৱৰ মাজতে কেৰালাত ‘ৱেষ্ট নাইল ফিভাৰ’ নতুন আতংকৰ কাৰণ হৈ পৰিছে৷ দক্ষিণৰ ৰাজ্যখনৰ ত্রিশূৰ জিলাত এই জ্বৰত আক্রান্ত হৈ মৃত্যু হৈছে এজন লোকৰ৷ বিগত তিনি বছৰৰ ভিতৰত মহৰ দ্বাৰা সংক্রমিত এই ৰোগত প্রথমবাৰলৈ কোনো লোক ৰাজ্যখনত মৃত্যুমুখত পৰিছে৷ লগে লগে ৰাজ্য চৰকাৰে জাৰি কৰিছে স্বাস্থ্য সতর্কতা৷ স্বাস্থ্য বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি মৃত এই লোকজনৰ দেহত ১৭ মে’ৰ পৰা জ্বৰ তথা অন্যান্য উপসর্গ দেখিবলৈ পোৱা গৈছে৷ কেইবাখনো হাস্পতালত লোকজনৰ চিকিৎসাও কৰা হৈছে যদিও তেওঁক ৰক্ষা কৰাটো সম্ভৱ নহ’ল৷

You might also like