টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত বৰ্ষাপাৰা : গুৱাহাটীত উপস্থিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ
প্ৰথমবাৰৰ বাবে ঘৰুৱা ষ্টেডিয়ামত টেষ্ট খেলিব ৰাজস্থান ৰয়েলছৰ তিনি ক্ৰিকেটাৰে
গুৱাহাটীৰ এ চি এ ষ্টেডিয়াম বৰ্ষাপাৰা ত ২২ নৱেম্বৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব লগা ঐতিহাসিক টেষ্ট মেচত অংশ লোৱাৰ বাবে আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকা দল মহানগৰীত উপস্থিত হৈছে৷ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ গান্ধী-মেণ্ডেলা শৃংখলাৰ এয়া গুৰুত্বপূৰ্ণ দ্বিতীয় মেচ৷
অসম তথা উত্তৰ-পূৱৰ বাবে গৌৰৱময় এই টেষ্টখন আই পি এল দল ৰাজস্থান ৰয়েলছৰ তিনিগৰাকী ক্ৰিকেটাৰৰ বাবেও স্মৰণীয় হৈ পৰিছে৷
উল্লেখ্য যে গুৱাহাটী ৰাজস্থান ৰয়েলছৰ দ্বিতীয় ঘৰ৷ আৰ আৰ দলৰে তিনি ক্ৰিকেটাৰ যশস্বী জয়ছোৱাল, ধ্ৰুৱ জুৰেল আৰু নতুন ছিজিনৰ বাবে ৰয়েলছলৈ প্ৰত্যাৱৰ্তন কৰা ৰবীন্দ্ৰ জাদেজাই প্ৰথমবাৰৰ বাবে ঘৰুৱা ষ্টেডিয়ামত টেষ্ট খেলাৰ সুযোগ লাভ কৰিব৷
কাৰ্যতঃ গুৱাহাটীৰ অনুৰাগীৰ মাজলৈ ঘুৰি আহিছে ৰাজস্থান ৰয়েলছৰ ত্ৰিমুৰ্তি তাৰকা৷ উল্লেখ্য যে আৰ আৰ দলৰ জন্মলগ্নৰ ষ্টেডিয়াম জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত এখনে টেষ্ট হৈছিল ১৯৮৭ ত ভাৰত-পাকিস্তানৰ মাজত৷ সেয়েহে আই পি এলৰ উদ্বোধনী বৰ্ষৰ [২০০৮] চেম্পিয়ন ৰাজস্থান ৰয়েলছৰ কোনো এগৰাকী ক্ৰিকেটাৰেই ইমান দিনে ঘৰুৱা সমৰ্থকৰ সন্মুখত টেষ্ট খেলাৰ সুযোগ পোৱা নাই৷
গুৱাহাটীৰ ঐতিহাসিক টেষ্টখনে আই পি এল দলটোৰ তথা খেলুৱৈৰ অপূৰ্ণ গৌৰৱৰ ঘটনা এটা বাস্তৱ কৰিব৷ যোৱা তিনিটা ছিজনত অসম তথা উত্তৰ-পূৱৰ মৰম লাভ কৰি গুৱাহাটীত ঘৰুৱা মেচ খেলা ৰাজস্থান ৰয়েলছৰ তিনি ক্ৰিকেটাৰে আসন্ন টেষ্টখনতো সমৰ্থকৰ পৰা উৎসাহ লাভ কৰিব বুলি আশাবাদী৷
অসম চৰকাৰ আৰু অসম ক্ৰিকেট সন্থাৰ আগ্ৰহ তথা সম্পূৰ্ণ সহযোগিতাৰ বাবেই আৰ আৰ দলৰ অধ্যক্ষ তথা অসম সন্তান ৰঞ্জিত বৰঠাকুৰে গুৱাহাটীলৈ আই পি এল মেচ লৈ আহিছিল আৰু সমগ্ৰ উত্তৰ-পূৱৰ ক্ৰিকেটপ্ৰেমীয়ে ৰয়েলছক নিজৰ দলৰূপে ষ্টেডিয়ামৰ ভিতৰে-বাহিৰে সমৰ্থন কৰি আহিছে৷
ইফালে, আই চি চিৰ পুৰুষ-মহিলাৰ বিশ্বকাপৰ মেচৰ লগতে আন্তৰ্জাতিক এদিনীয়া, টি-২০ তথা আই পি এলৰ খেল অনুষ্ঠিত হোৱা এ চি এ ষ্টেডিয়ামত আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ মেচ অনুষ্ঠিত হৈ ক্ৰিকেটৰ ধ্ৰুপদী সংস্কৰণৰ অভিষেক হোৱাটো এক ঐতিহাসিক ঘটনাৰূপে চিহ্নিত হ’ব৷
অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগ, বিচিচিআইৰ সচিব অসম সন্তান দেবজিত শইকীয়াৰ নিৰলস চেষ্টা তথা আই চি চিৰ অধ্যক্ষ জয় শ্বাসৰ সমৰ্থনে অসম তথা উত্তৰ-পূৱক এই গৌৰৱৰ অধিকাৰী কৰিছে৷ এতিয়া সকলোৰে অপেক্ষা আৰু উৎকণ্ঠা অহা ২২ নৱেম্বৰলৈ৷ প্ৰথম টেষ্টত টীম ইণ্ডিয়া পৰাস্ত হোৱাৰ পাছত দেশৰ লগতে বিশ্ববাসীৰো দৃষ্টি থাকিব গুৱাহাটীৰ গৌৰৱময় প্ৰথম টেষ্টত৷
ডিজিটেল ডেস্ক, ১৯ নৱেম্বৰ