নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰুণানিধিৰ জ্যেষ্ঠ পুত্রই জন্ম দিব ৰাজনৈতিক দল

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: তামিলনাডুত ডি এম কে দলৰ প্রতিষ্ঠাতা প্রয়াত এম কৰুণানিধিৰ জ্যেষ্ঠ পুত্র এম কে আলাগিৰিয়ে নতুন ৰাজনৈতিক দলৰ জন্ম দিয়াৰ চিন্তা–চর্চা চলাইছে৷ এক সূত্র অনুসৰি আলাগিৰিৰ এই নতুন ৰাজনৈতিক দলটোৰ নাম হ’ব পাৰে কালাইগনাৰ ডি এম কে অথবা কে ডি এম কে৷ এই নতুন ৰাজনৈতিক দললৈ আলাগিৰিৰ পুত্র দয়ানিধিয়েও প্রত্যাৱর্তন কৰাৰ সম্ভাৱনা আছে৷

লক্ষণীয়ভাৱে তামিলনাডুত অভিনেত্রী তথা ৰাজনীতিক খুচবুৱে বিজেপিত যোগদান কৰাৰ পিছতে গেৰুৱা দলটোৱে এম কে আলাগিৰিৰ সমর্থন লাভৰ প্রচেষ্টা চলাইছে৷ অকল সেয়াই নহয়, ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনৰো সমর্থন বিচাৰি আছে বিজেপিয়ে৷ ২০২১ৰ বিধানসভা নির্বাচনৰ পূর্বে তামিলনাডুত এম কে আলাগিৰিৰ নেতৃত্বত জন্ম হ’ব লগা নতুন ৰাজনৈতিক দলটোৰ সৈতে বিজেপিয়ে মিত্রতা কৰিব পাৰে৷

ইতিমধ্যে আলাগিৰিৰ শিবিৰৰ সৈতে বিজেপি নেতৃত্বৰ মাৰাথন আলোচনা চলি আছে৷ যদি আলাগিৰিয়ে বিজেপিৰ সৈতে অনুষ্ঠিত আলোচনা অনুসৰি প্রস্তাৱিত নতুন মর্চা সন্দর্ভত সঁহাৰি জনায়, তেন্তে ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্রখনলৈ আহি পৰিব নতুন সমীকৰণ৷ আগন্তুক ২১ নৱেম্বৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে আলাগিৰিয়ে আলোচনা কৰাৰ সম্ভাৱনাও আছে৷

You might also like