নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিত দলবদল

‘আয়াৰাম গয়াৰাম’– ভাৰতীয় ৰাজনীতিত এটা পৰিচিত খণ্ডবাক্য৷ ৰাজনীতিত আগ্রহ থকা আৰু প্রায় সকলোৱে জনা এই খণ্ডবাক্যটোৰ জন্ম কাহিনী সংক্ষেপতে এনেধৰণৰ– হাৰিয়ানাৰ গয়ালালে ১৯৬৭ চনত নির্দলীয় প্রার্থী হিচাপে নির্বাচনত জয়লাভ কৰিছিল৷ তেওঁ ভাৰতীয় জাতীয় কংগ্রেছত যোগদান কৰিছিল আৰু তাৰ পিছত তেওঁ পষেকত তিনিবাৰকৈ দল সলনি কৰিছিল৷ প্রথমে হণ্ডিয়ান নেচনেল কংগ্রেছ হডনাহটেড ফ্রণ্টলৈ, তাৰ পিছত আহএনচিলৈ আৰু তাৰ পিছত ৯ ঘণ্টাৰ ভিতৰত পুনৰ হডনাহটেড ফ্রণ্টলৈ৷ গয়ালালে হডনাহটেড ফ্রণ্ট এৰি আহএনচিত যোগদান কৰা সময়ত আহএনচিৰ নেতা ৰাও বীৰেন্দ্র সিঙে চণ্ডীগডত এখন সংবাদ মেলত গয়ালালক ‘গয়াৰাম আয়াৰাম’ বুলি আখ্যা দিয়ে৷ হয়াৰ পিছৰ পৰাই দলবাগৰাসকলক ‘আয়াৰাম গয়াৰাম’ শব্দেৰে বুজোৱা আৰম্ভ হয়৷ সেয়া অর্ধশতিকাৰ আগৰ কথা– দেশৰ ৰাজনৈতিক পৰিস্থিতি আৰু কার্যপ্রণালী ভালেখিনি সলনি হ’ল, ৰাজনৈতিক মূল্যবোধৰ পৰিৱর্তন হ’ল, ৰাজনৈতিক কর্মস্থলীত প্রৱেশৰ নীতি–নিয়ম আৰু পদ্ধতিৰ সলনি হ’ল আৰু আটাইতকৈ গুৰুত্বপূর্ণ কথা যে ৰাজনৈতিক আদর্শৰ পতাকাৰ ঠাই লাহে লাহে দখল কৰিলে কর্মদক্ষতাই৷ ৰাইজৰ মৌন সমর্থনত এই নীৰৱ পৰিৱর্তনে দল পৰিৱর্তনৰ কথাটোৰ গুৰুত্ব লাহে লাহে নাইকিয়া কৰি দিলে৷ এটা কথা ঠিক যে প্রতিটো ৰাজনৈতিক দলৰ আদর্শই সর্বসাধাৰণ ৰাইজৰ মংগল সাধনৰ কথাই কয়৷ যদি ৰাইজৰ মংগল সাধন কৰিব পৰা কামত অংশগ্রহণ কৰিবলৈ কোনোবা এজন ব্যক্তিয়ে দলপৰিৱর্তন কৰে, তেনেহ’লে তাক সহজভাৱে আপত্তি কৰাৰ কথা থাকিব নোৱাৰে৷ এজন ব্যক্তি সদায়েই এটা দলৰ প্রতিয়েই বিশ্বাসী হৈ থাকিব বুলি ভবা কথাটো এতিয়াৰ সময়ত গ্রহণযোগ্য নহয়৷ দলৰ নেতাৰ পৰিচালনা সঠিক নোহোৱাৰ বাবেও কোনো কর্মীয়ে দলত্যাগ কৰাটো স্বাভাৱিক কথা৷ গণতন্ত্রত দলৰ কথাটো প্রথম, ব্যক্তিৰ কথা তাৰ পিছতহে আহিব বুলি কোৱা হ’লেও এতিয়া ৰাইজে দলৰ লগতে ব্যক্তিৰ পাৰদর্শিতাৰ কথাৰ পিনেও মনযোগ দিয়ে৷
এটা কথা সকলোৱে মানি লয় যে স্বাধীনতা আন্দোলনৰ সময়ৰ ৰাজনৈতিক আদর্শত এতিয়াৰ ৰাজনৈতিক দল পৰিচালিত নহয়৷ এতিয়াৰ ৰাজনৈতিক দলবোৰ এটা আনটোৰ কেতিয়াবা শত্রু, কেতিয়াবা মিত্র৷ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ পতন ঘটাবলৈ ৰাজনৈতিক আদর্শৰ কথা বাদ দি বহুকেইটা সাপ–নেউল দলো একেলগ হৈছিল৷ তেনেদৰে অটল বিহাৰী বাজপেয়ীয়ে নৰসিংহ ৰাওক সমর্থন কৰাৰ কথাও প্রকাশ হৈছিল৷ প্রথমটোত আছিল ক্ষমতাৰ গাদীৰ লোভ, দ্বিতীয়টোত আছিল দেশৰ প্রতি দায়বদ্ধতা৷ এতিয়াৰ ৰাজনীতি মূলতঃ ক্ষমতাকেন্দ্রিক, প্রশাসনকেন্দ্রিক৷ সেইবাবেই ৰাজনীতিত থকা সকলোৱে ক্ষমতাৰ কৰিড’ৰত অহা–যোৱা কৰিব বিচৰাটো স্বাভাৱিক৷ বিজেপিৰ বিৰোধিতা কৰি আনক ভোট দিবলৈ অনুৰোধ কৰিবলৈ আগবাঢ়ি অহা বুদ্ধিজীৱীসকলো যে একোটা ৰাজনৈতিক দলৰ ক্ষমতালোভৰ প্রচাৰক, সেই কথা এতিয়া সকলোৱে সহজেই বুজি পায়৷ বামপন্থীৰ আদর্শৰ পতাকা কঢ়িয়াই থকা ‘স্তাৱক–ঘোষিত’ বুদ্ধিজীৱীয়ে সাম্প্রদায়িক নেতাৰ লগত মৌন সন্ন্যাসীৰ দৰে সভা কৰা, কংগ্রেছৰ সৰু–বৰ নেতাৰ লগত বহি মিতিৰালি কৰা কামবোৰো যে একোটা বিশেষ ৰাজনৈতিক দলৰ সপক্ষে কৰা প্রচাৰ, তাত আদর্শ একো নাই সেই কথা ইতিমধ্যে প্রমাণিত৷ এতিয়া ৰাজনৈতিক কামত অংশগ্রহণ একধৰণৰ জীৱিকা হিচাপে গণ্য কৰা হয়৷ ৰাজনৈতিক নেতাসকলৰ দুয়োকাষে থকা সহকর্মীসকলৰ বাবেও ৰাজনীতি একোটা জীৱিকা৷ এই সত্যটো মনত ৰাখিয়েই এতিয়াৰ ৰাজনীতিত শিক্ষিত আৰু প্রশিক্ষিত লোকৰ প্রয়োজন সকলোৱে উপলব্ধি কৰিছে৷ এই ধৰণৰ শিক্ষা দিয়া ভালেমান শিক্ষানুষ্ঠান ভাৰতৰ বিভিন্ন ঠাইত আৰম্ভ হৈছে৷ অসমতো এই ধৰণৰ শিক্ষানুষ্ঠান অথবা বিশেষ পাঠদানৰ ব্যৱস্থা আৰম্ভ কৰাৰ সময় হৈ গৈছে৷ অসম চৰকাৰ আৰু ইয়াত থকা বিভিন্ন বিশ্ববিদ্যালয়বোৰে এই দিশত চিন্তা–ভাবনা কৰা উচিত৷ আনকি ৰাজনৈতিক দলবোৰেও এনে শিক্ষা প্রতিষ্ঠানৰ কথা ভবাটো জৰুৰী৷

You might also like