নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেইৰুটৰ ৰাসায়নিক বিভীষিকা

মধ্য প্রাচ্যৰ ৰাজ্য লেবাননৰ ৰাজধানী বেইৰুটৰ বন্দৰ অঞ্চলত অসুৰক্ষিত অৱস্থাত গুদামত ৰখা ২,৭৫০ টন এম’নিয়াম নাইট্রেটত সংঘটিত বিস্ফোৰণৰ বিভীষিকাই জোকাৰণি তুলিছে বিশ্বত৷ এই বিস্ফোৰণৰ ফলত ধ্বংস হৈছে ৰাজধানী চহৰখনৰ বহু প্রাসাদ৷ জ্বলি গৈছে কেইবাশও বাহন৷ অকল সেয়াই নহয়, বিস্ফোৰণৰ ফলত সমগ্র বেইৰুটত সৃষ্টি হৈছিল ৩.৩ প্রাবল্যৰ কম্পনাংক৷ তাৎক্ষণিকভাৱে এই বিস্ফোৰণত শতাধিক লোকে প্রাণ হেৰুৱায়৷ পৰৱর্তী সময়ত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই ডেৰ শতাধিকলৈ৷ ইফালে ৫ সহস্রাধিক লোক এই ভয়াৱহ বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে৷ আহত লোকসকলক ৰাজধানী বেইৰুটৰ হাস্পতালত চিকিৎসা কৰাৰ ক্ষেত্রত দেশখনৰ চৰকাৰ নতুন সমস্যাৰ সন্মুখীন হৈছে৷ কাৰণ ইমানসংখ্যক গুৰুতৰভাৱে আহত লোকক তাৎক্ষণিকভাৱে চিকিৎসা প্রদান কৰাৰ ক্ষমতা নাই লেবাননৰ৷ গতিকে আন্তর্জাতিক সম্প্রদায়ে দেশখনৰ এই মহাবিপর্যয়ৰ সময়ত সাহায্যৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে৷ বেইৰুটৰ মেয়ৰ মাৰৱান আবুডে সংবাদ মাধ্যমক জনোৱা অনুসৰি বিস্ফোৰণৰ ফলত কেইবাশ মিটাৰলৈ আৱাসিক প্রাসাদবোৰ ধ্বংস হোৱাৰ ফলত গৃহহীন হৈছে তিনি লক্ষাধিক লোক৷ তাৎক্ষণিকভাৱে চৰকাৰে বেইৰুটৰ পুনৰ নির্মাণ এক দুঃসাধ্য কাম হ’ব বুলিও ঘোষণা কৰিছে৷ চৰকাৰৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ক্ষতিগ্রস্ত বাসগৃহবোৰৰ পুনৰ নির্মাণতেই খৰচ হ’ব ১৫০০ কোটি মার্কিন ডলাৰ৷ ২০১৩ চনত ৰাছিয়ান মালিকানাধীন এখন কার্গ’ জাহাজ বেইৰুটৰ বন্দৰত উপস্থিত হৈছিল এই বৃহৎ পৰিমাণৰ এম’নিয়াম নাইট্রেট লৈ৷ কিন্তু জাহাজখনৰ যান্ত্রিক বিজুতিৰ বাবেই এই এম’নিয়াম নাইট্রেট বন্দৰতে ৰখা হয়৷ পৰৱর্তী সময়ত জাহাজ আৰু বৃহৎ পৰিমাণৰ এম’নিয়াম নাইট্রেটৰ কোনো গৰাকী বিচাৰি উলিয়াবলৈ সক্ষম নহ’ল লেবানন৷ কেইবাটাও সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি লেবানন চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্রী বিষাক্ত এম’নিয়াম নাইট্রেটৰ চোৰাং সৰবৰাহত জড়িত আছিল৷ সেয়া এক অন্য বিষয়৷ কিন্তু এই বিষাক্ত ৰাসায়নিক সামগ্রী কোনোধৰণৰ সুৰক্ষা ব্যৱস্থা গ্রহণ নকৰাকৈয়ে বেইৰুট প্রশাসনে বন্দৰৰ গুদামত বন্ধ কৰি ৰখাটো আছিল আশ্চর্যকৰ বিষয়৷ সাধাৰণতে কৃষিক্ষেত্রত সাৰ আৰু বিস্ফোৰক হিচাপে এম’নিয়াম নাইট্রেট ব্যৱহাৰ কৰা হয়৷ ইয়াৰ ভয়াৱহতা সম্পর্কত কোনো এখন দেশৰ চৰকাৰে কেতিয়াও গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই৷
ৰাসায়নিক সামগ্রীয়ে ঘটাব পৰা বিপর্যয়ৰ বিষয়টোক গুৰুত্ব আৰোপ নকৰাৰ বাবেই আজি বেইৰুট সন্মুখীন হৈছে বিভীষিকাৰ৷ লক্ষণীয়ভাৱে বিশ্বজুৰি বিভিন্ন সময়ত ৰাসায়নিক ক্ষেত্রৰ দুর্যোগে অসংখ্য লোকৰ প্রাণ কাঢ়িছে৷ ১০১৬ চনৰ পৰা আজিলৈকে পৃথিৱীজুৰি ৩০টাকৈ এনে বিপর্যয়ৰ ঘটনা সংঘটিত হৈছে৷ অৱশ্যে ইয়াৰ কেবাটাও মানুহৰ অভিসন্ধিমূলক বিপর্যয় হিচাপে সংঘটিত হৈছে৷ ১৯৪৭ত টেক্সাছ চহৰত এম’নিয়াম নাইট্রেট বিস্ফোৰণৰ ফলত ৬ শতাধিক লোকৰ মৃত্যু হৈছিল৷ এই বিস্ফোৰণত ধ্বংস হৈছিল ৫ শতাধিক বাসগৃহ৷ সেইদৰে ১৯৯৫ চনত আমেৰিকান সন্ত্রাসবাদী টিম’থি মেকভেইগ আৰু পেৰী নিক’লছে ৰাসায়নিক সামগ্রীৰে প্রস্তুত কৰা ট্রাক বোমাৰে ওকলাহোমা চহৰত সংঘটিত কৰিছিল নৰসংহাৰ৷ য’ত ১৬৮গৰাকী লোকৰ মৃত্যু হৈছিল৷ মাত্র ৫ বছৰ পূর্বে চীনা চহৰ টিয়ানজিনত ৮০০ টন এম’নিয়াম নাইট্রেট মজুত ৰখা গুদাম এটাত সংঘটিত বিস্ফোৰণত প্রাণ হেৰুৱাইছিল ১৭৩গৰাকী লোক৷ এনে ভয়াৱহ ইতিহাস থকা সত্ত্বেও বেইৰুট প্রশাসন কিয় অসুৰক্ষিত এম’নিয়াম নাইট্রেটৰ গুদামক লৈ উদ্বিগ্ণ নাছিল সেয়া আশ্চর্যৰ বিষয়৷ বিধ্বংসী বিস্ফোৰণৰ পিছত এতিয়া বেইৰুটত কেৱল আহত লোকৰ আর্ত চিৎকাৰ শুনাৰ পিছত বিশ্ববাসী হতচকিত হৈ পৰিছে৷ কিন্তু ইয়াৰ পৰা বিশ্বই কি শিক্ষা গ্রহণ কৰিব সেয়াহে হৈছে গুৰুত্বপূর্ণ প্রশ্ণ৷ বেইৰুটৰ ঘটনাই যদি বিশ্ববাসীক ৰাসায়নিক বিভীষিকা সন্দর্ভত সজাগ নকৰে, তেন্তে ইয়াৰ পুনৰাবৃত্তি বাৰে বাৰে ঘটিব৷

You might also like