নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি মিত্ৰজোঁটক মুকলি সমৰ্থন চিলাৰায় উন্নয়ন মঞ্চৰ

নিয়মীয়া বাৰ্তা, ৩০ মার্চঃ চিলাৰায় উন্নয়ন মঞ্চৰ কেন্দ্রীয় সভাপতি বিক্রম জিৎ ৰায়ে আজি এক সংবাদ মেলৰ জৰিয়তে বিজেপি মিত্রজোঁটক পূর্ণ সমর্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।  কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে কোচ ৰাজবংশী জনগােষ্ঠীৰ উন্নয়নৰ কাৰণে একোৱেই নকৰিলে বুলি সংবাদ মেলত অভিযোগ উত্থাপন কৰে।

কংগ্ৰেছ দলে জনগোষ্ঠীটোক অৱজ্ঞা কৰাৰ বিপৰীতে বিজেপি মিত্রজোঁট চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে যি KAC আৰু KRDC গঠন কৰি দিলে তাৰ কাৰণে চিলাৰায় উন্নয়ন মঞ্চৰ সভাপতিজনে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনক ধন্যবাদ জনােৱা লগতে কোচ-ৰাজবংশী জনগােষ্ঠীক জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আহ্বান জনায়।

জনজাতিকৰণৰ ক্ষেত্ৰত ইতিমধ্যে ৯০ শতাংশ কাম সম্পূৰ্ণ কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ আস্থা আৰু বিশ্বাস আদায় কৰিবলৈ সক্ষম হোৱা বিজেপি মিত্রজোঁট চৰকাৰখনক ভােট দি জয়যুক্ত কৰিবলৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভোটাৰ ৰাইজক সংবাদ মেলৰ জৰিয়তে চিলাৰায় উন্নয়ন মঞ্চৰ সভাপতি বিক্ৰম জিৎ ৰায়ে আহ্বান জনায়।

You might also like