নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰব-ইছলামিক নাটোৰ প্রস্তাৱ

ইজৰাইল আৰু সন্ত্রাসবাদী সংগঠন হামাছৰ মাজত যুদ্ধই মধ্যপ্রাচ্যত উত্তেজনা বৃদ্ধি কৰি ৰাখিছে৷ ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত ভয়াৱহ আক্রমণ চলোৱাৰ কিছু সময় পাছতে গাজাত হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ইজৰাইলে আৰু তেতিয়াৰ পৰা হামাছক সমূলঞ্চে নিঃশেষ কৰাৰ অভিযান চলি আছে৷ ইহুদী ৰাষ্ট্র ইজৰাইলে আকাশমার্গ, স্থলভাগেৰে হামাছক নিঃশেষ কৰাৰ বাবে আক্রমণ চলাই আছে৷ হামাছৰ গাজা বিধ্বস্ত কৰি তোলা হৈছে, হাজাৰ হাজাৰ লোকৰ প্রাণহানি হৈছে৷ লক্ষাধিক লোক ভগনীয়া হৈছে৷ হামাছক সমর্থনকাৰী বিদ্রোহ সংগঠনস্থিত বিভিন্ন দেশত ইজৰাইলে সমান্তৰালকৈ আক্রমণ চলাই আছে৷ লেবানন, য়েমেন, ছিৰিয়াকে ধৰি চুবুৰীয়া দেশত হামাছৰ নেতাৰ সন্ধানত আকাশমার্গেৰে ইজৰাইলে আক্রমণ চলাই আছে৷ ইজৰাইলৰ পৰা হামাছে পণবন্দী কৰি নিয়া লোকসকলক মুকলি কৰাৰ স্বার্থত দুবাৰকৈ যুদ্ধবিৰতি হৈছে যদিও এতিয়ালৈকে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ হোৱা নাই৷ কাটাৰ, আমেৰিকা যুক্তৰাষ্ট্রৰ হস্তক্ষেপত যুদ্ধবিৰতি হ’লেও হামাছে পণবন্দী মুকলি কৰি দি যুদ্ধখন যেন সমাপ্ত কৰিব খোজা নাই৷ গাজাৰ হামাছৰ বহু শীর্ষ নেতাক ইজৰাইলী সেনাই হত্যা কৰিবলৈ সক্ষম হৈছে৷ গাজা চহৰৰ ভিতৰত প্রৱেশ কৰি ইজৰাইলে অভিযান আৰম্ভ কৰিছে৷ গাজাৰ লগতে পেলেষ্টাইনতো ইহুদী ৰাষ্ট্রখনে আক্রমণ চলাই আহিছে৷ ইজৰাইলৰ আক্রমণ বৃদ্ধি পোৱা সত্ত্বেও হামাছৰ প্রতি চুবুৰীয়া ৰাষ্ট্রস্থিত বিদ্রোহী সংগঠনে ইজৰাইলবিৰোধী স্থিতিক অধিক আগ্রাসী কৰি তুলিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ইজৰাইলেও নিজৰ সামৰিক অভিযান তীব্রতৰ কৰিছে৷ ইছলামিক সংগঠন হামাছৰ ওপৰত ইজৰাইলৰ আক্রমণক লৈ ইছলামিক সংগঠন আৰু দেশসমূহ ক্ষুণ্ণ হৈ আহিছে৷ ইৰানকে ধৰি বিভিন্ন দেশে ইজৰাইলৰ ওপৰত মুকলিকৈ ক্ষোভ প্রকাশ কৰি আহিছে যদিও কিছুসংখ্যক দেশে মুকলিকৈ প্রকাশ কৰা নাই৷ আনপিনে হামাছক সম্পূর্ণ নিঃশেষ নকৰালৈকে ইজৰাইলে যুদ্ধ সমাপ্ত নকৰাৰ ঘোষণা কৰিছে৷ বিশ্বৰ কোনো দেশ কিম্বা ৰাষ্ট্রসংঘৰ আহ্বানকো আওকাণ কৰি আহিছে৷
ইয়াৰ মাজতে ইজৰাইলে হামাছ সন্ত্রাসবাদীক লক্ষ্য কৰি কাটাৰৰ ৰাজধানী ডোহাত ভয়াৱহ আক্রমণ চলায়৷ ডোহাত আকাশমার্গেৰে ইজৰাইলৰ প্রতিৰক্ষা বাহিনীয়ে আক্রমণ চলোৱাৰ পাছতেই পৰিস্থিতিয়ে নতুন গতি লৈছে৷ ইহুদী ৰাষ্ট্রখনৰ বিৰুদ্ধে একত্রিত হৈছে আৰব বিশ্ব৷ ইছলামিক দেশসমূহে একত্রিত হৈ ইছলামিক নাটো তথা আৰব নাটো গঠনৰ প্রস্তাৱ লৈছে৷ ৪০তকৈ অধিক ইছলামিক ৰাষ্ট্র মিলিত হৈ ইহুদী ৰাষ্ট্রখনৰ বিৰুদ্ধে একত্রিত ব্যৱস্থা গ্রহণৰ পৰিকল্পনা লৈছে৷ ডোহাত ৪০তকৈ অধিক আৰব দেশ আৰু ইছলামিক ৰাষ্ট্র একত্রিত হোৱাটো তাৎপর্যপূর্ণ৷ এই দেশসমূহে ‘আৰব–ইছলামিক নাটো’ শীর্ষক সন্মিলিত সামৰিক বাহিনী গঠন কৰিব৷ আৰব নাটো তথা ইছলামিক নাটো গঠনৰ প্রস্তাৱ ইজৰাইলৰ বাবে নেতিবাচক হ’ব৷ ঠিক তেনেদৰে এই আৰব নাটোত পাকিস্তানৰ অংশগ্রহণ ভাৰতৰ বাবেও উদ্বেগজনক৷ যোৱা ৯ ছেপ্টেম্বৰত ডোহাত হামাছ নেতাৰ ওপৰত আক্রমণ আৰু ইয়াৰ পাছতেই ইজৰাইলৰ বিৰুদ্ধে ডোহাতেই ইছলামিক ৰাষ্ট্রৰ জৰুৰী বৈঠক৷ এই বৈঠকত ইউএই, তুৰস্ক, বাহৰেইন, ইজিপ্ত, জর্ডান, মৰক্কো, ইৰান, ইৰাক আদি ৪০তকৈ অধিক দেশে গ্রহণ কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্র নেতৃত্বাধীন পশ্চিমীয়া দেশৰ সন্মিলিত সামৰিক বাহিনী ‘নাটো’ৰ আর্হিত গঠন হ’ব ইছলামিক নাটো৷ ইছলামিক নাটোত পশ্চিমীয়া দেশৰ ‘নাটো’ৰ সদস্য ৰাষ্ট্র তুৰস্কয়ো অংশগ্রহণৰ সম্ভাৱনা আছে৷ কিয়নো তুৰস্কৰ ৰাষ্ট্রপতিয়ে ডোহাৰ জৰুৰী বৈঠকত অংশগ্রহণ কৰিছে৷ মন কৰিবলগীয়া যে আৰব আৰু ইছলামিক দেশৰ সন্মিলিত সামৰিক বাহিনী ইছলামিক নাটো গঠনৰ পৰিকল্পনা নতুন নহয়৷ ইয়াৰ পূর্বেও ২০১৫ চনত ইয়াৰ কুচকাৱাজ চলিছিল৷ য়েমেন আৰু লিবিয়া সমস্যা সমাধানৰ বাবে ইজিপ্তে আৰব সামৰিক বাহিনী গঠনৰ পৰামর্শ দিছিল৷ বহু দেশে সমর্থন দিলেও বাস্তৱত সেয়া কার্যকৰী হৈ নুঠিল৷ একেই বর্ষতেই ছৌদি আৰবে ৩৪ মুছলিম ৰাষ্ট্রক লৈ সন্ত্রাসবাদৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ ‘মুছলিম নাটো’ গঠন কৰিছিল৷ বহুকেইখন আফ্রিকাৰ দেশেও সমর্থন কৰিছিল৷ আমেৰিকা যুক্তৰাষ্ট্রই সমর্থন কৰিছিল কিন্তু সেয়া সঠিক ৰূপত কার্যকৰী হৈ নুঠিল৷ ডোহাত উত্থাপিত ‘আৰব–ইছলামিক নাটো’ৰ প্রস্তাৱ কার্যকৰী হৈ উঠিবনে তাক লৈ নিশ্চয়তা নাই৷ তথাপি এই সন্মিলিত সামৰিক বাহিনীত পাকিস্তানৰ সমর্থন ভাৰতৰ বাবে উদ্বিগ্ণতাৰ বিষয় হৈ উঠিছে৷ কিয়নো এই মঞ্চৰ জৰিয়তে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আন্তর্জাতিক সমুদায়ৰ মাজত কূটনীতি চলাব পাৰে৷ ঠিক তেনেদৰে তুৰস্কৰ অন্তর্ভুক্তিও ভাৰতৰ বাবে নেতিবাচক৷

You might also like